ETV Bharat / state

খহনীয়াত দিশহাৰা লাখ লাখ পৰিয়াল: ৯ শতাধিক গাঁৱৰ অস্তিত্ব সংকটত

বান আৰু খহনীয়াত সবাতোকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জিলা কোনখন আপুনি জানেনে ?

existence of more than 900 villages in crisis
ৰাজ্য়ত বিস্তৰ ক্ষতিসাধন কৰিছে খহনীয়াই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 7:48 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ বাবে অভিশাপস্বৰূপ বান আৰু খহনীয়াই প্ৰত্যেক বছৰেই ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে । লাখ লাখ লোকক সৰ্বহাৰা কৰি আহিছে । এক কথাত বান-খহনীয়াই ৰাজ্যখনৰ মানচিত্রই সলনি কৰি পেলাইছে ।

নোহোৱা হ'ল বহুতো ঐতিহাসিক ঠাইৰ ঠিকনা । খহনীয়াগ্ৰস্তই অসহায়ভাৱে মাথো প্ৰত্য়ক্ষ কৰিছে সপোনৰ ঘৰখনৰ লগতে নিজৰ খেতিপথাৰ, ধৰ্মীয় অনুষ্ঠান আৰু শিক্ষানুষ্ঠান আদি নদীৰ বুকুত জাহ যোৱাৰ অসহনীয় দৃশ্য় ।

ইতিমধ্যে খহনীয়াই ৰাজ্যখনৰ চাৰি শতাধিক গাঁও অসমৰ মানচিত্রৰ পৰা নোহোৱা কৰাৰ সবিশেষ ইয়াৰ আগৰ প্ৰতিবেদনত তথ্য সহকাৰে দাঙি ধৰা হৈছিল । এই প্ৰতিবেদনত খহনীয়াৰ আন এটা দিশ উল্লেখ কৰা হৈছে ।

দিছপুৰৰ জনতা ভৱনস্থিত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এগৰাকী প্ৰকল্প প্ৰবন্ধকে দিয়া তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

existence of more than 900 villages in crisis
ৰাজ্য়ত বিস্তৰ ক্ষতিসাধন কৰিছে খহনীয়াই (ETV Bharat Assam)

খহনীয়াৰ শংকাত নৈপৰীয়া জনতা :

ৰাজ্যখনত খহনীয়াৰ ফলত প্ৰবল প্রত্যাহ্বানৰ সন্মুখীন হৈছে ৯ শতাধিক গাঁও । নৈৰ খহনীয়াই এই গাঁওসমূহৰ ৰাইজক আতংকিত কৰি আহিছে । ৰাজ্যৰ ব্ৰহ্মপুত্ৰ-বৰাক আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াৰ তীব্ৰতাই যিকোনো মুহূর্ততে এই গাঁওসমূহৰ চিন-মোকাম নোহোৱা কৰাৰ আশংকাই গা কৰি উঠিছে । যিকোনো মুহূৰ্ততে এই গাঁওসমূহ নৈৰ বুকুত বিলীন হৈ যাব পাৰে ।

সৰ্বাধিক প্ৰত্যাহ্বানৰ সন্মুখীন ধুবুৰী :

উল্লেখ্য যে ৰাজ্যখনৰ বহুকেইখন জিলাৰ ৯৭২ খন গাঁও আংশিকভাৱে ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে । এইক্ষেত্রত সকলোতকৈ বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জিলাখন হৈছে ধুবুৰী জিলা । ধুবুৰী জিলাৰ ১৫১ খন গাঁও খহনীয়াৰ দ্বাৰা প্ৰভাৱিত । খহনীয়াই বেছিকৈ ভীতিগ্ৰস্ত কৰি ৰাখিছে ধুবুৰী জিলাৰ আঠানী ৰাজহ চক্ৰটোৰ লোকসকলক । ৰাজ্যৰ ভিতৰতে সৰ্বাধিক খহনীয়াৰ তীব্ৰতা অব্যাহত আছে এই ৰাজহ চক্ৰটোত । ৰাজহ চক্ৰটোৰ ৫৫ খন গাঁও ইতিমধ্যে খহনীয়াৰ কবলত পৰিছে ।

existence of more than 900 villages in crisis
খহনীয়াৰ ভয়াৱহ ৰূপ (ETV Bharat Assam)

মানচিত্র সলনি কৰাৰ পাছতো গুৰুত্ব নাই চৰকাৰৰ :

অতি উদ্বেগৰ বিষয় যে নৈৰ বুকুত ইতিমধ্যে ৰাজ্যখনৰ লাখ লাখ বিঘা মাটি জাহ গৈছে । অসমৰ মানচিত্ৰৰ পৰা ইতিমধ্যে চাৰি শতাধিক গাঁও হেৰাই গৈছে আৰু বহু গাঁও অনাগত দিনত হেৰাই যোৱাৰ দিশে গতি কৰিছে । অতি পৰিতাপৰ বিষয় যে খহনীয়াৰ এই ভয়াৱহতাৰ প্ৰতি কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কোনো গুৰুত্ব নাই । চৰকাৰৰ গাফিলতিৰ বাবেই ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা খহনীয়াই ইতিমধ্যে লাখ লাখ লোকক সৰ্বস্বান্ত কৰিছে ।

লক্ষণীয় বিষয় যে ৰাজ্যখনৰ ৭০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৭২ খন গাঁৱৰ ৰাইজক খহনীয়াৰ আতংকই খেদি ফুৰিছে । ৰাজ্যখনৰ ২৩ খন জিলাৰ জিলা আয়ুক্তৰ এই উদ্বেগজনক তথ্য লাভ কৰাৰ পাছতো কিন্তু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে ৰাজ্যৰ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য নকৰিলে ।

existence of more than 900 villages in crisis
খহনীয়াৰ ভয়াৱহ ৰূপ (ETV Bharat Assam)

স্বাধীনতাৰ পাছৰে পৰাই কেন্দ্ৰৰ সকলো চৰকাৰে অসমৰ এই জ্বলন্ত সমস্যাটোক গুৰুত্বহীন কৰি আহিছে । কিন্তু নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে অসমৰ বান-খহনীয়াক ইচ্ছ্যু কৰি বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে । দেশৰ ভিতৰতে অসমে খহনীয়াৰ দৰে ভয়াৱহ সমস্যাৰে সৰ্বাধিক আক্রান্ত হৈ আহিছে ।

কোন জিলাৰ কিমান গাঁও খহনীয়াৰ কবলত ?

খহনীয়াত ধুবুৰী জিলাত সৰ্বাধিক ১৫৯ খন গাঁও প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে । ইয়াৰে বহু গাঁৱৰ বেছিভাগ ভূমি, সা-সম্পত্তি, ৰাজহুৱা অনুষ্ঠান-প্রতিষ্ঠান, ঘৰ-ভেটি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে । ধুবুৰী জিলাৰ বিলাসীপাৰা, চাপৰ, ধুবুৰী, গোলকগঞ্জ, আগমনি, দক্ষিণ শালমাৰা (ধুবুৰী অংশ) ৰাজহ চক্ৰতো বিভিন্ন গাঁও খহনীয়াত আংশিকভাৱে জাহ যোৱাৰ লগতে বহু পৰিয়ালে ঘৰ-মাটি হেৰুৱাব লগা হৈছে ।

existence of more than 900 villages in crisis
খহনীয়াৰ ভয়াৱহ ৰূপ (ETV Bharat Assam)

সেইদৰে বৰপেটা জিলাৰ ৰাজহ চক্ৰ হিচাপত বৰপেটাৰ ৯ খন, বাঘবৰৰ ৩৫ খন, বৰনগৰৰ ১৫ খন, চেঙাৰ ৩১ খন, কলাইগাঁৱৰ ১৬ খন আৰু সৰ্থেবাৰীৰ ৫ খনকে ধৰি শতাধিক গাঁও খহনীয়াৰ কবলত পৰিছে ।

গোলাঘাট জিলাৰ দেৰগাঁও, বোকাখাত, মৰঙী আৰু সৰুপথাৰ ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাঁও খহনীয়াৰ কবলত পৰিছে । কামৰূপ গ্রাম্য জিলাৰ পলাশবাৰীৰ ১৩ খন গাঁৱকে ধৰি ৰঙিয়া, ছমৰীয়া, নগৰবেৰা ৰাজহ চক্ৰৰ কুৰিখন গাঁও খহনীয়াৰ প্ৰভাৱত আছে ।

Massive erosion in Assam
খহনীয়াৰ ভয়াৱহ ৰূপ (ETV Bharat Assam)

আনহাতে, নগাঁও জিলাৰ ধিং, ৰূপহী, চামগুৰি, কলিয়াবৰ আৰু ৰহা ৰাজহ চক্ৰৰ অধীনৰ ৪০ খন গাঁও খহনীয়াৰ দ্বাৰা প্ৰভাৱিত । তেজপুৰ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰৰ সৰ্বাধিক ১২ খন গাঁৱকে ধৰি ঢেকিয়াজুলি, ঠেলামৰা, তেজপুৰ, চাৰিদুৱাৰ ৰাজহ চক্ৰৰ ৩৩ খন গাঁও খহনীয়াৰ গ্ৰাসত পৰিছে ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ২৪ খন গাঁও আৰু হোজাই জিলাৰ ৩ খন গাঁও নৈৰ কবলত পৰিছে । তেনেদৰে দৰং জিলাৰ ৩৭ খন গাঁও আৰু মৰিগাঁও জিলাৰ ৩২ খন গাঁও খহনীয়াৰ কবলত আছে ।

Massive erosion in Assam
খহনীয়াৰ শংকাত নৈপৰীয়া জনতা (ETV Bharat Assam)

খহনীয়াই বিপদঘণ্টা বজাইছে কেইবাখনো জিলাত :

বঙাইগাঁও জিলাৰ সৃজনগ্রাম, মাণিকপুৰ আৰু বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁও খহনীয়াত আক্ৰান্ত হৈছে । আনহাতে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ ২৫ খন গাঁৱকে ধৰি জিলাখনৰ কদম, সোৱণশিৰি, ঢকুৱাখনা আৰু নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ৪৮ খন গাঁৱত খহনীয়াই বিপদঘণ্টা বজাইছে । ধেমাজি জিলাৰ চিচিবৰগাঁও আৰু গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৩ খন গাঁও খহনীয়াৰ কবলত পৰিছে ।

তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডুমডুমা, মাৰ্ঘেৰিটা আৰু শদিয়া ৰাজহ চক্ৰৰ ৪৪ খন গাঁও খহনীয়াৰ গ্ৰাসত পৰিছে । সেইদৰে মাজুলী জিলাৰ ১১ খন গাঁও, চৰাইদেউ জিলাৰ দুখন গাঁও, শিৱসাগৰ জিলাৰ ১৮ খন গাঁও খহনীয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে ।

Massive erosion in Assam
খহনীয়াৰ ভয়াৱহ ৰূপ (ETV Bharat Assam)

গোৱালপাৰা জিলাৰ বালিজানা আৰু লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৫ খন গাঁৱত এতিয়া খহনীয়াৰ আতংক । সেইদৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৪২ খন গাঁও খহনীয়াৰ গ্ৰাসত পৰিছে । ইফালে, বৰাকৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৯ খন গাঁও আৰু হাইলাকান্দি জিলাৰ লালা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩১ খন গাঁও আংশিকভাৱে খহনীয়াই ক্ষতিগ্ৰস্ত কৰিছে ।

বৰাকতো চলিছে তাণ্ডৱ :

সেইদৰে শ্ৰীভূমি জিলাৰ শিলচৰৰ ৩ খন, লক্ষীপুৰৰ ১২ খন, কাটিগড়াৰ ৩২ খন আৰু সোণাই ৰাজহ চক্ৰৰ ১২ খনকে ধৰি অৰ্ধশতাধিক গাঁও খহনীয়াৰ কবলত পৰিছে । বৰাক আৰু ইয়াৰ উপনৈয়ে উপত্যকাটোৰ ৯৭ খন গাঁৱলৈ সংকট নমাই আনিছে ।

Massive erosion in Assam
ৰাজ্য়ত খহনীয়াৰ কালৰূপ (ETV Bharat Assam)

ৰাজ্যখনৰ ২৩ খন জিলাৰ মুঠ ৭০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৭২ খন গাঁও খহনীয়াৰ কবলত পৰাত ৰাইজৰ নিদ্ৰাহৰণ হৈছে । ইতিমধ্যে খহনীয়াই লাখ লাখ লোকক সৰ্বহাৰা কৰিছে । সময় থাকোতেই চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে খহনীয়াৰ কৱলত পৰা এই গাঁওসমূহ ৰাজ্যখনৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব ।

লগতে পঢ়ক:গৰাখহনীয়াৰ ভয়াৱহতা : নৈৰ বুকুত বিলীন হৈ গ'ল চাৰি শতাধিক গাঁও, সৰ্বহাৰা লাখ লাখ পৰিয়াল - FLOOD IN ASSAM

বছৰত দেশত প্ৰায় ৩ হাজাৰ লোকৰ প্ৰাণ কাঢ়ে বানে; অসমত কিমান ? - NEW FLOOD SEVERITY INDEX