তিনিচুকীয়া: তিনিচুকীয়া মহাবিদ্যালয়ৰ পুথিভঁৰাল সভাগৃহত ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় ৪ লাখ ৫০ হাজাৰ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা দেওবাৰে অনুষ্ঠিত হয় । তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত সম্পন্ন হয় এই সভাখন ৷
সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে বন্তি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰে । প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কৰ্মচাৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই আৰু কৰ্মচাৰীসকলৰ পৰিশ্ৰম, মনোবল, কৰ্মশক্তিক সন্মান জনাই তেওঁলোকে সমাজলৈ বিভিন্ন ধৰণে আগবঢ়াই অহা অৰিহণাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।
সভাখনত কৰ্মচাৰী সমাজৰ বিভিন্ন অভাৱ-অভিযোগ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে দেখুওৱা আগ্ৰহক আজি সভাই আদৰণি জনায় সভাপতি দ্বীপেন শৰ্মাই কয়, “কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰিয়ে দায়িত্ব শেষ নকৰি আলোচনাকালত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ বিধিগত ৰূপৰেখাও অসম বিধানসভাত প্ৰস্তুত কৰিছে । ইয়াৰ লগতে ৩০ লাখলৈ গৃহ ঋণ বৃদ্ধি, কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধাৰ বাবে পাঁচটা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা, চৰকাৰী চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি আৰম্ভ কৰা আৰু ইয়াৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰাৰ সভাই মতপোষণ কৰে’’ ।
‘‘তদুপৰি স্নাতক স্কেল প্ৰদান কৰা, এস্ক কেডাৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, চাকৰিৰ কাৰ্যকাল ৬২ বছৰৰলৈ বৃদ্ধি কৰা, ২০২৬ চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰা, মাষ্টাৰৰোল ৱাৰ্কচাৰ্চ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত যোগাত্মক দৃষ্টিভংগীৰে আগুৱাব বিচৰাটো আশাৰ বতৰা বুলি আজিৰ সভাই মত পোষণ কৰে” বুলি শৰ্মাই লগতে কয় ৷
ইপিনে, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে কয়, “শিক্ষকৰ পদোন্নতি, আৰ্জিত ছুটিকে ধৰি বিভিন্ন সম্পৰ্কত পৃথকে আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো । লগতে সভাত বেতন সুৰক্ষাসহ শিক্ষক, কৰ্মচাৰী চাকৰি নিয়মীয়া কৰা, এককালীন সাহায্য দিয়া, শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰা, প্ৰাদেশিকীকৰণৰ সময়ত ৰৈ যোৱা বঞ্চিত শিক্ষক-কৰ্মচাৰী সকলোৰে চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা আদি বিষয়ত আলোকপাত কৰা হয় । শেহতীয়াকৈ একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ধাৰাবাহিকভাৱে ফাদিল হোৱাৰ ফলত পৰীক্ষা পিছুৱাব লগা বিষয়ত সভাই উদ্বেগ প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক মানসিকভাৱে নিৰ্যাতন দিয়াসকলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে । লগতে পৰীক্ষাৰ দুৰ্বল ব্যৱস্থাপনা পুনৰ নিৰীক্ষণ কৰি অদক্ষ বিষয়া, কৰ্মচাৰীসকলক অব্যাহতি দিবলৈ অনুৰোধ জনাইছো" ৷