ETV Bharat / state

এক ব্য়তিক্ৰমী দৃশ্য়; বানৰ মাজতো শিবিৰতেই ওমলিছে এজাক শিশুৱে

এখন জিলাতেই দহ সহস্রাধিক শিশু বছৰৰ প্ৰথমটো বানত আক্ৰান্ত ।

CHILDREN PLAYING IN FLOOD RELIEF CAMP
বান শিবিৰতেই ওমলিছে এজাক শিশুৱে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 8:16 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : বান শিবিৰতেই ওমলিছে এজাক শিশুৱে । সাধাৰণতে বান শিবিৰত যথেষ্ট কষ্টৰ মাজেৰে সময় কটাবলগীয়া হয় শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে; কিন্তু এইবাৰ বান শিবিৰত যেন কিছু ব্যতিক্ৰমী ছবি ফুটি উঠিছে । বান শিবিৰতেই নিজৰ ঘৰখনৰ দৰেই ওমলিবলৈ সুবিধা পাইছে শিশুসকলে ।

বছৰৰ প্ৰথমটো বানে প্লাবিত কৰা নগাঁও জিলাৰ শতাধিক ৰাজহ গাঁৱৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও আজিও আশ্ৰয় শিবিৰতেই থাকিব ল'বলগীয়া হৈছে বানাক্ৰান্তই । ইয়াৰ মাজতেই নগাঁৱৰ আশ্ৰয় শিবিৰসমূহত দেখা গৈছে কিছু ব্যতিক্ৰমী দৃশ্য ।

CHILDREN PLAYING IN FLOOD RELIEF CAMP
বান শিবিৰতেই ওমলিছে এজাক শিশুৱে (ETV Bharat Assam)

বান শিবিৰত থকা শিশুসকলৰ বাবে ওমলিবলৈ এক বিশেষ ব্যৱস্থা কৰিছে নগাঁও জিলা প্ৰশাসনে । জিলাখনৰ ৰহাৰ ৩ টাকৈ বান শিবিৰৰ উপৰি চৰকাৰীভাৱে স্থাপন কৰা প্ৰতিটো বান শিবিৰতেই শিশু ওমলা কেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত বান বিভীষিকাৰ মাজতো নিজকে আনন্দ-উল্লাহত ব্যস্ত ৰাখিবলৈ সুযোগ লাভ কৰিছে ।

তথ্য অনুসৰি, জিলাখনৰ দহ সহস্রাধিক শিশু বছৰৰ প্ৰথমটো বানত আক্ৰান্ত হৈছে । চৰকাৰীভাৱে স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰা শিশুসকলৰ বাবে স্থাপন কৰা হৈছে শিশু উমলা কেন্দ্ৰ । য’ত শিশুসকলৰ শাৰীৰিক ব্যায়ামৰ পৰা আদি কৰি নৃত্য-গীত আদি সকলো ব্যৱস্থাই কৰা হৈছে ।

CHILDREN PLAYING IN FLOOD RELIEF CAMP
বান শিবিৰতেই ওমলিছে এজাক শিশুৱে (ETV Bharat Assam)

জিলাখনৰ ৰহা, কমপুৰ, চামগুৰি আৰু কলিয়াবৰ ৰাজহ চক্ৰৰ অধীনৰ এশৰো অধিক গাঁও বান কবলত পৰে । শেহতীয়াকৈ ব্ৰক্ষ্মপুত্ৰকে ধৰি কপিলী আদি নৈৰ জলস্তৰো বিগত দুদিনত যথেষ্ট হ্ৰাস পাইছে । চৰকাৰী তথ্য অনুসৰি বিশেষকৈ বিপদ সীমা অতিক্ৰম কৰা কপিলী নৈৰ জলস্তৰ যথেষ্ট হ্ৰাস পাইছে যদিও অঞ্চলসমূহৰ বহু ঘৰ-বাৰী এতিয়াও আছে বানৰ কবলত ।

শনিবাৰৰ তথ্য অনুসৰি, কপিলী নৈৰ জলপৃষ্ঠ বিদপসীমাতকৈ সামান্য পৰিমাণে নিম্নগামী হৈছে । অৱশ্যে এতিয়াও বিভিন্ন প্ৰান্তত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰৰ উপৰি চৰকাৰীভাৱে স্থাপন কৰা আশ্ৰয় শিবিৰতেই আশ্ৰয় গ্ৰহণ কৰি আছে বানাক্ৰান্ত বহু পৰিয়ালে ।

CHILDREN PLAYING IN FLOOD RELIEF CAMP
নগাঁৱৰ বান শিবিৰত এজাক শিশু (ETV Bharat Assam)

এই বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে পৰ্যাপ্ত খাদ্য যোগানৰ ব্যৱস্থা কৰিছে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । পৰ্যপ্ত খাদ্য সামগ্ৰীৰ লগতে ঔষধ আদি যোগানৰো ব্যৱস্থা কৰা হৈছে ।

চৰকাৰী তথ্য অনুসৰি, বৰ্তমানলৈকে জিলাখনৰ ৰহাত ৩টা আৰু নগাঁও সদৰত এটা বান সাহাৰ্য শিবিৰ স্থাপন কৰা হৈছে । ইপিনে, কামপুৰত ৮৭টা, চামগুৰি ৫, কলিয়াবৰ ৪টা, ৰহাত ২টাকে ধৰি জিলাখনত মুঠ ৯৮ টা বান সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে ।

এই বিতৰণ কেন্দ্ৰ সমূহৰ জৰিয়তে বৰ্তমানলৈকে চাউল ১১২৯.৩৪ কুইণ্টল, ডালি- ২১৮.৮২ কুইণ্টল, নিমখ ৬৫.৬১ কুইণ্টল, মিঠাতেল ৫.২২লিটাৰ, পশুখাদ্য ১৮২৯.২৩ কুইণ্টল, শিশুৰ পনীয়া খাদ্য় ৰহাত ৩৪.৫০ লিটাৰ আৰু নগাঁৱত ৭.২০ লিটাৰ বিতৰণ কৰা হৈছে ।

জিলা স্বাস্থ্য বিভাগে বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা শিবিৰৰ লগতে পশু পালন আৰু পশু চিকিৎসা বিভাগে পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আছে । জিলা মহিলা আৰু শিশু বিভাগে বান সাহাৰ্য শিবিৰসমূহত শিশু ওমলা কক্ষ, মাতৃ দুগ্ধপান কক্ষ স্থাপন কৰাৰ লগতে শিশুসকলক গৰম ৰন্ধা খাদ্য প্ৰদানৰ ব্যৱস্থা কৰিছে ।

CHILDREN PLAYING IN FLOOD RELIEF CAMP
নগাঁৱৰ বান শিবিৰত এজাক শিশু (ETV Bharat Assam)

জনস্বাস্থ্য কাৰিকৰী বিভাগে বানাক্ৰান্ত অঞ্চলসমূহৰ লগতে বান সাহাৰ্য শিবিৰ সমূহত বিশুদ্ধ খোৱাপানী, ব্লিচিং পাউদাৰ আৰু হেলজেন টেবলেটো বিতৰণ কৰি আহিছে ।

উল্লেখ্য় যে, বানাক্ৰান্তসকলৰ বাবে গ্ৰহণ কৰা সকলো ব্যৱস্থাৰ তদাৰক কৰি আছে খোদ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । সাম্প্ৰতিক বানত কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এটি শিশুৰ মৃত্যু হোৱা বুলিও চৰকাৰী তথ্যত প্ৰকাশ । জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া দলেই কয়, "প্ৰশাসনৰ তৰফৰ পৰা মৃত শিশুটিৰ আত্মীয়ক এককালীন সাহাৰ্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ।"

লগতে পঢ়ক:মৰমৰ ঘৰখন পুতি পেলালে বোকা-পলসে: কেনেকৈনো ঘূৰি যায় এৰি থৈ অহা ঘৰখনলৈ - ASSAM FLOOD 2025