কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙৰ পূজা ! কিন্তু কিয় এই পূজা ?
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ প্ৰতিচ্ছবিত পূজা-অৰ্চনা দল-সংগঠনৰ । বৈদিক নিয়মৰে কৰিলে পূজা-অৰ্চনা ।

Published : March 2, 2025 at 10:40 AM IST
ডিফু: কাৰ্বি আংলঙত চলিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ পূজা ! সম্পূৰ্ণ বৈদিক নিয়মেৰে ডাঙৰ হৰ্ডিঙত তুলিৰাম ৰংহাঙৰ প্ৰতিকৃতিত ধূপ, ধূনা, নৈবদ্যৰে আৰু ঘণ্টা বজাই আগবঢ়োৱা হৈছে পূজাভাগ । কিন্তু হঠাতে কিয় অনুষ্ঠিত কৰা হ'ল এই পূজা !
আচলতে এই পূজা কাৰ্বি আংলঙৰ একাংশ দল-সংগঠনৰ তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ । পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পিজিআৰ-ভিজিআৰ ভূমি অবৈধ বেদখল উচ্ছেদৰ দাবীত যোৱা এবছৰৰ পৰা কাৰ্বি আংলঙ জিলা বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল । এই একে দাবীত শনিবাৰে দুপৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুত দল-সংগঠনে পুনৰ উত্তাল-প্ৰতিবাদ সাব্যস্ত কৰে ।
পূৰ্বৰ প্ৰতিবাদী কাৰ্যসূচীত একাংশ দল-সংগঠনে সমূহীয়া মুণ্ডন, চেণ্ডেলৰ মালা পিন্ধি আৰু নিজৰ গালত চেণ্ডেল জোতাৰে প্ৰহাৰ কৰি স্বাভিমানৰ সজাগতা সৃষ্টি কৰিছিল । কাৰ্বি আংলং জিলাৰ পিজিআৰ-ভিজিআৰ ভূমিৰ অবৈধ বেদখলকৃত ভূমিত শীঘ্ৰে উচ্ছেদৰ দাবীত শনিবাৰে ডিফুত কেএছএ, কেএছৱাইচি আৰু সহযোগী দল-সংগঠনে ডিফু ডাকঘৰৰ সন্মুখত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান আঁওৰাই প্ৰতিবাদ কৰি ডিফুৰ আকাশ-বতাহ কঁপাই তোলে ।
প্ৰতিবাদকাৰী নেতা লিটছন ৰংফাৰে সাংবাদিকৰ আগত কয়, "কাৰ্বি আংলঙৰ পিজিআৰ আৰু ভিজিআৰ ভূমিখণ্ডত অবৈধ ভূমিখণ্ডত যোৱা চল্লিছ বছৰে অবৈধভাৱে বসবাস কৰি অহা প্ৰায় ১০ হাজাৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দিয়া প্ৰতিশ্ৰুতি এবছৰকাল উকলি যোৱাৰ পিছতো আজিলৈকে উক্ত ভূমিত উচ্ছেদ নহ'ল । ফলত পৰিষদে কাৰ্বি আংলঙৰ ৰাইজক চৰকাৰে চৰম বিশ্বাসঘাতকতা কৰিলে ।" স্বায়ত্তশাসিত পৰিষদৰ হাতত সম্পূৰ্ণ কৰ্তৃত্ব থকাৰ পিছতো কিয় উচ্ছেদ কৰিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে লিটচন ৰংফাৰে ।
আনহাতে আন এগৰাকী প্ৰতিবাদকাৰী নেতা আংতং ইংতি কাথাৰে কয়,"পিজিআৰ ভিজিআৰ ভূমিত অবৈধ বেদখল উচ্ছেদ কৰাৰ বাবে দল-সংগঠনে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো পৰিষদে উচ্ছেদ কৰা নাই । সেয়ে আজি উপায়ন্তৰ হৈ দল-সংগঠনে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ তুলিৰাম ৰংহাঙৰ প্ৰতিকৃতিত পূজা কৰি উচ্ছেদৰ বাবে প্ৰাৰ্থনা কৰিছোঁ ।"
আনহাতে পিজিআৰ ভিজিআৰ ভূমিত অবৈধ বেদখল উচ্ছেদৰ দাবীত প্ৰতিবাদকাৰী সকলে বাৰম্বাৰ জনাই অহা দাবীক নস্যাৎ কৰাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিবাদকাৰীসকল । এইলৈ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্ৰাতৃকৃতিত ধুপ-ধূনা আৰু ঘণ্টা বজাই পূজা-অৰ্চনা কৰি পিজিআৰ-ভিজিআৰত অবৈধ বেদখল শীঘ্ৰে উচ্ছেদৰ প্ৰাৰ্থনা কৰি অভিনব প্ৰতিবাদ সাব্যস্ত কৰে ।

