ETV Bharat / state

প্ৰদূষণমুক্ত সমাজৰ বাৰ্তা লৈ ধুবুৰীত দেৱী দুৰ্গাৰ ব্যতিক্ৰমী প্ৰতিমা - Durga Puja 2024

Durga Puja in Dhubri: বুধবাৰে মহালয়া । ইয়াৰ লগে লগে আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱৰ ধামখুমীয়া পৰিৱেশ । মৃণ্ময় শিল্পীসকল ব্যস্ত হৈ পৰিছে এতিয়া প্ৰতিমাত শেষ পৰশ দিয়াত । ঠিক একেদৰে ধুবুৰীতো এগৰাকী শিল্পী ব্যস্ত হৈ পৰিছে ব্যতিক্ৰমীভাৱে নিৰ্মাণ কৰা দুভাগ প্ৰতিমা নিৰ্মাণত । কোন এইগৰাকী শিল্পী আৰু কিদৰে নিৰ্মাণ কৰিছে দশভূজাৰ প্ৰতিমা ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2024, 4:21 PM IST

Updated : Oct 1, 2024, 7:37 PM IST

Exceptional idol of Goddess Durga in Dhubri with the message of a pollution-free society
ধুবুৰীত দেৱী দুৰ্গাৰ ব্যতিক্ৰমী প্ৰতিমা (ETV Bharat Assam)

ধুবুৰী ,১ অক্টোবৰ: বুধবাৰে মহালয়াৰ আৰম্ভণিৰে সূচনা হ’ব দেৱীপক্ষৰ । এই দেৱীপক্ষতেই ধৰালৈ আগমন ঘটে দেৱী দুৰ্গাৰ । মহা আড়ম্বৰৰে উদযাপন কৰা হয় শক্তিৰ প্ৰতীক তথা দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পুজা ৷ অসমতো দুৰ্গা পুজাৰ আছে এক সুকীয়া ইতিহাস আৰু পৰম্পৰা ৷ প্ৰতিবছৰেই শাৰদীয় দুৰ্গোৎসৱৰ আয়োজনক লৈ সীমাহীন ব্যস্ততাই বিৰাজ কৰে শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত । স্বাভাৱিকতেই এইবাৰো একেই উচাহ সমাগত দুৰ্গোৎসৱকলৈ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজকসকল ব্যস্ত সুচাৰুৰূপে পুজাৰ আয়োজনত ।

দুৰ্গোৎসৱলৈ মাত্ৰ এসপ্তাহ বাকী থকা অৱস্থাত অধিক ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকলো । দেৱী দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত শিল্পীসকলৰ এতিয়া যেন আহৰিয়েই নাই । তাৰ মাজতে ঠায়ে ঠায়ে বিভিন্ন শিল্পীসকলে কিছু ব্যতিক্ৰমী ধৰণে সাজি উলিয়াইছে দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি । যিয়ে শিল্পীৰ প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰাৰ উপৰি সমাজলৈ কঢ়িয়াব এক বিশেষ বাৰ্তা । তেনে এক শিল্পীৰ ব্যতিক্ৰমী প্ৰচেষ্টাই প্ৰাণ পাইছে ধুবুৰীত ।

প্ৰদূষণমুক্ত সমাজৰ বাৰ্তা লৈ ধুবুৰীত দেৱী দুৰ্গাৰ ব্যতিক্ৰমী প্ৰতিমা (ETV Bharat)

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোন কেইটামান দিন বাকী থকা মুহূৰ্তত ৰাজ্যৰ আন আন ঠাইৰ দৰে ধুবুৰী চহৰতো বিভিন্ন দুৰ্গা পূজাৰ কমিটীসমূহে ব্যাপক প্ৰস্তুতি চলাইছে । ঠিক একেদৰেই ব্যস্ত হৈ আছে এজন ব্যক্তি যাৰ পৰিচয় এক ব্যতিক্ৰমী শিল্পীৰ । নিজৰ সৃষ্টিশীল প্ৰতিভাৰে সদায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰি অহা এই শিল্পীগৰাকীয়ে এইবাৰ এক অনন্য প্ৰয়াসেৰে সৃষ্টি কৰিছে দেৱী দুৰ্গাৰ আমি পূৰ্বে এক নেদেখা ৰূপৰ ।

এক অনবদ্য শিল্প প্ৰতিভাৰ গৰাকী এই ব্যক্তিজন হৈছে সঞ্জীৱ বসাক । এইবাৰ দুৰ্গা পুজা উপলক্ষে সঞ্জীৱ বসাকে সাজি উলিয়াইছে দুটাকৈ ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা । পৰিৱেশ সচেতনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু সমাজক এই বাৰ্তা বিয়পাই দিয়াৰ উদ্দেশ্যৰে পৰিৱেশ অনুকূল দেৱী প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে সঞ্জীৱ বসাকে ।

সঞ্জীৱ বসাকৰ নিৰ্মিত দুৰ্গা প্ৰতিমাক লৈ ধুবুৰীত চলিছে চৰ্চা । কাৰণ বসাকে সাজি উলিয়াইছে বুতাম আৰু পেলনীয়া কাৰ্বন ক'পাৰেৰে নিৰ্মিত দুৰ্গা প্ৰতিমা ৷ হয় আপুনি ঠিকেই শুনিছে ৷ আপোনাৰ মোৰ দৈনন্দিন জীৱনত বৰ বিশেষ কামত নহা এই সামগ্ৰীসমূহেৰেই সঞ্জীৱ বসাকে সাজিছে দশভূজাক । পেছাত এগৰাকী চৰকাৰী কৰ্মচাৰী তথা শিল্পী সঞ্জীৱে এইবাৰ বুতাম আৰু কাৰ্বন কপাৰেৰে পৃথকে পৃথকে দুটিকৈ দুৰ্গা প্ৰতিমা সাজি উলিয়াইছে ।

বুটামেৰে নিৰ্মাণ কৰি উলিওৱা দুৰ্গা প্ৰতিমাভাগ সাজি উলিয়াবলৈ সঞ্জীৱ বসাকৰ সময় খৰচ হৈছে প্ৰায় তিনিমাহ । আনহাতে কাৰ্বন ক'পাৰেৰে সাজি উলিওৱা দুৰ্গা প্ৰতিমাভাগ নিৰ্মাণ কৰি উলিয়াবলৈ তেওঁৰ সময় লাগিছে প্ৰায় ৯ মাহ । অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ পৰিদৰ্শক হিচাপে কৰ্মৰত সঞ্জীৱ বসাকৰ ঘৰ হৈছে ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডত । চৰকাৰী কাম-কাজৰ ব্যস্ততাৰ মাজতো বসাকে ঘৰলৈ আহি প্ৰতি নিশা ৯ বজাৰ পৰা তেওঁৰ এই সৃষ্টিশীল কাম-কাজসমূহ কৰি গৈছে ।

কেৱল এয়াই নহয়, ইয়াৰ পূৰ্বেও সঞ্জীৱ বসাকে দিয়াচলাইৰ কাঠি, প্লাষ্টিকৰ পেলনীয়া বটল, প্লাষ্টিকৰ চামুচ, থাৰ্ম'কল, কেপচুল আৰু টেবলেট আদি বিভিন্ন পেলনীয়া সামগ্ৰীৰে দুৰ্গা প্ৰতিমা বনাই বিভিন্ন দল-সংগঠনৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে ইণ্ডিয়ান বুক ৰেকৰ্ডছ, আছাম বুক অব ৰেকৰ্ডছে তেওঁৰ শিল্প-কৰ্মৰ ভূয়সী প্ৰশংসা কৰি বসাকক সন্মানিত কৰিছিল ।

এইবেলিও দুৰ্গা পূজাত তেওঁৰ বুটামৰ দ্বাৰা নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা আৰু কাৰ্বন ক'পাৰেৰে নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা দুভাগ ধুবুৰীৰ দুখন কৈ দুৰ্গা পূজা কমিটীত স্থান লাভ কৰিব বুলি জনাই শিল্পীগৰাকীয়ে । লগতে বসাকে কয় “সমাজক প্ৰদুষণমুক্ত কৰাৰ এটা মূল উদ্দেশ্য হাতত লৈ বুটামেৰে এই মূৰ্তি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো । ৰাইজে বুজি পাব লাগে যে যিদৰে ইমানবোৰ বুটাম লগ লগাই এটা মূৰ্তি বনাব পৰা গৈছে সেই একেদৰে সকলো মানুহ একেলগ হ’লে আমাৰ চৌপাশ প্ৰদূষণমুক্ত হোৱাৰ ১০০% সম্ভাৱনা আছে ।”

লগতে পঢ়ক: চমক সৃষ্টিৰ বাবে সাজু হৈ উঠিছে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ : থলুৱা শিল্প, থলুৱা শিল্পীক প্ৰাধান্য - Durga Puja 2024

মহালয়া কোনদিনা পালন কৰা হ’ব ? এইবাৰ কিহত আগমন আৰু গমন কৰিব মা দুৰ্গাই ? - Mahalaya 2024

SOP মানি উদযাপন কৰক শাৰদীয় দুৰ্গোৎসৱ - Durga Puja 2024

Last Updated : Oct 1, 2024, 7:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.