জীয়াঢলৰ পাৰত নাৰ্চাৰী: বানক প্ৰত্যাহ্বান জনাই দেখুৱাইছে কৰ্মসংস্কৃতিৰ নিদৰ্শন
জীয়াঢলৰ কাংকু সুঁতিৰ বানে জ্বলা-কলা খুওৱাৰ সময়তে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে দেখুৱাইছে কৰ্মসংস্কৃতিৰ নিদৰ্শন ।

Published : September 24, 2025 at 6:22 PM IST
ধেমাজি : এখন বিশেষ নাৰ্চাৰী ৷ ধেমাজি জীয়াঢল চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজু গাঁৱত আছে নাৰ্চাৰীখন ৷ প্ৰৱাহমান জীয়াঢলৰ কাংকু সুঁতি, ছন পৰা কৃষিভূমি, শুভ্ৰ কঁহুৱাৰ আচ্ছাদনৰ মাজতে আছে এই নাৰ্চাৰীখন ৷ বিগত ৫/৬ বছৰে জীয়াঢলৰ এই সুঁতিটোৱে বৃহত্তৰ অঞ্চলবাসীক জ্বলা-কলা খুৱাই আহিছে যদিও এই ভয়াৱহতাক নেওচি ধেমাজি হাতীগড়ৰ বাসিন্দা ৰত্নেশ্বৰ কাকতিয়ে গঢ়ি তুলিছে এখন নাৰ্চাৰী ।
তেওঁ জীয়াঢলৰ কাংকু সুঁতিৰ বালিয়ে পুতি থৈ যোৱা এবিঘা মাটি ক্ৰয় কৰি আৰম্ভ কৰিছিল এইখন নাৰ্চাৰী ৷ নাম দিলে ৰয়েল নাৰ্চাৰী ৷ এন এইছ পি চিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰত্নেশ্বৰ কাকতিয়ে প্ৰকৃতিক ভালপোৱাৰ বাবেই জড়িত হৈ পৰিছে এই নাৰ্চাৰী ব্যৱসায়ত । তাকো বানে গৰকা স্থানত ৷
আৰম্ভণিতে বাৰিষাৰ বানৰ সৈতে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল যদিও বৰ্তমান তেওঁ তেনে পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা হৈছে ৷ তেওঁ নাৰ্চাৰীখনৰ পৰা বহু গছপুলি সূলভ মূল্যতো দিয়ে ৷ প্ৰায় নিজে সকলো কাম কৰে ৷ গোবৰ সাৰ ব্যৱহাৰ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে পুলিবোৰৰ পৰা আশানুৰূপ ফল পায় বুলিও তেওঁ ক'ব বিচাৰে ৷
তেওঁৰ এই নাৰ্চাৰীত বিধে বিধে ফুল-ফল আৰু মূল্যৱান গছৰ পুলি উপলব্ধ । লিলি, কামিনী বগেনভেলিয়া, চন্দিনি, মানিপ্লেণ্ট, মেহগনি, তিতাচপা আদি উপলব্ধ নাৰ্চাৰীখনত ৷ বিশেষকৈ তেওঁৰ নাৰ্চাৰীত উপলব্ধ স্থানীয় তামোল যথেষ্ট সমাদৃত হৈছে । পুলিবোৰ তেওঁ নিজে প্ৰস্তুত কৰে ৷ প্ৰতি বছৰে ৮/১০ হাজাৰ তামোল পুলি বিক্ৰী কৰে বুলি তেওঁ উল্লেখ কৰে ৷ নাৰ্চাৰীখন সন্দৰ্ভত তেওঁ কয়, "ইয়াৰ মানুহখিনি ভাল, সমাজখন ভাল ৷ ইয়াত কাম কৰি বহুত ভাল পাইছোঁ । গোটেইখিনি ভদ্ৰ মানুহ, মোক সহায় কৰে । ইয়াত খেতি নকৰে ৷ বহুত দ ৷ ইয়াত মই প্ৰতিবছৰে মাটি পেলাও ৷ পানী বাগৰিলেও বস্তা দি ৰক্ষা কৰো ।"

মানুহক বিনামূলীয়াকৈ গছপুলি উপহাৰ দি ভাল পায় ৰত্নেশ্বৰ কাকতিয়ে
ৰত্নেশ্বৰ কাকতিৰ ব্যক্তিত্বও প্ৰশংসনীয় । নাৰ্চাৰীখন কেৱল ব্যৱসায়ৰ বাবেই তেওঁ আৰম্ভ কৰা নাই ! কাৰণ নাৰ্চাৰীলৈ অহা বহু লোকক তেওঁ গছপুলি বা বাৰীৰ ফল উপহাৰ দি ভাল পায় । যাৰ বাবে তেওঁ বিভিন্ন সময়ত পত্নীৰ পৰা গালিও খাবলগীয়া হয় ।
এই সন্দৰ্ভত তেওঁ কয়, "এই ব্যৱসায় কৰিবলৈ হ'লে নিজে ভাল হ'ব লাগিব । গেঁঠেলা হ'ব নালাগিব । মই বহুত গিফ্ট দিও । মই গিফ্ট দি ভালপাওঁ । সেইকাৰণে পত্নীয়ে মোক গালিও দিয়ে ৷ দুটা গছপুলি ৰাইজক দিব পাৰিলে বাটৰুৱাইও জিৰণি ল'ব, চৰাই চিৰিকতিয়ে জিৰণি ল'ব, গৰু-ম'হে জিৰণি ল'ব । সেইটো এটা ডাঙৰ আশীৰ্বাদ ।"

ইফালে এই বয়সতো কৰ্ম বিশ্বাসী লোকজনে উঠি অহা যুৱ প্ৰজন্মক এনেধৰণৰ পথ ল'বলৈও আহ্বান জনায় । তেওঁ লগতে কয়, "গছপুলি আৰু ৰাইজৰ পৰা বহুত আশীৰ্বাদ পাইছো । উল্লেখ্য যে তেওঁ প্ৰথমে নাৰ্চাৰীত ৬৫ হাজাৰ পুলি আছিল যদিও এতিয়া ৭ লাখ পুলি ৰাখিবলৈ সক্ষম হৈছে ৷ একেদৰে তেওঁৰ নাৰ্চাৰীৰ চাৰিসীমাৰ পলসুৱা মাটিত লমালমে লাগিছে অমিতাকে ধৰি বিভিন্ন পাচলি আৰু ফল-মূল । মন কৰিবলগীয়া যে জীয়াঢলৰ বুকুত কৃষকৰ স্বপ্ন ভংগ হোৱাৰ পিছত এইগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে বানকো প্ৰত্যাহ্বান জনাই দেখুৱাইছে কৰ্মসংস্কৃতিৰ এক আদৰ্শ ৷
লগতে পঢ়ক :প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু সহিব নোৱাৰি উপবাসে থাকি প্ৰাণত্য়াগ অনুৰাগীৰ

