ETV Bharat / state

যাত্ৰা সুখদায়ক নহ’ল ! জাহাজৰ পৰা জাপ মাৰি নামি দিলে কাজিৰঙাৰ ৰজাই - JITEN GOGOI RESIGNED FROM AJP

নিৰ্মাণ গোটৰ ভূমিত খুলিছিল অজাপৰ কাৰ্যালয় । মাত্ৰ আঠ মাহতেই মোহভংগ জিতেন গগৈৰ । কিয় নাথাকে কোনো ৰাজনৈতিক দলত ?

Ex MLA Jiten Gogoi Resigned From AJP
নিৰ্মাণ গোটৰ অধ্যক্ষ জিতেন গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 16, 2025 at 11:27 PM IST

3 Min Read

গোলাঘাট: জাতীয় পৰিষদৰ কাৰ্যালয়ত ওলমিল তলা । মাত্ৰ আঠ মাহ পূৰ্বে বোকাখাত নিৰ্মাণ গোটৰ অধ্যক্ষ জিতেন গগৈৰ নেতৃত্বত শতাধিক সদস্যই যোগদান কৰিছিল অসম জাতীয় পৰিষদত ৷ কিন্তু হঠাতেই কাজিৰঙাৰ সিংহই এৰিলে লুৰীণজ্যোতি গগৈৰ সংগ । পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিচতেই কিয় জাতীয় পৰিষদৰ কাৰ্যালয়ত তলা ওলমালে প্ৰক্তন বিধায়কগৰাকীয়ে ?

আঠমাহ পূৰ্বে ২১ খন আঞ্চলিকসহ কেইবা শতাধিক নিৰ্মাণ গোটৰ সদস্যই জিতেন গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ সভাপতিৰ উপস্থিতিত যোগদান কৰিছিল ৷ কিন্তু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত অসম জাতীয় পৰিষদৰ পৰা বিদায় ল'লে বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ আৰু নিৰ্মাণ গোটৰ সকলো সদস্যই । এইবাৰ হেনো তেওঁ নাথাকে কোনো ৰাজনৈতিক দলত । অকলেই যুঁজিব এঘড়ী ।

নিৰ্মাণ গোটৰ অধ্যক্ষ জিতেন গগৈ (ETV Bharat Assam)

এই সম্পৰ্কে বোকাখাত নিৰ্মাণ গোটৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে কয়, "জাতীয় পৰিষদৰ জৰিয়তে মই যি জনাদেশ পালো, সেইটোৱেই মোক ক'বলৈ বাধ্য কৰাইছে । কাৰণ বোকাখাটৰ জনসাধাৰণে মোক পূৰ্বেও কৈছিল যে কিয় আপুনি ৰাজনৈতিক দলত যোগদান কৰিছে । বিভিন্ন সময়ত বিভিন্নজনে মোক ৰাষ্ট্ৰীয় দলত যোগদান কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল ৷ কিন্তু মই কোনো কাৰণত ৰাষ্ট্ৰীয় দলত যোগদান নকৰো । আঞ্চলিক দলৰ প্ৰতি মোৰ দুৰ্বলতা আছে । সেইবাবেই জাতীয় পৰিষদত যোগদান কৰিছিলো, কিন্তু জাতীয় পৰিষদত গৈ মই প্ৰথম পঞ্চায়ত নিৰ্বাচনত জনাদেশ নাপালো, জনসাধাৰণে প্ৰমাণ কৰিলে ।"

কি কাৰণে পঞ্চায়ত নিৰ্বাচনত পৰাজিত হ'ল, তাৰো কাৰণ তেওঁ কৰিলে ব্য়াখ্য়া । জিতেন গগৈয়ে কয়, "কাৰণ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যেতিয়া প্ৰাৰ্থী নিৰ্বাচন আৰম্ভ কৰিছিলো সেইসময়ৰ পৰাই মই কথাবিলাক উপলব্ধি কৰিছো । সেই সময়ত জনসাধাৰণে মোক কৈছিল যে আপুনি ৰাজনৈতিক দলৰ চোলা পিন্ধি আহিছে আৰু এইটো ৰাজনৈতিক দলৰ পৰা বোকাখাত সমষ্টিত উন্নয়ন কৰিব পাৰিব বুলি আমি নাভাবো । '২৬ ত আপোনাক বিচাৰিছো বুলি ৰাইজে কয় । পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াইছিলোঁ যে যদি ৰাইজে আশীৰ্বাদ দিয়ে ২৬ ৰ বাবে এটা শক্তি হ'ব; কিন্তু যি ফলাফল ওলাইছে বহু প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছো । কিয় বোকাখাত নিৰ্মাণ গোটৰ সভাপতি জিতেন গগৈয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থীসকলৰ এনে দুৰৱস্থা হ'ল ।"

Ex MLA Jiten Gogoi Resigned From AJP
নিৰ্মাণ গোটৰ অধ্যক্ষ জিতেন গগৈ (ETV Bharat Assam)

পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিচতেই ক্ষোভ

পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিচতেই ক্ষোভ প্ৰকশ কৰি কয়, "পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ অন্তত আহি জাতীয় পৰিষদৰ কাৰ্যালয় তলা মাৰি পতাকা নমাই জাতীয় পৰিষদ বন্ধ কৰি জাতীয় পৰিষদৰ বোকাখাত সমজিলাৰ সভাপতি, সম্পাদকক মৌখিকভাৱে অৱগত কৰিলো যে নিৰ্মাণ গোটৰ ভূমিত জাতীয় পৰিষদৰ কাৰ্যালয় নহ'ব । মই আৰু জাতীয় পৰিষদ নকৰো আৰু আগন্তুক '২৬ ৰ বিধানসভা নিৰ্বাচনত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিম । জাতীয় পৰিষদৰ ভৱিষ্যত কি এইটো জনাদেশে কৈ আছে । তৃণমূল পৰ্যায়ৰ নিৰ্বাচনতেই যদি অস্তিত্ব নাথাকে, তেনেহ'লে বিধানসভা বা লোকসভা নিৰ্বাচনত কিবা সুফল দিব বুলি আশা নকৰো ।"

লগতে পঢ়ক:আচৰিত ! ভূপেন বৰাৰ সপোনৰ কথা মুখ্যমন্ত্ৰীয়ে জানে কেনেকৈ ? - BHUPEN KUMAR BORAH

নিৰ্বাচনত সংখ্যালঘুৰ ভোট কিদৰে আদায় কৰে কংগ্ৰেছে ? - MLA RUPAK SARMA ON MINORITY VOTE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.