বলোৰাম নাগৰ পদাংক অনুকৰণ কৰি ৰাজনীতিত প্ৰৱেশ কৰিব কন্যাই
শালনা জিলা পৰিষদৰ ৮০ শতাংশ চাহ জনগোষ্ঠীয় লোকক প্ৰতিনিধিত্ব কৰিবলৈ সাজু প্ৰাক্তন মন্ত্ৰীৰ কন্য়া ।

Published : April 12, 2025 at 10:34 AM IST
কলিয়াবৰ : প্ৰাক্তন মন্ত্ৰী, কলিয়াবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত বলোৰাম নাগৰ পদাংক অনুকৰণ কৰি কন্যাই এইবাৰ ৰাজনীতিৰ পথাৰত খোজ পেলাবলৈ আগুৱাই আহিছে । প্ৰয়াত বলোৰাম নাগৰ তৃতীয় কন্য়া কবিতা নাগে এইবাৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিবলৈ মন মেলিছে । সেয়েহে পঞ্চায়ত নিৰ্বাচনত দ্বাৰ শালনা জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে শুকুৰবাৰে মনোনয়ন দাখিল কৰে কবিতা নাগে ।
শিক্ষাসেৱী কবিতা নাগে কেৱল ভাৰততে নহয়, দেশৰ বাহিৰতো শিক্ষক হিচাপে ২০ বছৰৰো অধিক কাল কৰ্মৰত হৈ আছে । তদুপৰি অগ্ৰগতি এডুকেশ্বন ফাউণ্ডেচনৰ লগত জড়িত হৈ সমাজসেৱাৰ কামত নিয়োজিত হৈ আহিছে । এতিয়া নিজ অঞ্চলত শিক্ষাৰ পোহৰ বিলাই সাধাৰণ পিছপৰা চাহ জনগোষ্ঠীয় লোকৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি লৈ প্ৰত্যক্ষ ৰাজনীতিত নামি পৰিছে । ৰাইজৰ ওচৰলৈ ভোট বিচাৰি যাব ।
কলিয়াবৰ সমজিলা কাৰ্যালয়ত শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি এই সন্দৰ্ভত সাংবাদিকৰ আগত কবিতা নাগে কয়, "সমাগত পঞ্চায়ত নিৰ্বাচন বাবে আজি দ্বাৰ বাগৰি জিলা পৰিষদ সমষ্টিৰ এগৰাকী প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছো । যিহেতু আমাৰ দ্বাৰ শালনা জিলা পৰিষদৰ ৮০ শতাংশ বাসিন্দাই চাহ জনগোষ্ঠীয় । তথাপি যোৱা চাৰিটা কাৰ্যকালত দেখিছো, যিদৰে অঞ্চলটোৰ উন্নতি হ'ব লাগিছিল সেইদৰে উন্নতি হোৱা নাই। সেয়ে ৰাইজৰ অনুৰোধত ওলাই আহিছো । মোৰ প্ৰয়াত পিতৃ বলোৰাম নাগদেৱে মন্ত্ৰী হৈ থাকোতে যিদৰে কলিয়াবৰ সমষ্টিৰ লগতে অসমৰ আন ঠাইৰ উন্নয়নত আগভাগ লৈছিল, সেই পথেৰেই মই আগুৱাব বিচাৰো ।"

