চলন্ত ৰে'লৰ আগত জাঁপ দি আত্মহত্যাৰ চেষ্টা প্ৰাক্তন সেনা জোৱানৰ - Attempt to suicide
Attempt to suicide: জী-জোঁৱাইৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ চেষ্টা চলালে এগৰাকী প্ৰাক্তন ভাৰতীয় সেনা জোৱানে । শুকুৰবাৰে পুৱাৰ ভাগত নাৰেংগীত চলন্ত যাত্ৰীবাহী ৰে'লৰ আগত জাঁপ দি আত্মহত্যাৰ চেষ্টা চলাই লোকজনে । ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।

Published : May 24, 2024 at 10:22 PM IST
গুৱাহাটী,২৪ মে': নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশৰ হৈ সীমান্তত সাহসেৰে যুঁজ দিয়া ভাৰতীয় সেনা বাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত জোৱানে এতিয়া বৃদ্ধ বয়সত নিজৰ ঘৰ তথা পৰিয়ালতে সন্মুখীন হ'বলগা হৈছে লঘু-লাঞ্চনাৰ । নিজ কন্যা তথা জোঁৱাইৰ পৰা পাবলগীয়া হৈছে চৰম অপমান । দীৰ্ঘদিন ধৰি নিজ গৃহতে জী-জোঁৱাইৰ দ্বাৰা সন্মুখীন হৈ অহা অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতনত অতিষ্ঠ হৈ আত্মহত্যাৰ চেষ্টা চলায় ।
হেঙেৰাবাৰী, বৰবাৰী অঞ্চলৰ ৮০ উৰ্ধৰ লোকগৰাকীয়ে শুকুৰবাৰে পুৱা প্ৰায় ৮:৩০ বজাত নাৰেংগী, ফৰেষ্টগেট ৰে'ল লাইনত চলন্ত ৰে'লৰ আগত জপিয়াই আত্মহত্যাৰ চেষ্টা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । অৱশ্যে স্থানীয় একাংশ লোক আৰু ৰে'ল লাইনৰ গেটমেনৰ তৎপৰতাতহে কথমপি প্ৰাণ ৰক্ষা পৰে পুতুল মেচ নামৰ প্ৰাক্তন সেনা জোৱানজনৰ ।
জানিব পৰা মতে ভাৰতীয় সেনাৰ জোৱান পুতুল মেচে ৩০ বছৰ পূৰ্বে সেনা বাহিনীৰ পৰা স্ব-ইচ্ছাৰে অৱসৰ লোৱাৰ পিছত গুৱাহাটীৰ এখন গাড়ীৰ গেৰেজত কাম কৰিবলৈ লয় । এই সময়ৰ ভিতৰতে তেওঁৰ পত্নীৰ মৃত্যু হয় । পত্নীৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰা প্ৰাক্তন সেনা জোৱানগৰাকীয়ে মহানগৰীৰ বৰবাৰীস্থিত ঘৰত জী-জোঁৱাইৰ সৈতে একেলগে থাকিবলৈ লয় ।
পত্নীৰ মৃত্যুৰ পিছত পুতুল মেচে তেওঁৰ একমাত্ৰ কন্যা, জোঁৱাই আৰু নাতিনীৰ সৈতে সুন্দৰকৈ চলি আছিল । কিন্তু শেহতীয়াভাবে বিভিন্ন কথাক কেন্দ্ৰ কৰি জী-জোঁৱাইৰ সৈতে মতানৈক্য হয় । পৰৱৰ্তী সময়ত সাধাৰণ কিবা কথাতে পুতুল মেচক গালি-গালাজ কৰাৰ লগতে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলায় । দিনক দিনে বৃদ্ধি পোৱা তেওঁলোকৰ এনে অভব্য আচৰণত অতিষ্ঠ হৈ অৱশেষত শুকুৰবাৰে পুৱাৰ ভাগত বৰবাৰীৰ নিজৰ ঘৰৰ পৰা ওলাই আহি নাৰেংগীৰ ফৰেষ্টগেটৰ ৰে'ল গেটত এখন চলন্ত যাত্ৰীবাহী ৰে'লৰ আগত জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে ।
তেনে সময়তে ঘটনাটো প্ৰত্যক্ষ কৰি ৰে'লৱেৰ গেটমেনগৰাকীয়ে একাংশ লোকৰ সহযোগত লোকজনক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত নুনমাটি আৰক্ষীক গতাই দিয়ে । ইফালে জোৱানগৰাকীৰ কন্যাই তেওঁৰ পিতৃক শাৰীৰিক অত্যাচাৰ কৰাৰ কথা অস্বীকাৰ কৰি তেওঁৰ পিতৃয়ে অত্যধিক সুৰাপান কৰি কটু কথা কৈ পৰিৱেশ বিনষ্ট কৰাৰহে অভিযোগ উত্থাপন কৰে ।

