শোণিতপুৰত প্ৰাক্তন সেনা সন্মিলন: প্ৰাক্তন সেনা জোৱানক সম্বৰ্ধনা
দেশমাতৃৰ সেৱাত নিয়োজিত হৈ অংগক্ষত জোৱানৰ লগতে শ্বহীদ জোৱানৰ পৰিয়ালকো জ্ঞাপন কৰা হয় সম্বৰ্ধনা ।

Published : March 2, 2025 at 6:54 PM IST
তেজপুৰ: শোণিতপুৰৰ ঘোঁৰামাৰীত দেওবাৰে অনুষ্ঠিত প্ৰাক্তন সৈনিক সন্মিলনত হুইল শ্বেয়াৰত বহিয়েই অংশগ্ৰহণ কৰিলে দেশৰ হকে জীৱনৰ সৰহ সংখ্যক সময় অতিবাহিত কৰা প্ৰাক্তন বীৰ সৈনিকসকলে । তেওঁলোকক আদৰি আনিলে বৰ্তমানৰ সেনা জোৱান তথা বিষয়াসকলে । এইসকলৰ ভিতৰত অন্যতম শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সঙীয়া মাজৰ চুকৰ বীৰেণ শইকীয়া ।
১৯৭১ চনৰ কাৰ্গিল যুদ্ধৰ বীৰ সৈনিক বীৰেণ শইকীয়াই প্রাক্তন সৈনিক সন্মিলনত অতীতক সুঁৱৰি আৱেগিক হৈ পৰে । বহুতো পুৰণি স্মৃতিৰে মনৰ কথা প্ৰকাশ কৰিলে প্ৰাক্তন জোৱানগৰাকীয়ে । ১৯৭১ চনত বাংলাদেশৰ হৈ পাকিস্তানৰ সৈতে হোৱা যুদ্ধত নিজৰ দুখন ভৰি হেৰুওৱাৰ পিছতো আজিও সেই যুদ্ধৰ স্মৃতি লৈ জীয়াই আছে বীৰ সৈনিক বীৰেণ শইকীয়া ।
১৯৭১ চনৰ ৩ ডিচেম্বৰত পাকিস্তানৰ লগত যুদ্ধ ঘোষণা হোৱাৰ পাছত ৫ ডিচেম্বৰত কাৰ্গিলৰ ত্ৰিশূল নামৰ দ্বিতীয় সুৰক্ষা চকী অধিগ্ৰহণ কৰিছিল যদিও সৈনিক শইকীয়াৰ দুয়োখন ভৰি জঠৰ হৈ পৰে আৰু মুমূৰ্ষু অৱস্থাত ৭ দিন পৰি থাকে বীৰ সৈনিক বীৰেণ শইকীয়া । সেই কথাবোৰ সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিলে প্ৰাক্তন জোৱানগৰাকীয়ে ।
উল্লেখ্য যে তেজপুৰৰ ঐতিহাসিক ঘোঁৰামাৰী গ্ৰাম্য ষ্টেডিয়ামত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে প্ৰাক্তন সৈনিক সন্মিলন ২৫ অনুষ্ঠিত হয় ৷ ২৭ নং ৰাজপুত ৰেজিমেণ্টৰ উদ্যোগত সেনাৰ চতুৰ্থ ক'ৰ আৰু শোণিতপুৰ জিলা সৈনিক ব'ৰ্ডৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত প্ৰথমে চীন-ভাৰত যুদ্ধ, ভাৰত-পাকিস্তান যুদ্ধ, ভাৰত-বাংলাদেশ যুদ্ধ, ১৯৯৯ৰ কাৰ্গিল যুদ্ধত দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া আৰু আহত সৈনিক তথা পৰিয়ালৰ সদস্যক আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱা হয় ৷ এই অনুষ্ঠানত সেনাৰ চতুৰ্থ ক'ৰৰ ব্ৰিগেডিয়াৰ শৈলেন পাণ্ডেই অংশ লৈ সেই সময়ত আঘাতপ্ৰাপ্ত আৰু প্ৰাক্তন সৈনিকসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় ৷

উল্লেখ্য যে এই বিশাল প্ৰাক্তন সৈনিক সন্মিলনত ভাৰত-পাকিস্তান যুদ্ধত দেশৰ অখণ্ডতাৰ বাবে যুদ্ধ কৰা আৰু শ্ৰীলংকালৈ ভাৰতৰ শান্তি অভিযানলৈ যোৱা হাবিলদাৰ কুমুদ চন্দ্ৰ দাস, বীৰেণ শইকীয়াকে ধৰি বহুকেইজন বীৰ সৈনিকক তেওঁলোকে দেশৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত সেই যুদ্ধকালীন পৰিস্থিতিত কুমুদ চন্দ্ৰ দাস আৰু বীৰেণ শইকীয়াই দেশ মাতৃৰ সুৰক্ষাৰ বাবে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে স্মৰণ কৰি আৱেগিক হৈ পৰে ৷ তেওঁলোকে দেশমাতৃৰ স্বাৰ্থত অংগক্ষত হোৱাক লৈ কোনো আক্ষেপ নাই বুলি কৈ প্ৰয়োজনত দেশৰ বাবে তেওঁলোক প্ৰাণ আহুতি দিবলৈও সাজু আছিল বুলিও উল্লেখ কৰে ৷ এই দুয়োগৰাকী বীৰ সৈনিকে নতুন প্ৰজন্মক ভাৰতীয় সেনাবাহিনীত যোগদান কৰি দেশৰ প্ৰতিৰক্ষা বাহিনীক অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অগ্নিবীৰ আঁচনিৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে সন্মিলনৰ সৈতে সংগতি ৰাখি জিলা উদ্যোগকেন্দ্ৰ, পশুপালন বিভাগ, কৃষি আৰু মীন বিভাগৰ লগতে বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানৰ প্ৰদৰ্শনীমূলক বিপণিৰ লগতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰো আয়োজন কৰা হয় ৷ এই সন্মিলনত মুখ্য অতিথি হিচাপে চতুৰ্থ সেনাৰ মেজৰ জেনেৰেল হৰদীপ সিং গীলে অংশগ্ৰহণ কৰে । লগতে ব্ৰিগেডিয়াৰ তনুজ পাণ্ডে, অসম ৰাজ্যিক সৈনিক কল্যাণ ব'ৰ্ডৰ সভাপতি দীনেশ মহন্ত, শোণিতপুৰ জিলা সৈনিক ব'ৰ্ডৰ সভাপতি ইন্দু মেধি, সম্পাদক টংকেশ্বৰ বসুমতাৰী আৰু বিশ্বনাথৰ সভাপতি তিলক বড়ো, সম্পাদক ডম্বৰু বৰাকে ধৰি জিলাখনৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত জ্যোতি ভাৰতীৰ তৰফৰ পৰা ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰাৰ লগতে সেনাৰ ৰাজপুত আৰু পাঞ্জাৱ ৰেজিমেণ্টেও সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :শীঘ্ৰে আৰম্ভ হ'ব ভাৰত-ভূটান সংযোগী ঐতিহাসিক ৰে'লপথৰ নিৰ্মাণকাৰ্য ! - INDIAN BHUTAN RAIL LINE

