ডিব্ৰুগড় : নাৰী কেলংকাৰী বিৰ্তকত নাম সাঙোৰ খোৱাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পাছতো যেন বিৰ্তকই লগ এৰা নাই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ এগৰাকী সক্ৰিয় সদস্যাই শংকৰজ্যেোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপন কৰিছিল কেবাটাও গুৰুতৰ অভিযোগ । যি ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচ'ৰাৰ লগতে ৰাজ্যৰ সচেতন মহলৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল ।
এগৰাকী যুৱতীয়ে এজাহাৰ দাখিল কৰাৰ পাছত শংকৰজ্যোতিয়ে আদালতত জামিন লৈ নিজকে ৰঙাঘৰলৈ যোৱাৰ পৰা ৰক্ষা কৰিছিল । ইয়াৰ পাছতে শংকৰজ্যোতি বৰুৱাই ২০২৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে আছুৰ পৰা অব্যাহতি লৈ দুলীয়াজানৰ গৃহত থাকি আৰম্ভ কৰিছিল সামাজিক কাম ।
দেখা গৈছিল দুলীয়াজানৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে জড়িত হোৱাৰ লগতে পূজা, বিহু অনুষ্ঠিত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল । চৰ্চা চলিছিল ২০২৬ ৰ বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । কিন্তু ইয়াৰ মাজতে সোমবাৰে হেণ্ডকাফ পিন্ধি ডিব্ৰুগড়ৰ ন্যায়িক আদালতলৈ যাবলগা হ'ল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ।
প্ৰথমবাৰ হাতত হেণ্ডকাপ নালাগিল যদিও দ্বিতীয়বাৰ হাতত হেণ্ডকাফ লাগিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ । ইফালে হেণ্ডকাফ লগাই ডিব্ৰুগড় ন্যায়িক আদালতলৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক নিয়াক লৈ বিভিন্নজনে আৰক্ষীক সামাজিক মাধ্যমত কৰিছে সমালোচনা ।
কিয় হেণ্ডকাফ লাগিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ হাতত
শনিবাৰে দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ'ল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা । এই ঘটনাত পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰী তানু চাহি, নৱজিৎ চাহি, ৰাজ সিং আৰু অজয় যাদৱ আহত হয় । গুণ্ডা বাহিনীৰ আক্ৰমণত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ।
পেট্ৰ'ল পাম্প কৰ্তৃপক্ষৰ অভিযোগত দিন দুপৰতে পেট্ৰ'ল পাম্পত বৃহৎ গুণ্ডা বাহিনীৰ আক্ৰমণৰ ঘটনাক লৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে । দেওবাৰে নিশাই দুলীয়াজান আৰক্ষীৰ সহযোগত আটক কৰা পাছত সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় শংকৰজ্যোতি বৰুৱাক ।
ইয়াৰ পাছতে হেণ্ডকাফ লগাই ডিব্ৰুগড় ন্যায়িক আদালতলৈ অনা হ'ল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ।
কি কি ধাৰা প্ৰয়োগ কৰা হৈছে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে
দেওবাৰে নিশাৰে পৰা ডিব্ৰুগড় সদৰ থানাত মাৰাথন জেৰা চলোৱাৰ অন্তত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ দুলীয়াজান থানাত ৯০/২৫ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আৰক্ষীয়ে 196(1)(a) /196(1) (b)/197(1) (b) /197(1) (c)/197(1) (d) / 3(5) / 352/ 353(1) (b) /353(1) (c) / 353(2) ধাৰাসমূহ আৰোপ কৰি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনক গ্ৰেপ্তাৰ কৰিছে। স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁক আদলতত হাজিৰ কৰোৱা হয় ।
পুনৰ গ্ৰেপ্তাৰ
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ পাছতে আদালতত চলা আইনী প্ৰক্ৰিয়াক লৈ তেওঁৰ অধিবক্তাই কয়, "দুলীয়াজান থানাৰ কেছ নম্বৰ ১৯/২০২৫ গোচৰত বেইলৰ শুনানি হৈছে । আৰক্ষীয়ে তিনিদিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে বাতিল কৰিছে । আৰু এটা দুলীয়াজান থানাৰ কেছ ৮৯/২৫ । এই কেছত আৰক্ষীয়ে ছেকচন এড কৰিছে । এই গোচৰটোত পুনৰ আটক কৰিবলৈ আৰক্ষী সাজু হৈছে । এই ক্ষেত্ৰত আমি আদালতত জনাইছোঁ । কিন্তু পুনৰ আটক হোৱাৰ সম্ভাৱনা আছে ।"
শংকৰজ্যোতি বৰুৱাই সাম্প্ৰদায়িক উচটনি, পেট্ৰ'ল পাম্পত ভয়-ভাবুকি দিয়া আৰু ফেচবুকত কিছু মন্তব্য দিয়া বুলি আৰক্ষীয়ে আদালতত উল্লেখ কৰিছে বুলি অধিবক্তাই জানিবলৈ দিয়ে।
কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব লাগিব শংকৰজ্যোতি বৰুৱা
আনহাতে, কেইবা ঘণ্টা ধৰি চলা শুনানিৰ পাছত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এটা গোচৰত জামিন লাভ কৰে যদিও আন এটা গোচৰত পুনৰ জামিন লাভ নকৰাত আদালতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে ।
অধিবক্তাই কয়, "দুলীয়াজান থানাৰ কেছ নং ৯০/২০২৫ গোচৰত জামিন লাভ কৰিলে । কিন্তু ৮৯/২৫ গোচৰত জামিন লাভ নকৰিলে, সেইবাবে তেওঁ আজিৰে পৰা জামিন লাভ নকৰা পৰ্যন্ত জে'লত থাকিব লাগিব ।"
অধিবক্তগৰাকীয়ে লগতে কয়, "আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই আদালতলৈ অনাটো আমি আদালতক অৱগত কৰিলো । তাৰ পাছত হেণ্ডকাফ আঁতৰাই দিছে । কাইলৈ বা পৰহিলৈ জামিন আবেদন পুনৰ কৰা হ'ব ।"
শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
ইফালে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক চৰ্চা আৰু সমালোচনা হোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকলৈ এক নিৰ্দেশো প্ৰদান কৰে । নিৰ্দেশটোত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ নলগাবলৈ নিৰ্দেশ দিয়ে ।