ETV Bharat / state

ৰাজ্যৰ আৰু ক'ত ক'ত হ'ব উচ্ছেদ, কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

উচ্ছেদ চলিবলগীয়া স্থানসমূহ শীঘ্ৰে খালী কৰাৰ আহ্বান । সাংবাদিকক পুনৰ কি নীতিশিক্ষা দিলে মুখ্যমন্ত্ৰীয়ে ?

Himanta Biswa Sarma
সাংবাদিকক নীতিশিক্ষা মুখ্যমন্ত্ৰীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 9:01 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান । এইবাৰ গোৱালপাৰাৰ পাইকান বনাঞ্চলতো চলিব উচ্ছেদ অভিযান । এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

দেওবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে অহা ১০ জুলাইত পাইকান বনাঞ্চলত উচ্ছেদ অভিযান চলিব । আনহাতে পাৱাৰ প্লাণ্টৰ বাবে ৮ জুলাইৰ পৰা চাপৰত উচ্ছেদ অভিযান আৰম্ভ হ'ব । কিন্তু চাপৰত উচ্ছেদ কৰাৰ আগতেই ৰাইজ প্ৰায় আঁতৰি গৈছে । যিসকল লোকৰ ম্যাদী পট্টাৰ মাটি আছিল তথা চৰকাৰে আৱণ্টন দিছিল তেওঁলোকক চৰকাৰী আইন অনুসৰি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে । যিহেতু পাইকানখন বনাঞ্চল সেয়ে ১০ জুলাইত উচ্ছেদ অভিযান চলিব । তাত এতিয়ালৈকে বহুত মানুহ আঁতৰি যোৱা নাই । গতিকে ১০ জুলাইত উচ্ছেদ কৰিবলগীয়া হ'ব পাৰে । কিন্তু আমি বিচাৰো যে উচ্ছেদ কৰাৰ আগতে ৰাইজ যাতে নিজে নিজে আঁতৰি যায় ।"

উচ্ছেদ হ'বলগীয়া স্থানসমূহ খালী কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ (ETV Bharat)

ইফালে গুৱাহাটীৰ মাছখোৱাত হোৱা নাগৰিক অভিৱৰ্তনত বিৰোধী সমবেত হোৱাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে ওলোটাই সাংবাদিকক লক্ষ্য কৰি লয় । মুখ্যমন্ত্রীয়ে কয়, "আপোনালোকৰ মানসিকতাটো এনেকুৱা যে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো, অতুল বৰা একত্রিত হ'লে তেতিয়া আপোনালোকে এই প্ৰশ্নটো নকৰে । গতিকে সাংবাদিকসকলে কেনেকুৱা প্ৰশ্ন কৰিলে নিৰপেক্ষ যেন অনুভৱ হয় তাৰ দায়িত্ব আপোনালোকেও ল'ব লাগে । যিদিনাখন অতুল বৰা, কেশৱ মহন্ত, মই, সৰ্বানন্দ সোণোৱাল, প্ৰমোদ বড়ো, ইউ জি ব্ৰহ্ম একত্রিত হওঁ তেতিয়াতো আপোনালোকে এই প্ৰশ্নটো নকৰে । গতিকে আপোনালোকৰ পক্ষপাত দেখিলে আপোনালোকৰ প্ৰতি মাজে মাজে মোৰ সান্ত্বনাও ওপজে, অলপ অলপ খঙো উঠে, অলপ অলপ দুখো লাগে যে আপোনালোক কিয় ইমান পক্ষপাত হৈছে । এই যিকেইজন মানুহ লগ লাগিছে তেওঁলোক কিমানবাৰ হাৰিব লাগিব । মই বাৰে বাৰে দেখুৱাই দিলো যে এইবিলাক কোনো হিৰ' নহয় । প্ৰথমতে বিধানসভাত হৰুৱালো । তাৰ পিছত লোকসভা আৰু পঞ্চায়তত হৰুৱালো । এতিয়াও আপোনালোকৰ মায়া-মোহ শেষ হোৱা নাই । গতিকে ২০২৬ত ভালদৰে হাৰিলে মই আশা কৰো যে আপোনালোকৰ মায়া-মোহ স্থায়ীভাৱে নোহোৱা হ'ব ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "২০২১ ত হাগ্ৰামা মহিলাৰী, বদৰুদ্দিন আজমল, ৰিপুণ বৰা এই সকলোবোৰ একেলগ হোৱাৰ পাছত আপোনালোকে তাল-ফাল লগাইছিল । ২০২১ৰ আপোনালোকৰ নিউজবোৰ মাজে মাজে মই ইউটিউবত চাই থাকো । সেই সময়ত বিজেপিক নাইকীয়া কৰি দিছিল । ২০২১ৰ নিউজবোৰ আপোনালোকে অলপ চাব । মই ভাবো যে আপোনালোকে আশা কৰি থকাটো বাস্তৱ নহয় । বি টি চি নিৰ্বাচনতে তাৰ ফলাফল পাব ।"

লগতে পঢ়ক :নামঘৰতো গৰু মাংস পৰিব নালাগে, মছজিদতো গাহৰি মাংস পৰিব নালাগে: মুখ্যমন্ত্ৰী - PORK MEAT FOUND IN MOSQUE