ETV Bharat / state

এক্সকেভেটৰে এফালৰ পৰা মহতিয়াই নিছে ঘৰ-বাৰী, আৰম্ভ চৰকাৰৰ উচ্ছেদ অভিযান

উৰিয়ামঘাটৰ বিদ্যাপুৰৰ পৰাই আৰম্ভ হৈছে এই উচ্ছেদ অভিযান । উচ্ছেদস্থলীত হ’ব পৰা যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই সষ্টম হৈ আছে আৰক্ষী-প্ৰশাসন ৷

URIAMGHAT EVICTION
এফালৰ পৰা ধ্বংস কৰা হৈছে বেদখলকাৰীৰ সা-সম্পত্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 1:42 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: নামনিৰ পিছত উজনি অসমৰ বেদখলকৃত ভূমিত চলিছে অসম চৰকাৰৰ উচ্ছেদ ৷ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বিদ্যাপুৰ বজাৰত মঙলবাৰে পুৱাৰে পৰা চলে উচ্ছেদ অভিযান ৷

ৰেংমা বনাঞ্চলৰ বেদখলকাৰীৰ বাসগৃহৰ লগতে ব্যৱসায়িক-প্ৰতিষ্ঠানসমূহ এফালৰ পৰা প্ৰশাসনৰ বুলড’জাৰে মহতিয়াই নিয়ে । এই অভিযানক অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান হিচাপে গণ্য কৰা হৈছে ।

বিদ্যাপুৰৰ পৰাই আৰম্ভ হৈছে এই উচ্ছেদ অভিযান (ETV Bharat Assam)

উৰিয়ামঘাটৰ বিদ্যাপুৰৰ পৰাই আৰম্ভ হৈছে এই উচ্ছেদ অভিযান । এক্সকেভেটৰৰ সহায়ত এফালৰ পৰা ধ্বংস কৰা হৈছে বেদখলকাৰীৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি ।

উচ্ছেদৰ তালিকাত থকা গাঁওসমূহ হৈছে ক্ৰমে- সোণাৰীবিল টোপ, ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, দলনীপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ, আনন্দপুৰ ইত্যাদি । উচ্ছেদস্থলীত হ’ব পৰা যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই সষ্টম হৈ আছে আৰক্ষী-প্ৰশাসন ৷ মুঠৰ ওপৰত এক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে অসম চৰকাৰৰ এই উচ্ছেদ অভিযান ।

URIAMGHAT EVICTION
এক্সকেভেটৰ, আৰক্ষীক লগত লৈ চৰকাৰ তথা বন বিভাগৰ লোকসকল উৰিয়ামঘাটত উপস্থিত হোৱাৰ দৃশ্য (ETV Bharat Assam)

লগতে পঢ়ক: ১০০ খন এক্সকেভেটৰ, আঢ়ৈ হাজাৰ আৰক্ষী: আজি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান - URIAMGHAT EVICTION

উল্লেখ্য যে, এক প্ৰকাৰে উজনি অসমৰ বেদখলকাৰীৰ অভিকেন্দ্ৰ হৈ পৰিছিল উৰিয়ামঘাট সীমান্ত । বিভিন্ন ধৰণৰ অনৈতিক তথা কুখ্যাত, সমাজ বিৰোধী কাম এই স্থানৰ পৰাই সংঘটিত কৰিছিল বেদখলকাৰীসকলে ।

URIAMGHAT EVICTION
বনাঞ্চলৰ ভূমিতেই গঢ়ি উঠিছিল অবৈধ বিপণি (ETV Bharat Assam)

কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ পোৱাৰ পিছতেই তৎকালীনভাৱে উচ্ছেদস্থলীৰ জৰীপ কাৰ্য সম্পূৰ্ণ কৰিছিল বন বিভাগে । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰেংমা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে ৷ তাৰ কিছুদিন পিছতেই অৰ্থাৎ মঙলবাৰে(আজি) চলে উচ্ছেদ অভিযান । বনাঞ্চলৰ ভূমি সম্পূৰ্ণ বেদখলমুক্ত কৰাৰ স্বাৰ্থতেই চলোৱা হৈছে এই উচ্ছেদ ৷

উল্লেখ্য যে, কিছুদিনপূৰ্বে ড্ৰোণযোগে লোৱা এই স্থানৰ কিছু ভিডিঅ’ ব্যাপকভাৱে সামাজিক মাধ্যমত প্ৰকাশ পাইছিল ৷ স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ একাউণ্টৰ পৰাই প্ৰকাশ পাইছিল বেদখলকৃত ভূমিৰ ভিডিঅ’ ৷

লগতে পঢ়ক: উৰিয়ামঘাট সীমান্তত যুদ্ধকালীন পৰিৱেশ; বেদখলকাৰীৰ বিৰুদ্ধে চলিব অসম চৰকাৰৰ বুলড’জাৰ - URIAMGHAT EVICTION