শিলসাঁকোত বুলড'জাৰ: ভাঙি পেলোৱা হ'ল অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান
এমাহৰ ভিতৰত উচ্ছেদ চলোৱা হ'ব শিলসাঁকোৰ আৰু ৫ টাকৈ প্ৰতিষ্ঠানত ।

Published : May 21, 2025 at 9:33 AM IST
গুৱাহাটী: এজাক বৰষুণতেই ডুবিল স্মাৰ্ট চিটী । তেনে সময়তে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমধানৰ বাবে শিলসাঁকোত পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে চৰকাৰে । বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত শিলসাঁকোত পুনৰ উচ্ছেদ অভিযান চলালে প্ৰশাসনে । অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠানত বুলড'জাৰ চলাৰ পিছত পৰ্যায়ক্ৰমে চলিব কেইবাখনো প্ৰতিষ্ঠানৰ লগতে টেনিছ ক'ৰ্টতো । মঙলবাৰে এই কথা সদৰী কৰিছে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
মঙলবাৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত বুলড'জাৰৰে ভাঙি পেলোৱা হয় শিলসাঁকোস্থিত অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান চমুকৈ অ' কে ডি । মহানগৰীৰ চচলত অৱস্থিত এই প্রতিষ্ঠানটোৰ বাবে ইতিমধ্যে চৰকাৰে মহানগৰীৰ জয়নগৰত ভূমি আবণ্টন দিছে ।
বিভাগীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ এই বিষয়ে উল্লেখ কৰি কয়, "শিলসাঁকোৰ বুকুত অবৈধভাৱে দখল কৰি থকা কো-অপাৰেটিভ বেংক, জিঞ্জাৰ হোটেল, ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট চমুকৈ আই এইচ এম, টেনিছ ক'ৰ্ট আদি একাদিক্ৰমে ভাঙি পেলোৱা হ'ব । ইতিমধ্যে এইসকলক চৰকাৰী ব্যৱস্থা অনুসৰি ক্ষতিপূৰণ তথা স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে । চৰকাৰী নিৰ্দেশনা অনুসৰি আজি অমিয় কুমাৰ দাস ইনষ্টিটিউটত উচ্ছেদ চলোৱা হয় । এই মাহৰ ৩০ তাৰিখে আই এইচ এমখন ভঙা হ'ব । অহা এক-দুমাহৰ ভিতৰত অৰ্থাৎ বানপানীৰ আগে আগে শিলসাঁকোৰ বুকুত থকা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰা হ'ব ।"
মন্ত্ৰীগৰাকীয়ে লগতে কয়, "উচ্ছেদ কৰাৰ পিছত শিলসাঁকোৰ বুকু বহল কৰা হ'ব আৰু তাৰ বাবে খন্দা হ'ব । এইবাৰ খৰালি সময়ত শিলসাঁকোৰ জলাশয় খননৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব । ইয়াৰ ফলত গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা ১০০ শতাংশ নহ'লেও যথেষ্ট কমিব বুলি আশা কৰিছো ।" এজাক বৰষুণতে গুৱাহাটীৰ বিভিন্ন ঠাইত কৃত্ৰিম বান সৃষ্টি হোৱা প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয়, "মেঘালয়ৰ পানী সোমাই আমাৰ ইয়াত বানপানীৰ সৃষ্টি কৰিছে সেয়া স্পষ্ট হৈছে । USTM ৰ দৰে এজেন্সীয়ে ফ্লাড জেহাদ সৃষ্টি কৰি গছ-গছনি কাটি দিয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী সোমাই গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে । মেঘালয়ৰ পানী যাতে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গুৱাহাটী মহানগৰীত সোমাব নোৱাৰে তাৰ বাবে আমি পৰিকল্পনা হাতত লৈছো ।"
কেনেকৈ সেই পানীৰ সোঁত প্ৰতিৰোধ কৰিব তাৰ ব্য়াখ্য়া কৰি মন্ত্ৰীগৰাকীয়ে কয়, "সেই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে নলা বনাই সেই পানী নলাৰে বোৱাই পামহী হৈ দীপৰবিলত পেলাই ব্ৰহ্মপুত্ৰত উলিয়াই দিয়াৰ ব্যৱস্থা কৰা হ'ব । আনটো পাৰৰ নলাৰে শিলসাঁকোত পেলাই ব্ৰহ্মপুত্ৰত ওলাই যাব পৰাকৈ ব্যৱস্থা কৰা হ'ব । সেই অনুসৰি কইনাধৰাৰ পৰা গুৰুদ্বাৰ হৈ পামহী হৈ এটা ডাঙৰ চেনেল বনোৱা হ'ব । যি চেনেলে গৈ দীপৰ বিলত পানী পেলাব । আনটোৰে খনাপাৰাৰ পৰা পানী নি শিলসাঁকোত পেলোৱা হব ।"
ইফালে, উত্তৰ গুৱাহাটীলৈ ফাঁচী বজাৰ স্থানান্তৰিত কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "ফাঁচী বজাৰখনতো উঠাই নিব নোৱাৰি । আমি ব্ৰহ্মপুত্ৰৰ সিটো পাৰে এখন অত্যাধুনিক লজিষ্টিক পাৰ্ক তথা হোলছেল মাৰ্কেট কৰাৰ ব্যৱস্থা কৰিছো । ব্ৰহ্মপুত্ৰৰ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ফাঁচী বজাৰৰ পৰা সেই স্থানৰ দূৰত্ব হ'ব মাত্ৰ ১০মিনিট । ছিংগাপুৰৰ এটা এজেন্সীক বজাৰখন বনোৱাৰ দায়িত্ব দিয়া হৈছে ।"

