উচ্ছেদৰ সময়ত চৰকাৰে পক্ষপাতিত্বৰ সলনি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলক: মেহমুদ মাদানী
উচ্ছেদৰ বিৰোধিতা কৰাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা সমালোচনাৰ বিৰুদ্ধেও মাদানীৰ প্ৰত্যুত্তৰ ৷

Published : September 2, 2025 at 2:45 PM IST
গুৱাহাটী: গুৱাহাটীত জমিয়ত-উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলত মাদানীয়ে উচ্ছেদকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য প্ৰকাশ কৰে ৷
সংগঠনটোৰ সভাপতি মৌলানা মেহমুদ মাদানীয়ে উচ্ছেদ সন্দৰ্ভত দৃঢ়তাৰে কয় যে অসম চৰকাৰে চলাই থকা উচ্ছেদ অভিযানসমূহ ঘৃণা বা খৰখেদাকৈ চলোৱাৰ সলনি উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা অনুসৰি কঠোৰভাৱে চলোৱা উচিত ৷
গোৱালপাৰা আৰু দাঁতিকাষৰীয়া অঞ্চলৰ বেদখলকৃত পৰিয়ালসমূহক সাক্ষাৎ কৰা মাদানীয়ে সংবাদমেলত এনেদৰে স্থিতি স্পষ্ট কৰে, ‘‘আমি উচ্ছেদৰ বিৰোধী নহয় । চৰকাৰক পথ বা অন্যান্য উন্নয়নমূলক কামৰ বাবে মাটিৰ প্ৰয়োজন হ’ব পাৰে । কিন্তু প্ৰতিটো উচ্ছেদতে আইনৰ শাসন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলিব লাগিব ।’’
পুনৰ সংস্থাপন আলোচনাৰ বাহিৰৰ বিষয়: মাদানী
মাদানীয়ে এনে অভিযানৰ দ্বাৰা প্ৰভাৱিত প্ৰতিগৰাকী প্ৰকৃত নাগৰিকক পুনৰ সংস্থাপন দিয়াৰ বিষয়টোত জড়িত সাংবিধানিক বাধ্যবাধকতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । তেওঁ কয়, ‘‘মানুহক বাসস্থানৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰাটো অমানৱীয় । অসম চৰকাৰে প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকৰ পুনৰ সংস্থাপন সুনিশ্চিত কৰিব লাগিব ।’’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ
উচ্ছেদৰ বিৰোধিতা কৰাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা সমালোচনাৰ বিৰুদ্ধেও মাদানীয়ে সংবাদমেলত উচিত প্ৰত্যুত্তৰ দিয়ে ৷
‘‘মই কালিৰ পৰা ইয়াত আছো । যদি মুখ্যমন্ত্ৰীয়ে বিশ্বাস কৰে যে মই কিবা ভুল কৰিলোঁ, তেন্তে তেওঁ ব্যৱস্থা লোৱা উচিত আছিল । ভাবুকি নিদিব, কাম কৰক’’- বুলি মাদানীয়ে সংবাদমেলত কয় ৷ একাংশ উচ্ছেদ অভিযান অমানৱীয় আৰু বৈষম্যমূলকভাৱে চলোৱাৰো অভিযোগ তোলে ৷ আইনী প্ৰক্ৰিয়াৰ বাহিৰত গৈ একাংশ সম্প্ৰদায়ক চৰকাৰে লক্ষ্য কৰি লোৱাৰো অভিযোগ তোলে মাদানীয়ে ৷
উল্লেখ্য যে, বিগত কেইবছৰমানৰ পৰা অসমত ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলোৱা হৈছে ৷ প্ৰায়ে চৰকাৰী অথবা বনাঞ্চলৰ পৰা বেদখলকাৰীক আঁতৰোৱাত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে । একাংশ সংগঠনৰ লগতে বিৰোধী নেতাসকলে এই কাৰ্যক সমালোচনা কৰি পৰিকল্পিত, খৰতকীয়া আৰু মানৱীয় সুৰক্ষাৰ অভাৱ থকা কাৰ্য বুলি অভিহিত কৰাৰ কথা মাদানীয়ে সংবাদমেলত ব্যক্ত কৰে ৷
মাদানীৰ এই ভ্ৰমণ আৰু মন্তব্যই অসমত সংখ্যালঘুৰ ভূমিৰ অধিকাৰ, বেদখল, নীতিগত প্ৰক্ৰিয়া আৰু সুৰক্ষা সম্পৰ্কীয় কথা-বতৰা পুনৰ চৰ্চা কৰাৰ বাট মুকলি কৰিছে ৷
লগতে পঢ়ক: জি এম চি এইচত নৱজাতকৰ মৃত্যু : মুৰব্বী অধ্যাপকসহ নিলম্বিত ২ চিকিৎসক

