ETV Bharat / state

উচ্ছেদিতৰ বিননি: মাটিত মিহলি হ'ল প্ৰায় ৯০ টা পৰিয়ালৰ ঘৰ-বাৰী

পাঁচ শতাধিক সামৰিক-অৰ্ধসামৰিক বাহিনীৰে নলবাৰীৰ মুকালমুৱাৰ বাকৰিকুছিত ৯৩ টা পৰিয়ালত চলিল প্রশাসনৰ এক্সকেভেটৰ-বুলড'জাৰ । কাহিলিপুৱাতে নলবাৰী প্ৰশাসনৰ উচ্ছেদ অভিযান ।

Eviction in Nalbari
নলবাৰীত উচ্ছেদ অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 2:31 PM IST

5 Min Read
Choose ETV Bharat

নলবাৰী: নলবাৰীৰ এটা প্ৰান্তত এতিয়া শুনিবলৈ পোৱা গৈছে কেৱল গৃহহাৰাৰ ক্ৰন্দন । নিজহাতে গঢ়া আপোন ঘৰখন, বাৰী-বস্তি, খেতি চকুৰ আগতে ধূলিসাৎ হোৱাত দিশহাৰা হৈ পৰিছে শ শ লোক । আনকি শোৱাপাটিতে তেওঁলোকৰ বাসগৃহত হাতুৰীৰ কোব, এক্সকেভেটৰ-বুলড'জাৰৰ হাতোৰা পৰাত পুৱাৰ চাহকাপ, পানীটুপিও নোখোৱাকৈ কণ কণ ল'ৰা-ছোৱালী বুকুট সাবটি আপোন ঘৰখন এৰি ৰাজপথলৈ ওলাই আহিবলগা হৈছে বহুজন ।

কিয়নো সোমবাৰে পুৱাতে নলবাৰীত চলোৱা হয় সৰ্ববৃহৎ উচ্ছেদ অভিযান । এই অভিযানত অঞ্চলটো উচ্ছেদিতৰ বিননিয়ে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে । ৰাস্তাত বাগৰি বাগৰি হিয়া ঢাকুৰি কান্দোন উচ্ছেদিত পৰিয়ালৰ ।

নলবাৰীত উচ্ছেদিতৰ বিননি (ETV Bharat Assam)

"আমাক জে চি বিৰে চেপি মাৰি থৈ যাওক । আমাৰ ল'ৰা-ছোৱালীয়ে পুৱা ৫ বজাৰে পৰা লঘোণে আছে । উচ্ছেদৰ নামত আমাক হাৰাশাস্তি কৰিছে চৰকাৰ-প্ৰশাসনে । এতিয়া আমি ক'লৈ যাম, ক'ত থাকিম । আমি ইয়াতেই মৰিম ।" এয়া হ'ল উচ্ছেদিতৰ ব্যথাভৰা ক্ষোভ ।

আনহাতে, ৰাজপথতে হিয়া ঢাকুৰি কান্দি মূৰ্চা যায় বৃদ্ধ, মহিলা । ঘৰ-বাৰী হেৰুৱাই এতিয়া ৰাপথতেই জীৱন কটাব বুলি মন্তব্য উচ্ছেদিত পৰিয়ালৰ ।

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে কাহিলিপুৱাৰে পৰা নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুকালমুৱাৰ বাকৰিকুছিত প্ৰশাসনে চলাই সৰ্ববৃহৎ উচ্ছেদ অভিযান । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰিকুছিৰ চৰকাৰী ভূমিত প্রশাসনে বুলড'জাৰ, এক্সকেভেটৰ লৈ এই অভিযান চলায় ।

Eviction in Nalbari
এনেদৰে উচ্ছেদ কৰা হৈছে বাৰী-বস্তিও (ETV Bharat Assam)

উল্লেখ্য যে উত্তৰ বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত বাকৰিকুছিৰ ১০৬ নং দাগৰ ৪৫২ বিঘা ১ কঠা ১৪ লেচা চৰকাৰী ভূমিত চলে এই উচ্ছেদ । এই ভূমি দীর্ঘদিন ধৰি বেদখল কৰি আহিছে প্ৰায় ৯৩ টা পৰিয়ালে । এই চৰকাৰী ভূমি বেদখল কৰি পৰিয়ালসমূহে বাসগৃহ নিৰ্মাণ কৰি, পুখুৰী খান্দি জীৱন-যাপন কৰি আহিছে । এই ভূমিতেই ঈদগাহ ময়দান, চৰকাৰী বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰও গঢ়ি উঠিছে ।

পৰৱৰ্তী সময়ত চৰকাৰৰ উচ্ছেদৰ জাননী যায় উক্ত পৰিয়ালসমূহলৈ । উক্ত চৰকাৰী ভূমি খালী কৰাৰ বাবে যোৱা ৩ জুনত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ে বেদখলকাৰীসকলক জাননী জাৰি কৰে । বেদখলকাৰীসকলে জাননী লাভ কৰাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে যদিও শেহতীয়াকৈ আদালতত মুখথেকেচা খাবলগীয়া হয় ।

ইফালে আদালতৰ ৰায়ৰ পাছতেই নলবাৰী জিলা প্রশাসনে সোমবাৰে পুৱাৰে পৰা উচ্ছেদ অভিযান চলায় । ইতিপূর্বেই একাংশ বেদখলকাৰীয়ে নিজৰ বাসগৃহসমূহ ভাঙি অইন ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে । যাৰ বাবে এই উচ্ছেদ অভিযান সফলভাৱে ৰূপায়ণ হোৱা বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জানিবলৈ দিয়ে ।

আনহাতে, উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে চলা বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয়, "ইয়াত যি জনসাধাৰণ আছিল তেওঁলোকে জিলা প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগ কৰিছে । কাৰণ আমি চাৰিদিন আগৰে পৰা তেওঁলোকৰ সৈতে প্ৰত্যক্ষভাৱে কথা-বতৰা পাতি আছিলোঁ । তাৰ ফলত আমি কোনোধৰণৰ বাধা নোপোৱাকৈ আমি এই গোটেইখিন কাম কৰি আছোঁ । আৰু কিছুসংখ্যক ইয়াত বসবাস কৰি থকা লোকে আগতেই তেওঁলোকৰ সা-সম্পত্তি লৈ গুচি গৈছে ।"

ইপিনে উক্ত উচ্ছেদস্থলীত উপস্থিত হয় আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিং । আই জি পিয়েও চৰকাৰী ভূমি বেদখল কৰি কোনোৱে থাকিব নোৱাৰে বুলি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া আগবঢ়ায় ।

Eviction in Nalbari
মাটিত মিহলি হ'ল আপোন ঘৰখন (ETV Bharat Assam)

তেওঁ কয়, "এইটো আমি আগৰে পৰা পৰিকল্পনা কৰি আছিলোঁ আৰু ইয়াত যিমান মানুহ আছুল বুজাই দিয়া হৈছিল । যিহেতু এয়া চৰকাৰী মাটি, ভি জি আৰ লেণ্ড হয়, ইয়াত থাকিব নোৱাৰে । সেইমতে এখন জাননী দি বুজাই-মেলি অৱশেষত আজি উচ্ছেদ কৰা হ'ল । শান্তিপূৰ্ণভাৱে হৈছে, কোনো ধৰণৰ আমি বাধা পোৱা নাই ।"

উল্লেখ্য যে এই উচ্ছেদিত পৰিয়ালসমূহে জিলাখনৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল কাপলাডড়ী , ভাংনামাৰী আদি চৰত খহনীয়াৰ কবলত পৰাৰ পিছত উক্ত বাকৰিকুছিলৈ আহিছিল বুলি জানিবলৈ দিয়ে । তদানীন্তন ৰাজহ মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত ভূমিধৰ বৰ্মনে উক্ত লোকসকলক তাত সংস্থাপন কৰিছিল বুলিও জানিবলৈ দিয়ে ।

কিন্তু বৰ্তমান চৰকাৰে এই পৰিয়ালসমূহৰ ওপৰত উচ্ছেদ চলোৱাত পৰিয়ালসমূহৰ আলৈ-আথানিহৈছে । অৱশ্যে পৰৱৰ্তী সময়ত উচ্ছেদিত পৰিয়ালসমূহক ক'ত কিদৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব তাক লৈ চৰকাৰে ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে আই জি পি অখিলেশ সিঙে ।

তেওঁ কয়, "বৰ্তমান চৰকাৰী ভূমি দখল কৰি আছে । গতিকে চৰকাৰী ভূমি দখল কৰি থকাটো উচিত নহয় । সেই কথা স্থানীয় লোকসকলেও জানিব পাৰিছে ।"

লগতে পঢ়ক :আপোন ঘৰখন এৰিবলৈ লাম-লাকটু লৈ সাজু হৈছে ৰাইজ: চলিব বৃহৎ উচ্ছেদ অভিযান - EVICTION IN LAKHIMPUR
লগতে পঢ়ক :অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পিছত আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা ময়ে একমাত্ৰ মুখ্যমন্ত্ৰী: হিমন্ত বিশ্ব শৰ্মা - HIMANTA BISWA SARMA