বেদখলকাৰীৰ নিস্তাৰ নাই ! মথুৰাপুৰৰ ঐতিহাসিক ভূঞা পুখুৰীতো চলিল বুলড'জাৰ
বুলড'জাৰৰ হাতোৰা পৰিল চৰাইদেউৰ মথুৰাপুৰত ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি নিৰ্মাণ কৰা বাসগৃহত ৷ বেদখলকাৰীয়ে সাংবাদিকক প্ৰহাৰ কৰা পাছতে উচ্ছেদৰ দাবী কৰিছিল ৰাইজে ৷

Published : August 21, 2025 at 12:48 PM IST
ডিব্ৰুগড়: বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে । বনাঞ্চল, ঐতিহাসিক ক্ষেত্ৰত ভূমি দখল কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ । বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতা কৰিলেও ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান ৷
ইয়াৰ মাজতে বুধবাৰে উচ্ছেদ অভিযান চলিল ঐতিহাসিক চৰাইদেউত । চৰাইদেউ বুলি ক'লেই ঐতিহাসিক ক্ষেত্ৰ আৰু সমলেৰে ভৰপূৰ এখন জিলা । আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী বহু ঐতিহাসিক সমল এতিয়া ধ্বংসৰ গৰাহত নাইবা বেদখলকাৰীৰ কৱলত ।
জিলাখনৰ ঐতিহাসিক ক্ষেত্ৰসমূহত হোৱা বেদখল উচ্ছেদ কৰিবলৈ দীৰ্ঘদিনৰ পৰা দল-সংগঠন আৰু সচেতন ৰাইজে দাবী জনাই আহিছে যদিও গা লৰা নাছিল প্ৰশাসনৰ । কিন্তু চৰকাৰৰ কঠোৰ নিৰ্দেশ আৰু চৰাইদেউত শেহতীয়াকৈ সংঘটিত হোৱা কেবাটাও ঘটনাৰ পাছতে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে তৎপৰ হৈছে জিলা প্ৰশাসন ৷

ইয়াৰ পাছতে বুধবাৰে বুলড'জাৰৰ হাতোৰা পৰিল চৰাইদেউৰ মথুৰাপুৰত ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰা তিনি পৰিয়ালত । চৰাইদেউৰ মথুৰাপুৰৰ ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি অনু বেগম, বাবুল ইছলাম আৰু মুবিদুল ইছলামে বাসগৃহ নিৰ্মাণ কৰি দীৰ্ঘদিনৰ পৰা অবৈধভাৱে থকাত বুধবাৰে চৰাইদেউ প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে ।
বৃহৎ আৰক্ষী বাহিনী লৈ প্ৰশাসনে চলালে উচ্ছেদ অভিযান । উচ্ছেদৰ সময়ত এগৰাকী মহিলা অচেতন হৈ পৰা পৰিলক্ষিত হয় । প্ৰথম অৱস্থাত কিছু উত্তেজিত পৰিৱেশ সৃষ্টি হৈছিল যদিও প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি উচ্ছেদ সম্পূৰ্ণ কৰে ।

সাংবাদিকক প্ৰহাৰ কৰা পাছতে উচ্ছেদৰ দাবী কৰিছিল ৰাইজে :
বিগত ৯ আগষ্টত ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰা তিনি পৰিয়ালৰ অন্যতম সদস্যা নাৰ্জিমা বেগমে চৰাইদেউৰ জ্যেষ্ঠ সাংবাদিক আলিম আহমেদক ৰাজপথতে প্ৰহাৰ কৰি এক অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা কৰিছিল । উক্ত দিনা দল-সংগঠনে বেদখলকাৰীক সেই স্থান এৰিবলৈ ক'বলৈ গৈছিল । সেই সময়তে ৰাজপথতে জ্যেষ্ঠ সাংবাদিক আলিম আহমেদক আক্ৰমণ কৰিছিল এই অবৈধ বেদখলকাৰীয়ে আৰু তাৰ পাছতে সমগ্ৰ জিলাখনতে চাঞ্চল্য সৃষ্টি হৈছিল ।
লগে লগে জিলা প্ৰশাসনৰ তৰফৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ সময়সীমা বান্ধি এখনি জাননী প্ৰেৰণ কৰা হৈছিল । বুধবাৰে জাননীৰ অন্তিম দিনা বুলড'জাৰ চলাই এই ঐতিহাসিক ভূঞা পুখুৰী বেদখলমুক্ত কৰে প্ৰশাসনে ।

জাননী লাভ কৰাৰ পাছতো আঁতৰি যোৱা নাছিল বেদখলকাৰী :
বৃহৎ আৰক্ষী বাহিনী লগত লৈ ঐতিহাসিক ভূঞা পুখুৰী বেদখলমুক্ত কৰা পাছতে সোণাৰি ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্তই কয়, "আমি অভিযোগ লাভ কৰিছিলো ভকত গাঁৱত ৫৭১ আৰু ৫৭২ দাগত থকা পুখুৰী আৰু পুখুৰীৰ পাৰত দুটা পৰিয়ালে বেদখল কৰি আছিল । যিহেতু এই মাটি সংৰক্ষিত মাটি গতিকে তেওঁলোকক জাননী দিয়া হৈছিল । জাননী লাভ কৰা পাছতো আঁতৰি যোৱা নাছিল সেয়ে আজি আমি আহি উচ্ছেদ কৰি দিছো ।’’

