বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৪ বিঘাজোৰা চাহ বাগিচাত উচ্ছেদ, বেদখলকাৰীক গ্ৰেপ্তাৰ - Eviction in Balipara
Balipara reserve forest : প্ৰায় ২০ বছৰ ধৰি বেদখলকাৰীৰ কৱলত থকা চাহ বাগিচাত চলিল উচ্ছেদ ৷ বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যুৰ পিচতে পোহৰলৈ আহিছিল বেদখলৰ ঘটনা ৷ গ্ৰেপ্তাৰো কৰা হৈছে এজন লোকক ৷

Published : September 19, 2024 at 8:35 PM IST
তেজপুৰ, ১৯ ছেপ্টেম্বৰ: অসমৰ প্ৰায়সমূহ স্থানতে বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি থকা সময়তে শোণিতপুৰ জিলাৰো এখন চাহ বাগিচাত উচ্ছেদ অভিযান চলায় পশ্চিম শোণিতপুৰ বন বিভাগে । শোণিতপুৰ জিলাৰ বালিপৰা বনাঞ্চলৰ ভিতৰত অবৈধভাৱে স্থাপন কৰা চাহ বাগিচাত বৈদ্যুতিক তাঁৰসংলগ্ন বেৰ দিয়াৰ ফলত এটা হাতী বিদ্যুৎস্পৃষ্ট হোৱাৰ পিচতে বন বিভাগ সৰৱ হৈ এই উচ্ছেদ অভিযান চলায় ৷
পশ্চিম শোণিতপুৰ বন প্ৰাধিকাৰী নৃপেন কলিতাই জনায় যে বন বিভাগে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কলিতাই কয়, ‘‘অলপতে শোণিতপুৰ পশ্চিম সংমণ্ডলৰ অন্তৰ্গত চাৰিদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ বনকৰ্মীয়ে বালিপাৰা ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত বাগিচা স্থাপন কৰা লিম্বু দৈমাৰী নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰি তেওঁ স্থাপন কৰা চাহ গছসমূহ উভালি পেলায় ৷’’
চাহ বাগিচাত বিদ্যুৎস্পৃষ্ট হৈ ৮ ছেপ্টেম্বৰ নিশা এটা ২০ বছৰীয়া মখনাৰ মৃত্যুৰ পিচত এই বেদখলৰ কথা পোহৰলৈ আহে । উল্লেখ্য যে অভিযোগ অনুসৰি বালিপৰা সংৰক্ষিত বনাঞ্চলত বিগত প্ৰায় ২০ বছৰ ধৰি বেদখলকাৰীয়ে অধিগ্ৰহণ কৰি আহিছে । বগীজুলিৰ কঁঠালজুলি অঞ্চলত বন বিভাগৰ ভূমি বেদখল কৰি ফৰেষ্ট ৰাইট এক্টৰ অধীনত FRC গঠন কৰি বেদখলকাৰীসকল নিগাজীকৈ থাকিবলৈ লয় ৷ পৰৱৰ্তী সময়ত চৰকাৰে ভূমিৰ পট্টা প্ৰদান কৰে সেইসকল লোকক । বগীজুলি চাৰিদুৱাৰৰ পৰা ২৫ কিলোমিটাৰ আৰু তেজপুৰ চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত এই বেদখল হৈ আহিছে ।
বেদখল কৰা এলেকা :
অসমৰ সকলো স্থানতে বেদখল আৰু উচ্ছেদ অভিযান চলি থকা সময়তে শোণিতপুৰ জিলাৰ বনাঞ্চলৰ ভিতৰত এনেধৰণৰ বেদখলক লৈ বন বিভাগ সৰৱ হৈ পৰিছে ৷ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৪ বিঘা ভূমিত অবৈধভাৱে চাহ বাগিচাৰ সংস্থাপন কৰি বৈদ্যুতিক তাঁৰ সংযোগ কৰি ৰাখিছিল বেদখলকাৰীয়ে । বন বিভাগে উক্ত ৪ বিঘা মাটিৰ চাহ বাগিচাৰ গছসমূহ খান্দি উচ্ছেদ কৰে বুলি জানিবলৈ দিয়ে চাৰিদুৱাৰ বনাঞ্চলৰ বন সংৰক্ষণ বিষয়া সুজিত নৰহে । তেওঁ কয় যে লিম্বু দৈমাৰীৰ বিৰুদ্ধে বন আইনৰ অনুসৰি ধাৰা 6, 36(i)(ii), 9(i), বন সুৰক্ষা আইন-১৯৭২ ৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয় ৷
শোণিতপুৰ জিলাৰ বনাঞ্চল বেদখল :
অতি স্পৰ্শকাতৰ সোনাই-ৰূপাই বনাঞ্চলৰ পৰা চাৰিদুৱাৰ ,বালিপৰা আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলত হোৱা বেদখলৰ তথ্য পোহৰলৈ আহিছে ৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণত এই বন ভূমিসমূহ বেদখলৰ বিষয়ত গোচৰ তৰাত বৰ্তমান বিচৰাধীন হৈ আছে ৷
সোনাই-ৰূপাই বনাঞ্চলৰ প্ৰকৃত এলেকা ২২,০০০.০০ হেক্টৰ ৷ ইয়াৰে বেদখল হৈছে ১০,০০০.০০ হেক্টৰ ভূমি ৷ চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ২৪,০৭২.০০ হেক্টৰ ভূমিৰ ২২,০০০.০০ হেক্টৰ পৰিছে বেদখলৰ কৱলত ৷ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ১৮,৯৭২.০০ হেক্টৰৰ ভিতৰত ১০,০০০.০০ হেক্টৰ ভূমি, চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চলৰ ৩৩৯.৮৬ হেক্টৰৰ ভিতৰত ২০০.০০ হেক্টৰ আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ৮,১৪১.০০ হেক্টৰৰ ভিতৰত ৮,০৪১.০০ হেক্টৰ ভূমি বেদখলৰ কৱলত পৰিছে । মুঠ পাঁচখন সংৰক্ষিত বনাঞ্চলৰ ৭৩,৫২৪.৮৬ হেক্টৰ ভূমিৰ ভিতৰত ৫০,২৪১.০০ হেক্টৰ ভূমি বেদখলৰ কবলত আছে ৷ অৰ্থাৎ বনাঞ্চলৰ এক বুজন পৰিমাণৰ ভূমিত বিভিন্ন প্ৰকাৰে বেদখল হৈ থকাৰ তথ্য অসম চৰকাৰৰ শপতনামাত উল্লেখ আছে ।
লগতে পঢ়ক : অসমৰ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দ্বাৰা বেদখল: নাগালেণ্ডৰ দখলত অসমৰ সৰ্বাধিক ভূমি
অভয়াৰণ্য বেদখল সন্দৰ্ভত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ সেউজ ন্যায়াধিকৰণৰ

