বিজেপিৰ ৱাৰ্ড সদস্যৰ ঘৰতেই চলিল বুলড'জাৰ
গেলাজান-ৰজাপুখুৰীত বুলড'জাৰে এফালৰ পৰা তচনচ কৰিছে বাসগৃহ । উচ্ছেদৰ মাজতেই নগাৰ বিচৰণ ।

Published : August 3, 2025 at 4:14 PM IST
সৰুপথাৰ : গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তত অব্য়াহত উচ্ছেদ অভিযান । ইয়াৰে অংশ হিচাপে দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশত আজি (দেওবাৰ) চলে উচ্ছেদ অভিযান । বিশেষকৈ ৩ নম্বৰ গেলাজান আৰু ৰাজাপুখুৰী অঞ্চলসমূহত আৰম্ভ হৈছে এই উচ্ছেদ অভিযান । বাতৰি লিখা পৰলৈকে নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজতেই চলি আছে উচ্ছেদ ।
দেওবাৰে দক্ষিণ নামবৰৰ অন্তৰ্গত ৰজাপুখুৰী আৰি গেলাজান গাঁৱত প্ৰশাসনে উচ্ছেদ কৰাৰ সময়তো বহু লোক ঘৰতেই আছিল । উচ্ছেদ কৰাৰ পিছতেহে এই লোকসকল উক্ত স্থানৰ পৰা ওলাই যায় । গেলাজানত ১৪০টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ বাবে চলিছে এই অভিযান ।
আনহাতে ৰজাপুখুৰীত ২৫০টা পৰিয়ালৰ বাসগৃহতো চলিছে উচ্ছেদ । বুলড'জাৰে এফালৰ পৰা মহটিয়াইছে বসতিস্থান । ভাঙি তচনচ কৰিছে বাসগৃহসমূহ ।

ইয়াৰ মাজতেই গেলাজান ৰজাপুখুৰীত বহু সংখ্যক নগা লোকক দেখিবলৈ পোৱা গৈছে । কিয়নো ইয়াৰে গাঁওসমূহত বহু সংখ্যক এই গাঁওসমূহত টিঘিলঘিলাই আছে । সেয়েহে পুনৰ নগাই এই ভূমি দখল কৰিব নেকি বুলিও শংকিত হৈছে একাংশ খিলঞ্জীয়া লোক ।

শাসকীয় দলৰ ৱাৰ্ড সদস্যও আছিল গেলাজানত :
মধ্যমপুৰ পঞ্চায়তৰ অধীনত গেলাজানৰ এটা ৱাৰ্ডত শাসকীয় দলৰ ৱাৰ্ড সদস্যও আছিল । গেলাজান গাঁৱৰ উচ্ছেদিত লোক এজনে এই সন্দৰ্ভত কয়, "বহু দিনৰ পৰাই ইয়াত বাস কৰিছো । নগাঁৱৰ পৰা আহিছিলো, নদীয়ে ঘৰ ভাঙিছিল তাত । ইয়াত খেতিবাতি কৰিছো । সৰুপথাৰত মাছ বিক্ৰী কৰো, এইটোৱেই বেপাৰ আছিলে । মধ্যমপুৰ পঞ্চায়তৰ অধীনত গেলাজানৰ এটা ৱাৰ্ডত মোৰ পৰিবাৰ ৱাৰ্ড মেম্বাৰ আছিল । বিজেপি দলৰ পৰাও টিকট পাইছিল । দুবাৰকৈ ৱাৰ্ড সদস্য আছিল । ২০১১ চনৰ পৰা একেৰাহে মোৰ পৰিবাৰ ৱাৰ্ড সদস্য আছিল । এইবাৰ টিকট বেলেগক দিয়া হৈছে । বিজেপিয়ে জিকিছে এতিয়াও । এইখন গেলাজানত ১৪০ ঘৰ মানুহ আছিলে ।"


