সৰুপথাৰ: গোলাঘাটৰ সৰুপথাৰ সমজিলাৰ বৰপথাৰ পৌৰসভা এলেকাৰ লোক নিৰ্মাণ বিভাগৰ অধীনস্থ কেইবাটাও স্থানত প্ৰশাসনে উচ্ছেদ অভিযান চলায় । প্ৰশাসনৰ নিৰ্দেশনা উলংঘন কৰি ব্যৱসায়ীসকলে দীৰ্ঘদিনৰে পৰা দখল কৰি আহিছিল এই এলেকাসমূহ ।
বৰপথাৰ আৰক্ষী, চি আৰ পি এফৰ সহযোগত বুধবাৰে এক্সকেভেটৰৰ সহায়ত পাঁচটাৰো অধিক স্থানত সৰুপথাৰ সমজিলাৰ ৰাজহ চক্ৰ বিষয়া মনোজ দলেৰ উপস্থিতিত চৰকাৰী ভূমিত চলে এই উচ্ছেদ অভিযান ।
প্ৰাপ্ত তথ্য অনুসৰি, বৰপথাৰ নগৰত একাংশ লোকে দীৰ্ঘদিন ধৰি অবৈধভাৱে দখল কৰি আছিল চৰকাৰী ভূমি । অকল দখল কৰাই নহয়, বৰং অবৈধভাৱে দখলীকৃত চৰকাৰী ভূমিত একাংশ লোকে গঢ়ি তুলিছিল ব্যৱসায়িক প্ৰতিষ্ঠানো । যাৰ ফলত যান-যঁটৰ সমস্যা, পথ দুৰ্ঘটনা, পাৰ্কিঙৰ অসুবিধা আদিৰ লগতে আন বহু সমস্যাৰ সন্মুখীন হৈছিল জনসাধাৰণ ।

সাধাৰণ জনতাৰ উপৰিও বৰপথাৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতিৰ বিৰুদ্ধেও অবৈধভাৱে বহু চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছিল । প্ৰাক্তন পৌৰপতিগৰাকীৰ দখলত থকা বৰপথাৰৰ ১০ নং ৱাৰ্ডৰ প্ৰায় ১৮০ ফুট দীঘল আৰু ৪ ফুট বহল মাটিডোখৰতো প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷
কালিবাৰীৰ সঞ্জীৱ দাস নামৰ লোকজনে দীৰ্ঘদিনৰ পৰা চৰকাৰী ভূমি বেদখল কৰি তাত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰি ভাৰালৈ দিছিল । উক্ত বেদখলীকৃত ভূমিত থকা আটাইকেইখন দোকান প্ৰশাসনে আজি উচ্ছেদ কৰে । উচ্ছেদৰ সময়ত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি থকা সঞ্জীৱ দাস নামৰ লোকজনে সেয়া নিজৰ বুলি দাবী কৰি কৰ্তব্যৰত চৰকাৰী বিষয়াৰ লগত তৰ্কত লিপ্ত হোৱাৰ লগতে একপ্ৰকাৰ ভাবুকি দি উচ্ছেদত বাধা প্ৰদান কৰে ।

কিন্তু আৰক্ষী-প্ৰশাসনৰ সন্মুখত নৰজিল লোকজনৰ দাদাগিৰি ৷ বৰপথাৰ পৌৰসভাৰ সহযোগত চলোৱা এই উচ্ছেদ অভিযানৰ নেতৃত্ব দিয়ে সৰুপথাৰ সমজিলাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনোজ কুমাৰ দলেই । চক্ৰ বিষয়াগৰাকীৰ সৈতে উপস্থিত থাকে বৰপথাৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী, পৌৰসভাৰ বিষয়া-কৰ্মচাৰী আদি ৷
চৰকাৰে চলোৱা উচ্ছেদৰ সন্দৰ্ভত পদপথৰ এজন ব্যৱসায়ীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়- ‘‘বুলড’জাৰ চলাইছে আমি কৰিম কি ? আমিতো ব্যৱসায় কৰিব নোৱাৰিম এতিয়া । উচ্ছেদৰ সন্দৰ্ভত পূৰ্বতে জাননী দিছিল, লগতে পৰহি মাইকত ঘোষণা কৰি গৈছিল । মোৰ দোকানৰ সামান্য দুই আঙুল ড্ৰেইনত পৰিছে । সেইকাৰণে ভাঙি দিছে ।’’
লগতে পঢ়ক: ৰাজ্যৰ 21 খন জিলাত বানৰ তাণ্ডৱ, নিহতৰ সংখ্যা 14 গৰাকীলৈ বৃদ্ধি