গুৱাহাটী: শিলসাঁকোৰ অমানৱীয় উচ্ছেদৰ বলি হোৱা লোকক উপযুক্ত ক্ষতিপূৰণ আৰু পুনঃসংস্থাপনৰ দাবীত এতিয়াও অব্যাহত আছে প্ৰতিবাদ-প্ৰতিক্ৰিয়া । এইবাৰ উচ্ছেদিতৰ মুখামুখি হ'ল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক আগভেটি উচ্ছেদিতই কৰিলে জবাবদিহি । মন্ত্ৰীলৈ উচ্ছেদিতৰ প্ৰশ্ন, "আমাক সংস্থাপন কেতিয়া দিব ছাৰ ! সেয়া স্পষ্টকৈ কওক ।"
বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত ৰাজ্য চৰকাৰে শিলসাঁকোত অব্যাহত ৰাখিছে উচ্ছেদ অভিযান । মঙলবাৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত দিনৰ ১১ বজাৰ পৰা শিলসাঁকোস্থিত সমবায় পৰিচালনা প্ৰতিষ্ঠানত চলিল উচ্ছেদ অভিযান ।
সেই সময়তে মন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে পূৰ্বৰ পৰা সেই স্থানত ৰৈ আছিল শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী গায়ত্ৰী বৰী, নমি হালদাৰ, বিতুমনি দাস বেগম, মমিনা বেগম, মীৰা কুমাৰ, বিজুলী দাস, সংগীতা সিনহা আদিকে ধৰি আন কেইবাগৰাকী শিলসাঁকোৰ উচ্ছেদিত মহিলা ।
পিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে তেওঁলোকক সাক্ষাতৰ সুবিধা নিদি আঁতৰি যোৱাৰ সময়তে শিলসাঁকোৰ উচ্ছেদিতৰ একাংশ লোকে ঘোৰাও কৰে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক । শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন নোপোৱাক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ওচৰত ক্ষোভ উজাৰে শিলসাঁকোৰ উচ্ছেদিতই ।
শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ এগৰাকী নেত্ৰীয়ে কয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সন্মুখত অভিযোগ উত্থাপন কৰি কয়, "শিলসাঁকোৰ উচ্ছেদিতৰ বহু লোকে এতিয়ালৈ ক্ষতিপূৰণ পোৱা নাই, আমাক সংস্থাপন লাগে ছাৰ ।" লগে লগে মন্ত্ৰীৰ তাৎক্ষণিক উত্তৰ, "আপোনালোকে আমাক দিয়া লিষ্ট মতে পইচা দিয়া হৈছে । কালি দুই গৰাকীক ৫ লাখ, ৫ লাখ কৈ দিয়া হৈছে । যিখিনিয়ে এতিয়ালৈ ক্ষতিপূৰণ পোৱা নাই তেওঁলোকৰ হল্ডিং নম্বৰ, বিদ্যুতৰ বিল পৰীক্ষা কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে ।"
মন্ত্ৰীগৰাকীক তেওঁলোকে পুনৰ কয়, "আমি চৰকাৰৰ এই ক্ষতিপুৰণক লৈ সন্তুষ্ট নহয়, ১ লাখ আৰু ৫ লাখ ক্ষতিপূৰণ লৈ গুৱাহাটীৰ দৰে চহৰত কি কৰিব পাৰি ? আমাক পুনঃসংস্থাপন লাগে ।" তাৰপিছতেই মন্ত্ৰীগৰাকীয়ে কোনো উত্তৰ নিদি সেই স্থান পৰিত্যাগ কৰে । ইফালে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ক্ষতিপূৰণ আৰু সংস্থাপনক লৈ কৰা মন্তব্যক ক্ষোভ উজাৰে উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী গায়ত্ৰী বৰী আৰু বিতুমণি দাস বেগমে ।
এগৰাকী উচ্ছেদিত মহিলাই কয়, "আমাৰ স্পষ্ট কথা, আমাক উচিত মূল্যৰ ক্ষতিপূৰণ লাগিবই । ৫-১০ লাখ টকাৰ ক্ষতিপূৰণ আমি কোনোপধ্যে নামানোঁ । আমাক গুৱাহাটী মহানগৰীত ১ কঠা ৫ লেচাকৈ মাটি আমাক লাগিবই । চৰকাৰে আমাক সংস্থাপন কেতিয়া দিব সেয়া স্পষ্ট কৰক ? পুঁজিপতিক ৰঙা দলিচা পাৰি দিয়া চৰকাৰখনৰ খিলঞ্জীয়াৰ প্ৰতি এনে নীতি কিয় ? যদি শিলসাঁকোৰ বুকুত ডাঙৰ-ডাঙৰ পুঁজিপতিসকল থাকিব পাৰে আমি কিয় থাকিব নোৱাৰো ? এইখন ৰাইজৰ আন্দোলন, ইয়াত অসমীয়া জাতিৰ কথা আছে, এটা জাতি কেনেকৈ শেষ হ'ব এটা ঠাইৰ পৰা ?"