ETV Bharat / state

বানৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগ: কেশৱ মহন্ত - FLOOD PREVENTION

বাৰিষাৰ পূৰ্বে বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে ।

Flood prevention
বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2025 at 5:19 PM IST

2 Min Read

ধেমাজি: সমাগত বাৰিষা । সম্ভাব্য বানক লৈ পুনৰ এবাৰ শংকিত হৈছে ৰাজ্যবাসী । একেদৰে বানৰ মোকাবিলা কৰিবলৈও সাজু হৈছে ৰাজ্য চৰকাৰ । বিশেষকৈ বানপ্ৰৱণ জিলাসমূহত তৎপৰতা গ্ৰহণ কৰিছে চৰকাৰে । প্ৰতিটো বিভাগে যুদ্ধংদেহি মনোভাৱেৰে বানৰ মোকাবিলা কৰাৰ প্ৰস্তুতি আৰম্ভ চলাইছে । তাৰ অংশ হিচাপে সম্ভাব্য বান সমস্যাৰ সৈতে যুঁজিবলৈ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে প্ৰতিটো চৰকাৰী বিভাগে কেনেদৰে সাজু হ'ব তাৰ বাবে শনিবাৰে ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰ উপস্থিতিত অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷

দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈকে অনুষ্ঠিত সভাত ধেমাজি জিলাৰ আটাইকেইটা চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷ লগতে মাজুলী আৰু লখিমপুৰ জিলাৰ কেইবাটাও চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীও এই সভাত অংশগ্ৰহণ কৰে ।

বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগ (ETV Bharat Assam)

সভাৰ অন্তত সাংবাদিকৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে কয়, "ধেমাজি জিলাত বানৰ সময়ত যাতে সকলো ধৰণৰ সা-সুবিধা উপলব্ধ হ'ব পাৰে তাৰ বাবে ৰাজহ বিভাগ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে প্ৰতিটো বিভাগৰ বিষয়া আৰু জিলা আয়ুক্তৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক দীঘলীয়াকৈ কৰা হ'ল ৷ কেনেকৈ আমি আগতীয়াকৈ প্ৰস্তুতি ল'ব পাৰো, মথাউৰি নথকা ঠাইত পানী হ'বই আৰু হঠাৎ পানী আহিলে কি ব্যৱস্থা ল'ম, জলসম্পদ বিভাগে কি ব্যৱস্থা ল'ব আটাইখিনি কথা আমি পৰ্যলোচনা কৰিলোঁ ৷ বানৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ চৰকাৰী সকলো ব্যৱস্থা সষ্টম কৰি ৰখা হৈছে আৰু প্ৰস্তুতিও কৰা হৈছে ৷ এইবাৰ এন ডি আৰ এফৰ সহায় লোৱা হৈছে ৷ যাতে উদ্ধাৰকাৰ্য সুকলমে সম্পন্ন হ'ব পাৰে ৷ তেনেদৰে নাও বন্দবস্ত কৰি ৰাখিছোঁ । ইয়াৰ আগতে মাজুলীত পৰ্যালোচনা কৰা হৈছিল যদিও আজি পুনৰ তেখেতসকলক লগত লৈ বিষয়টো আলোচনা কৰা হৈছে ৷"

লগতে পঢ়ক :আগন্তুক বাৰিষাৰ বাবে প্ৰস্তুত জল সম্পদ বিভাগ; শোণিতপুৰবাসীৰ এইবাৰৰ ৰক্ষা কবচ জি অ' টিউব - GEO TUBE EMBANKMENTS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.