গুৱাহাটী: পুনৰ এবাৰ কৰ্মচাৰীৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দিলে দেশৰ আগশাৰীৰ ব্যৱসায়িক গোষ্ঠী 'ৰামোজী গ্ৰুপ'ৰ সংবাদ সংস্থা ইটিভি ভাৰতে । কৰ্মৰত অৱস্থাত মৃত্যুক আঁকোৱালি ল'বলগা হোৱা এগৰাকী সাংবাদিকৰ পৰিয়ালৰ কাষত থিয় দিলে ইটিভি ভাৰতৰ কৰ্তৃপক্ষ । পৰিয়ালটোলৈ আগবঢ়ালে মুঠ ১১ লাখ ২০ হাজাৰ টকাৰ আৰ্থিক সাহায্য । শুকুৰবাৰে ইটিভি ভাৰতৰ গুৱাহাটীৰ কাৰ্যালয়ত পৰিয়ালটোক প্ৰদান কৰা হয় আৰ্থিক সাহায্যৰ চেক ।
উল্লেখ্য যে, ২০২৪ চনৰ ২৭ আগষ্টত ইটিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাই এক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লৈছিল । ইটিভি ভাৰতৰ জন্মলগ্নৰে পৰা মৰিগাঁৱৰ পৰা সেৱা আগবঢ়াই আহিছিল প্ৰয়াত ৰাতুল ডেকাই ।
সাংবাদিকগৰাকীৰ আকস্মিক বিয়োগত মৰ্মাহত হৈ পৰে ইটিভি ভাৰতৰ পৰিয়ালবৰ্গ । পত্নীসহ দুই সন্তানক এৰি থৈ যোৱা ৰাতুল ডেকাৰ পৰিয়ালক সহায়ৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে ইটিভি ভাৰতে । তাৰ অংশ হিচাপে ইতিমধ্যে যোৱা ৩০ জানুৱাৰীত পৰিয়ালটোক ৫ লাখ টকাৰ এখন চেক প্ৰদান কৰে । মৰিগাঁৱত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰয়াত ডেকাৰ পত্নী নমিতা বৰদলৈৰ হাতত অৰ্পণ কৰিছিল চেকখন ।

ইফালে প্ৰতিষ্ঠানটোৰ নীতি অনুসৰি পৰিয়ালটোক পুনৰ দ্বিতীয় কিস্তি হিচাপে ৬ লাখ ২০ হাজাৰ টকাৰ আন এখন চেক প্ৰদান কৰা হয় । শুকুৰবাৰে ইটিভি ভাৰতৰ গুৱাহাটীৰ কাৰ্যালয়ত প্ৰয়াত ৰাতুল ডেকাৰ পত্নীক এই চেকখন প্ৰদান কৰে ইটিভি ভাৰত অসমৰ ব্যুৰ' চীফ প্ৰশান্ত কুমাৰ বৰুৱাই । ইয়াৰ লগে লগে ইটিভি ভাৰতৰ তৰফৰ পৰা প্ৰয়াত সাংবাদিকগৰাকীৰ পৰিয়ালক সৰ্বমুঠ ১১ লাখ ২০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় । দ্বিতীয় কিস্তিৰ অধীনত ১ লাখ ২০ হাজাৰ টকা এককালীনভাৱে ৰাতুল ডেকাৰ সন্তানৰ শিক্ষাৰ নামত প্ৰদান কৰা হয় । গুৱাহাটীৰ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজন কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদান কৰা হয় ।

জ্যেষ্ঠ সাংবাদিক তথা ইটিভি ভাৰতৰ সদস্য আজিজুৰ ৰহমানে আঁতধৰা আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানটোত প্ৰয়াত ৰাতুল ডেকাৰ পৰিয়ালৰ লগতে তেওঁৰ বন্ধু দীপক নাথ, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল মজুমদাৰকে ধৰি ইটিভি ভাৰত অসমৰ কণ্টেণ্ট এডিটৰ আৰু সাংবাদিকসকল উপস্থিত থাকে ।
