প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ পৰিয়াললৈ ETV Bharatৰ পৰা ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান
প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ পৰিয়াললৈ ইটিভি ভাৰতৰ আৰ্থিক সাহায্য । মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত পৰিয়ালক প্ৰদান কৰা হয় ৫ লাখ টকাৰ চেক ।

Published : January 31, 2025 at 12:29 PM IST
|Updated : January 31, 2025 at 1:17 PM IST
মৰিগাঁও : ইটিভি ভাৰত পৰিয়ালৰ এক বিশেষ পদক্ষেপ । ইটিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক প্ৰয়াত ৰাতুল ডেকাৰ পৰিয়াললৈ প্ৰতিষ্ঠানৰ নীতি অনুসৰি আগবঢ়োৱা হয় ৫ লাখ টকাৰ সাহায্য । প্ৰয়াত সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইটিভি ভাৰত কৰ্তৃপক্ষৰ হৈ ইটিভি ভাৰতৰ সহকাৰী বাৰ্তা সম্পাদক অনুপ শৰ্মা, ইটিভি ভাৰত অসমৰ ব্যুৰ' চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ উপস্থিতিত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰয়াত ডেকাৰ পত্নী নমিতা বৰদলৈৰ হাতত অৰ্পণ কৰে ৫ লাখ টকাৰ চেক ।
বিগত বৰ্ষৰ ২৭ আগষ্ট তাৰিখে এক পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল ইটিভি ভাৰতৰ নিষ্ঠাবান সাংবাদিকগৰাকীয়ে । যাৰ পিছতেই প্ৰয়াত সাংবাদিকগৰাকীৰ পৰিয়ালটিক আৰ্থিক সাহায্য প্ৰদানৰ বাবে প্ৰয়োজনীয় কাম-কাজ আগবঢ়াইছিল ইটিভি ভাৰত কৰ্তৃপক্ষই । অৱশেষত বৃহস্পতিবাৰে মৰিগাঁও চহৰৰ পবিতৰা হাটত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত ৰাতুল ডেকাৰ পত্নীৰ হাতত অৰ্পণ কৰা হয় ৫ লাখ টকাৰ চেক ।
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ সভাপতিত্ব কৰে মৰিগাঁও সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই । অনুষ্ঠানত উপস্থিত থাকি ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰে মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক জগদীশ দাস, ডালিম ফুকন, প্ৰদীপ ডেকাৰ লগতে আন কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকে ।
উক্ত অনুষ্ঠানত উপস্থিত থাকি জিলাখনৰ আয়ুক্তগৰাকীয়ে কয়, "ইটিভি ভাৰতৰ যিখিনি ব্যক্তিৰ অবিৰাম পৰিশ্ৰমৰ জৰিয়তে আজি প্ৰয়াত ৰাতুল ডেকাদেৱৰ পত্নীৰ হাতত এই চেকখন আগবঢ়াই দিব পাৰিলে ৫ লাখ টকাৰ, সেয়া প্ৰকৃততে এটা অত্যন্ত ডাঙৰ কথা । ভাগ্যক্ৰমে তেওঁ ইটিভিৰ নিচিনা এটা প্ৰতিষ্ঠানত চাকৰি কৰিছিলে তাৰ বাবে তেওঁ এই প্ৰাপ্য পালে । কিন্তু আজি আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক কওঁ, তেওঁলোকে পাব লগাখিনি আজি সমাজখনে দিব পাৰিছেনে নাই, তেনে বহু প্ৰশ্নবোধক চিনৰ মাজত আমাৰ সাংবাদিক বন্ধুসকল থাকিব লাগে । আজি ইটিভিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছো ।"

জিলা আয়ুক্তগৰাকীৰ লগতে মৰিগাঁৱৰ জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যও এই অনুষ্ঠানত উপস্থিত থাকি ব্যক্তব্য প্ৰদান কৰে ৷

প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ পৰিয়ালক চেক প্ৰদানৰ উদ্দেশ্যে আয়োজিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ভৱেশ মেধি, ৰকিবুল ওৱাহিদ, ছাইফুল ইছলাম, কিশোৰ ডেকা, ইটিভি বাল ভাৰতৰ কৰ্মী পার্থ প্ৰতীম দাসগুপ্তাসহ কেইবাগৰাকী সাংবাদিকৰ উপৰিও জ্যেষ্ঠ সাংবাদিক মানসজ্যোতি বৰুৱাৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে ।

