ETV Bharat / state

পথ দুৰ্ঘটনাই স্তব্ধ কৰিলে কিশোৰৰ কলম - JOURNALIST KISHORE DEKARJA DEATH

ইটিভি ভাৰতৰ পৰিয়ালে হেৰুৱালে এগৰাকী সাংবাদিক । মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকাৰজাৰ অকাল বিয়োগ ।

ETV Bharat Morigaon journalist Kishore Dekarja dies in tragic road accident
কিশোৰ ডেকাৰজাৰ অকাল বিয়োগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 12:36 PM IST

2 Min Read

ধিং: ইটিভি ভাৰত পৰিয়ালৰ বাবে এক দুঃখবৰ । শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ইটিভি ভাৰত মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকাৰজাৰ । শনিবাৰে নিশা বাতৰি সংগ্ৰহ কৰি গৃহ অভিমুখে গৈ থকাৰ সময়তে এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই কিশোৰে । দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ সৈতে জড়িত হৈ থকা কিশোৰে প্ৰায় এটা বছৰে মৰিগাঁৱৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল ।

জানিব পৰা মতে, কৰ্তব্য সামৰি গৃহ অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত এখন বাহনে খুন্দিওৱাৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় সাংবাদিক কিশোৰ ডেকাৰজা । দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনে ।

JOURNALIST KISHORE DEKARJA DEATH
পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ইটিভি ভাৰত মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকাৰজাৰ (ETV Bharat Assam)

লগে লগে স্থানীয় লোকে সাংবাদিক কিশোৰ ডেকাৰজাক অচেতন অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটীৰ জি এন আৰ চি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

JOURNALIST KISHORE DEKARJA DEATH
পথ দুৰ্ঘটনাই স্তব্ধ কৰিলে কিশোৰৰ কলম (ETV Bharat Assam)

ইয়াৰ পূৰ্বেও ৰাজ্যৰ কেইবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল কিশোৰ । নিষ্ঠাবান সাংবাদিকগৰাকীৰ অকাল বিয়োগত শোকস্তব্ধ ইটিভি ভাৰতৰ পৰিয়ালবৰ্গ ।

JOURNALIST KISHORE DEKARJA DEATH
ইটিভি ভাৰতৰ পৰিয়ালে হেৰুৱালে এগৰাকী সাংবাদিক (ETV Bharat Assam)

ইফালে স্থানীয় সাংবাদিকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ মৰিগাঁৱত । স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীয়েও সামাজিক মাধ্যমত কিশোৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।

বিধায়ক দেউৰীয়ে সামাজিক মাধ্যমত লিখে, "পূৱাই এটি দুখৰ খবৰ পাই ব্যথিত হৈছো । ETV Bharat ৰ মৰিগাঁৱৰ সংবাদ দাতা কিশোৰ ডেকাৰজাৰ যোৱা নিশা এটি পথ দুৰ্ঘটনাত পৰলোকপ্ৰাপ্তি ঘটে । যুৱ সাংবাদিক জনৰ মৃত্যু মৰিগাঁৱৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি । তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলো লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ঔঁ শান্তিঃ ৷"

ইটিভি ভাৰত পৰিয়ালৰ লগতে মৰিগাঁও জিলাৰ সংবাদ মহল, বিভিন্ন বিশিষ্ট ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: কলঙে প্ৰাণ কাঢ়িলে দুই কন্যাসহ মাতৃৰ - DEATH BY DROWNING

গৰু বিহুত কিয় ঘৰৰ গো-ধনকেইটাক তৰা পঘা দিয়া হয়, জানো আহক ইয়াৰ ইতিহাস - BOHAG BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.