ETV Bharat / state

ক'ত আছে আলফাৰ শিবিৰৰ পৰা পলায়ন কৰা দিগন্ত চুতীয়া ?

কিছুদিন পূৰ্বে শিবিৰৰ পৰা পলায়ন কৰিছিল ১২-১৩ বছৰ পূৰ্বে আলফাত যোগদান কৰা তিনিচুকীয়াৰ দিগন্ত চুতীয়াই ! আজিও নাই সন্ধান ৷

ULFA I
এতিয়া ক'ত আছে আলফাৰ শিবিৰৰ পৰা পলায়ন কৰা দিগন্ত চুতীয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 14, 2024 at 2:17 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ ন-তালপথাৰ গাঁৱৰ দিগন্ত চুতীয়াই ২০১১-১২ চনতেই বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰিছিল । বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ন-তালপথাৰ গাঁৱৰ প্ৰহ্লাদ চুতীয়া আৰু বগী চুতীয়াৰ পুত্ৰ দিগন্ত চুতীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰাৰ কিছুদিন পাছতেই সন্ধানহীন হৈ পৰিছিল । কিছুদিন পিছত দিগন্তই বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰাৰ বিষয়ে দিগন্তৰ পৰিয়ালৰ লোকসকল অৱগত হৈছিল ।

আলফা শিবিৰৰ পৰা পলায়নক লৈ ৰহস্য

প্ৰায় ১২‐১৩ বছৰে ঘৰৰ সৈতে কোনো যোগাযোগ নথকা দিগন্তৰ খবৰ এইবাৰ কিছু পৃথক ধৰণে পৰিয়ালে লাভ কৰিছে । কিছুদিনৰ পূৰ্বে আলফা স্বাধীনৰ শিবিৰৰ পৰা দিগন্ত চুতীয়াই পলায়ন কৰা আৰু তাৰ পাছতেই আধা ৰাস্তাৰ পৰাই দিগন্তক এনএছচিএনে কৰায়ত্ত কৰি পুনৰ আলফাৰ শিবিৰলৈ লৈ যোৱাৰ খবৰ ওলোৱাৰ পাছতে চিন্তিত হৈ পৰিছে দিগন্তৰ বৃদ্ধ পিতৃ-মাতৃৰ লগতে আত্মীয় । ১২-১৩ বছৰে কোনো খবৰ নোপোৱা পুত্ৰৰ এনে খবৰ লাভ কৰি উদ্বিগ্ন হৈ পৰিছে পিতৃ-মাতৃ ।

এতিয়া ক'ত আছে আলফাৰ শিবিৰৰ পৰা পলায়ন কৰা দিগন্ত চুতীয়া (ETV Bharat)

NSCN কেডাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নেকি ?

চৰ্চিত হৈছে যে দিগন্তই এগৰাকী এনএছচিএন কেডাৰৰ সৈতে শিবিৰতে বিবাহপাশত আৱদ্ধ হৈছে । কিন্তু সঁচা কথা কি সেয়া কোনেও নাজানে ? শিবিৰতে বিবাহপাশত আৱদ্ধ হৈ জ্যেষ্ঠ কেডাৰজন সুকলমে আছে নে সংগঠনে শাস্তি বিহিছে সেয়াও ৰহস্যজনক ।

পৰেশ বৰুৱালৈ কাতৰ আহ্বান পৰিয়ালৰ

যাৰ পৰিপ্ৰেক্ষিতত দিগন্ত চুতীয়াৰ বৃদ্ধা মাতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ বিশেষ অনুৰোধ জনাইছে । পুত্ৰক সুকলমে ঘৰলৈ ঘূৰাই পঠিয়াবলৈ মাতৃয়ে কাতৰ অনুৰোধ জনাইছে পৰেশ বৰুৱাক । ঘৰলৈ নপঠিয়ালেও পুত্ৰক শিবিৰতে কোনো অনিষ্ট নোহোৱাকৈ ৰাখিবলৈ কাতৰ অনুৰোধ জনাইছে মাতৃয়ে । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈ আলফা স্বাধীনৰ তৰফৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ পোৱা হোৱা নাই ।

লগতে পঢ়ক :যোৱা ১০ মাহত গুৱাহাটীত ৰুজু ২,৩০৯ টা চুৰি-ডকাইতিৰ গোচৰ