ETV Bharat / state

পিত্তনলীৰ পাথৰৰ সমস্যা : ডিফু মেডিকেল কলেজ হাস্পতালত অস্ত্ৰোপচাৰবিহীন চিকিৎসা আৰম্ভ - ERCP for gallbladder stone

ERCP Process in DMCH : ডিফু মেডিকেল কলেজ আৰু হাস্পতালত অত্যাধুনিক সংযোজন । পিত্তনলীৰ পাথৰ উলিওৱাৰ বাবে আৰম্ভ হ'ল ERCP পদ্ধতি ।

ERCP Process in DMCH
ডিফু মেডিকেল কলেজ আৰু হাস্পতালত ERCP পদ্ধতি সংযোজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2024 at 7:43 PM IST

2 Min Read
Choose ETV Bharat

ডিফু, ২৮ জুন : পিত্তনলীত পাথৰ হোৱা লোকসকলৰ বাবে এটা ভাল খবৰ । কিয়নো পিত্তনলীত হোৱা পাথৰৰ সমস্যা সমাধানৰ বাবে এতিয়া বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই ৷ কাৰণ পিত্তনলীত হোৱা পাথৰ উলিয়াবলৈ এতিয়াৰে পৰা আৰু কৰিব নালাগে অস্ত্ৰোপ্ৰচাৰ ৷ বেদনাদায়ক অস্ত্ৰোপচাৰৰ পৰা ৰোগীক ৰেহাই দি ERCP পদ্ধতিৰে পিত্তনলীৰ পাথৰ উলিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ডি এম চি এইচ কৰ্তৃপক্ষই ৷

ERCP চিকিৎসা পদ্ধতি সন্দৰ্ভত অধ্যক্ষৰ বৰ্ণনা (ETV Bharat Assam)

এতিয়াৰে পৰা ERCP (Endoscopic retrograde cholangio pancreatography) পদ্ধতিৰে উলিওৱা হ’ব পাথৰ । এই পদ্ধতিত কোনো অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই । তাৰ সলনি মুখেৰে টিউব ভৰাই উলিওৱা হ’ব পিত্তনলীত হোৱা পাথৰ ।

শুকুৰবাৰে ERCP পদ্ধতিৰ ওপৰত ডিফু মেডিকেল কলেজ আৰু হাস্পতালত (DMCH) অনুষ্ঠিত হয় এক কৰ্মশালা । ডি এম চি এইচৰ শৈল্য চিকিৎসা বিভাগৰ সহযোগত আৰু 'আছাম ষ্টেট চেপ্টাৰ অব এ এছ আই', ডিফু শাখাৰ উদ্যোগত অনুষ্ঠিত হয় এই কৰ্মশালাখন । এই কৰ্মশালাৰ জড়িয়তে ERCP ৰ দ্বাৰা ৫ গৰাকী ব্যক্তিৰ পিত্তনলীত হোৱা পাথৰ উলিওৱা হয় ।

এই সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰে জি এম চি এইচৰ খ্যাতনামা বিশেষজ্ঞ চিকিৎসক তথা অধ্যাপক ডাঃ সিদ্ধাৰ্থ ফুকনে । তেওঁৰ লগত উপস্থিত থাকে ডি এম চি এইচৰ শৈল্য চিকিৎসা বিভাগৰ কেইবাগৰাকীও অধ্যাপক চিকিৎসক । এই শৈল্য চিকিৎসকসকল হৈছে ক্ৰমে শৈল্য চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰঞ্জীৱ ৰংপি, শৈল্য চিকিৎসা বিভাগৰ সহকাৰী অধ্যাপক ডঃ মেৰাজ আলম, ডাঃ দেৱব্ৰত দত্ত, ডাঃ প্ৰণৱ বড়ো, এনাস্থলজিষ্ট বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ বন্দনা মহন্ত ।

আনহাতে, এই কৰ্মশালাখন মুকলি কৰি ডি এম চি এইচৰ অধ্যক্ষ সুমিত্ৰা হেগজেৰে । লগতে তেওঁ সংবাদ মাধ্যমৰ আগত এই সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায় । তেওঁ কয়, "আজিৰ দিনটো সাধাৰণ ৰাইজৰ লগতে ডি এম চি এইচৰ বাবেও এটা উল্লেখনীয় দিন । ইয়াৰ দ্বাৰা বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীসকলে বহুখিনি সকাহ পাব ।"

লগতে পঢ়ক :

সাৱধান ! অত্যধিক ক’ল্ড ড্ৰিংকছ সেৱনে ঠেলি দিব পাৰে মৃত্যুৰ মুখলৈ - Cold Drinks

স্মাৰ্টফোনে বৃদ্ধি কৰে মূৰৰ বিষ-মাইগ্ৰেইনৰ সমস্যা : প্ৰতিৰোধৰ বাবে অনুসৰণ কৰক এই টিপছসমূহ - Side Effects Of Smartphone