ETV Bharat / state

বাগ্মীবৰ নীলমণি ফুকনৰ বাসগৃহৰ পথত বেদখলকাৰীয়ে খুলিলে জেলেপীৰ দোকান - ENCROACHMENT IN JORHAT

যাৰ যি ইচ্ছা । কোনোবাই ঘৰটোকে বেদখল কৰিলে, কোনোবাই গুদাম খুলিলে ৷

ENCROACHMENT IN JORHAT
বেদখলকাৰীৰ কবলত নীলমণি ফুকনৰ বাসগৃহৰ চৌহদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 4:53 PM IST

3 Min Read

যোৰহাট: সময়ৰ ক্ৰমবৰ্ধমান গতিত বেদখলকাৰীৰ কবলত পৰিছে শৈক্ষিক, সাংস্কৃতিক নগৰী যোৰহাটৰ ঐতিহ্যপূৰ্ণ সমল বা স্থানসমূহ । এয়া আমি কোৱা কথা নহয়, যোৰহাটবাসীৰ চকুৰ সন্মুখতে ঘটি থকা ঘটনা ৷

বেদখলকাৰীয়ে এৰা নাই অসমৰ মহীৰূহসকলৰ ভেটি-মাটিকো ৷ প্ৰায় সকলোৱে জানে যে যোৰহাট জিলাৰ মাজমজিয়াত তথা অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ পৰা মাত্ৰ ১.৫০ কিলোমিটাৰ আঁতৰত আছে বাগ্মীবৰ ককা নীলমণি ফুকনৰ মাটি-ভেটি ৷

বেদখল সন্দৰ্ভত বিভিন্নজনৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

এই যোৰহাট নগৰৰে জে বি ৰোডৰ পৰা নিৰ্মল চাৰিআলিৰ এ টি ৰোড সংযোগী পথটো পূৰ্বে পৰিচিত আছিল বাগ্মীবৰ ককা নীলমণি ফুকন পথ হিচাপে । কিন্তু লাজৰ বিষয় এয়ে যে সেই নাম বহুতৰে জ্ঞাত নহয় ৷ তাৰ সলনি পথটো সকলোৰে মাজত পৰিচিত নিউভিল ৰোড হিচাপে ৷ এই নিউভিল ৰোড আৰু ৰায় বাহাদুৰ লেনৰ মাজৰ ৫ বিঘা ২ কঠা ১১ লেচা ভূমিত থকা ঘৰটোৱেই আছিল বাগ্মীবৰ নীলমণি ফুকনৰ ।

ফুকনৰ এই বাসগৃহতে আছিল এটা ছপাশাল । এবাৰ নহয়, দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ দৰে সন্মানীয় আসন শুৱনি কৰা প্ৰাতঃস্মৰণীয় সাহিত্যিকগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ অধিকাংশ মাটিয়ে গ’ল বেদখলকাৰীৰ কবললৈ ৷ আনকি নীলমণি ফুকনৰ সকলো অস্তিত্ব শূন্য কৰি তেওঁৰ বাসগৃহলৈ যোৱা বাটটোও দখল কৰি বন্ধ কৰি দিয়ে বেদখলকাৰীসকলে ।

কেৱল বন্ধ কৰাতে ক্ষান্ত নাথাকি বেদখলকাৰীয়ে পথটোৰ ওপৰতে খুলি ল’লে চাহ-জেলেপীৰ দোকান । একাংশই নিৰ্মাণ কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু গুদাম । মুঠতে যাৰ যি ইচ্ছা ৷ আনকি মহীৰূহগৰাকীৰ ঘৰৰ কাষতে দিন-দুপৰতে চলিবলৈ আৰম্ভ কৰিলে অসামাজিক কাৰ্যকলাপো ৷ সম্প্ৰতি এই পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম সাহিত্য সভাই ।

এই সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে এনেদৰে কয়- ‘‘মহৰ্ষি আৰু দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰিছিল ককা নীলমণি ফুকনে । বৰ্তমান যোৰহাটৰ তেওঁৰ বাসগৃহ ধ্বংসস্তুপলৈ পৰিণত হৈছে ৷ তেওঁৰ ঘৰৰ সন্মুখৰ পথটো চৰকাৰে বাগ্মীবৰ নীলমণি ফুকন পথ নামেৰে নামাকৰণো কৰিলে । তেখেতৰ যিটো বাসগৃহ আছিল তাত ৫ বিঘা ২ কঠা ১১ লেচা মাটি আছিল । উক্ত মাটিখিনি চাৰিওফালৰ পৰা বেদখল হ'ল, আনকি তেওঁ ঘৰটো নিশা বা অন্য সময়ত অসামাজিক কাৰ্যকলাপৰ বাবে ব্যৱহৃত হ'বলৈ ধৰিছে আৰু চাৰিওপিনে থকা বাকী মাটিখিনিও সংকুচিত হ’বলৈ ধৰিছে ৷’’

তেওঁ লগতে কয়- ‘‘ইতিমধ্যে চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু চৰকাৰে এজন অতিৰিক্ত উপায়ুক্তক দায়িত্ব অৰ্পণ কৰিছে ৷ অসম সাহিত্য সভাই যিখিনি যাৱতীয় মাটি সংক্ৰান্তীয় নথি-পত্ৰৰ প্ৰয়োজন সেয়া দিছে আৰু অসম সাহিত্য সভাই কৰিবলগীয়া সকলো সহায়-সহযোগিতা চৰকাৰক কৰি যাব ৷ আমি আশা কৰিছো শীঘ্ৰে আমি এক নিশ্চিত ফলাফল লাভ কৰিম ।’’

বিষয়টো সন্দৰ্ভত যোৰহাটৰ এজন সচেতন যুৱক ধ্ৰুৱজ্যোতি বৰুৱাই কয়- ‘‘অসমীয়া সমাজ জীৱনৰ পথ প্ৰদৰ্শক, আমাৰ দিগদৰ্শক, দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতি, কবি, সাহিত্যিক নীলমণি ফুকন ককাৰ বাসগৃহ বৰ্তমান বেদখলকাৰীৰ কবলত পৰিছে ৷ সেই কথা শুনিবলৈ অসুবিধা যেন লাগিলেও আজি সেয়া বাস্তৱ হৈছে । সেয়েহে আমি চৰকাৰ তথা যোৰহাট প্ৰশাসনক দাবী জনাইছো শীঘ্ৰে নীলমণি ফুকনৰ বাসগৃহ তথা সম্পত্তি দখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি সেই স্থান বেদখলমুক্ত কৰক আৰু সেই স্থানত তেখেতৰ স্মৃতিসৌধ আৰু অন্য সাহিত্য সম্পৰ্কীয় প্ৰকল্পৰ ব্যৱস্থা কৰক ৷’’

লগতে পঢ়ক: আমাক নদীবান্ধ নালাগে: প্ৰতিবাদত মুখৰিত অসম-মেঘালয় সীমান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.