ETV Bharat / state

বুঢ়া লুইতক সেৱা জনাই ভোগ অৰ্পণ: সেৱা ল'লে মাজুলীবাসীয়ে

অফলামুখ ঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী আৰু গুটীয়া ফেৰীৰ কৰ্মচাৰীসকলে দক্ষিণপাট সত্ৰৰ সহযোগত এই ভোগ অৰ্পণ কৰে ব্ৰহ্মপুত্ৰত ।

Employees of the Inland Water Transport department prayed to the Brahmaputra in Majuli
বছৰটোত যাতে অপায়-অমংগল নহয়, তাৰ বাবে সেৱা ল'লে মাজুলীবাসীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 7:42 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ দক্ষিণ পাৰৰ লগত যোগাযোগৰ একমাত্ৰ মাধ্যম ফেৰী সেৱা । এই ফেৰী সেৱাৰ জৰিয়তে মাজুলীৰ লগতে আন আন প্ৰান্তৰ লোকো পাৰ হয় দাক্ষিণপাৰলৈ । এই ঘাটসমূহত দৈনিক কেইবাখনো জাহাজৰ লগতে চলাচল কৰে কেইবাখনো গুটীয়া ফেৰীও । এই ফেৰীকেইখনক ভৰসা কৰিয়েই দৈনিক হাজাৰ হাজাৰ লোক পৰাপাৰ হয় ।

আগন্তুক বাৰিষাৰ সময়ত যাতে ব্ৰহ্মপুত্ৰত চলাচল কৰা ফেৰীসমূহ কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ লগতে গুটীয়া ফেৰীসমূহৰ কৰ্মচাৰীয়ে মিলি বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰত ভোগ অৰ্পণ কৰে । অফলামুখ ঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকল আৰু গুটীয়া ফেৰীৰ কৰ্মচাৰীসকলে দক্ষিণপাট সত্ৰৰ সহযোগত এই ভোগ অৰ্পণ কৰে ব্ৰহ্মপুত্ৰত ।

অপায়-অমংগল যাতে দূৰতে বিদূৰ হয় (ETV Bharat Assam)

প্ৰথমে আফলামুখ ঘাটৰ নদীৰ পাৰত পূজা কৰে দক্ষিণপাট সত্ৰৰ বৰ পূজাৰীয়ে । ইয়াৰ পাছত নদীত ভোগ অৰ্পণ কৰে দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে । দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "দাক্ষিণপাট সত্ৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে এটা এৰাব নোৱৰা সম্পৰ্ক । দাক্ষিণপাট সত্ৰৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰক প্ৰাৰ্থনা কৰিলে সেই প্ৰাৰ্থনা শুনে বুলি এক বিশ্বাস আছে ।"

তেওঁ লগতে কয়, "সেই বিশ্বাস আগত ৰাখি বৃহস্পতিবাৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী আৰু গুটীয়া ফেৰীৰ কৰ্মচাৰীসকল মিলি দাক্ষিণপাট সত্ৰৰ সহযোগিতাত এই পূজাভাগ কৰা হৈছে যাতে আহি থকা দিনত এই ফেৰীসমূহৰ কোনো অপায়-অমংগল নোহোৱাকৈ যাত্ৰীসকল অহা যোৱা কৰিব পাৰে ।"

ইফালে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে কয়, "ব্ৰহ্মপুত্ৰক আমি যথেষ্ট বিশ্বাস কৰোঁ । তেওঁক বিশ্বাস কৰিয়েই আমি চলি আছোঁ । এই ফেৰীসমূহ চলাচল কৰাত যাতে আহি থকা দিনত সমস্যা নহয় তাৰ বাবে আন বছৰৰ দৰে এই বছৰো আজিৰ দিনটোত পূজা আৰু ভোগ অৰ্পণ কৰিছোঁ ।"

লগতে পঢ়ক: ৪০০ বছৰীয়া এখন বিচনী যাৰ বতাহত বিয়পে সমৃদ্ধিশালী ঐতিহ্যৰ সুবাস - HERITAGE OF MAJULI

দা-কটাৰী হাতত থকাৰ দৰে হাতে হাতে বন্দুক ! বৰাই ক'লে- এয়া আমেৰিকাৰ গান কালচাৰৰ দৰে কথা - BHUPEN BORA SLAMS CM