ETV Bharat / state

বাদুলীৰ সাম্ৰাজ্য ! প্ৰায় ৪০ হাজাৰ বাদুলীৰ বাসস্থান এটি চৰকাৰী কাৰ্যালয় চৌহদ

বাদুলীৰ বাবে বিখ্যাত এটি চৰকাৰী কাৰ্যালয় । ৩৫-৪০ হাজাৰ বাদুলী আছে এই কাৰ্যালয় চৌহদত । ক'ত আছে বাদুলীৰ বাবে বিখ্যাত কাৰ্যালয়টো ?

Goalpara bats colony
বাদুলীৰ সাম্ৰাজ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 2:35 PM IST

|

Updated : July 29, 2025 at 4:03 PM IST

4 Min Read
Choose ETV Bharat

গোৱালপাৰা : বাদুলীৰ সাম্ৰাজ্য । বাক্যশাৰী পঢ়িলেই মনলৈ ভাহি আহে বিভিন্ন হ'ৰ'ৰ ছিৰিজৰ উপন্যাস, ছবি আদিৰ কাহিনী । প্ৰখ্যাত অসমীয়া ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ বিভিন্ন হ'ৰ'ৰ ছিৰিজতো প্ৰকাশ পাইছে বাদুলীৰ সাম্ৰাজ্যৰ বিভিন্ন কাহিনী ।

অৱশ্যে এই ভৌতিক কাহিনীবোৰত বাদুলীক ভৌতিক চৰিত্ৰ বা এক ভয়ানক ৰূপত উপস্থাপন কৰা হৈছে । কিন্তু আজিৰ প্ৰতিবেদনত যিখন বাদুলী সাম্ৰাজ্যৰ বিষয়ে ক'বলৈ ওলোৱা হৈছে সেয়া কোনো ৰূপকথাৰ ভয়ানক চৰিত্ৰ নহয় । মানুহৰ মাজত, মানুহৰ বিশেষ সজাগতাৰ মাজত অতি শান্ত-সমাহিতভাৱে বাস কৰি আহিছে হাজাৰ হাজাৰ বাদুলীয়ে । মানুহক কোনো ধৰণে অশান্তি দিয়া নাই বা মানুহেও কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰা নাই এই বাদুলীবোৰক । যাৰবাবে বিভিন্ন গছত নিশ্চিন্তমনে নিজৰ আৱাস স্থাপনেৰে কৰি গৈছে বংশ বিস্তাৰ ।

৪০ হাজাৰোধিক বাদুলীৰ বাসস্থান এটি চৰকাৰী কাৰ্যালয় চৌহদ (ETV Bharat Assam)

ক'ত আছে বাদুলীৰ সাম্ৰাজ্য

হয়, বাদুলীৰ বাবে বিখ্যাত হৈ পৰিছে এটা চৰকাৰী কাৰ্যালয় । জানিব পৰা মতে, প্ৰায় ৪০ হাজাৰ বাদুলী আছে এই কাৰ্যালয়টোৰ চৌহদত । দিনটো নিৰাপদভাৱে আশ্ৰয় লৈ সন্ধিয়া ওলাই যায় খাদ্যৰ সন্ধানত । পিছে ক'ত আছে এই বাদুলীৰ বাবে বিখ্যাত কাৰ্যালয়টো । তাৰবাবে পঢ়ক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন ।

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ এটা কাৰ্যালয়ত জীৱ-বৈচিত্ৰ্যৰ নান্দনিক দৃশ্যই মোহিত কৰি তুলিছে পথাচাৰীক । জিলাখনৰ আগিয়া-দুধনৈ সংযোগী পথৰ দাঁতিত থকা কৃষ্ণাই মধ্য আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ চৌহদটোৰ চাৰিওফালে থকা বিভিন্ন প্ৰজাতিৰ গছবোৰত ওলমি থকা প্ৰায় ৪০ হাজাৰ বাদুলীৰ জাকে এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰি মুখৰিত কৰি ৰাখে চৌপাশ ।

Goalpara bats colony
গোৱালপাৰাত বাদুলীৰ সাম্ৰাজ্য (ETV Bharat Assam)

পুৱাৰ পৰা সন্ধ্যালৈকে বাদুলীবোৰৰ কিচিৰ-মিচিৰ শব্দই মুখৰিত কৰি ৰাখে কৃষ্ণাই অঞ্চল । দিনৰ দিনটো বাদুলীৰ জাকটোৱে নিৰাপদভাৱে আশ্ৰয় লৈ আবেলি ৫ বজাৰ পৰা নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ উৰা মাৰে ।

আনহাতে, গোটেই নিশা আহাৰ সংগ্ৰহ আৰু গ্ৰহণ কৰাৰ পিছত দোকমোকালিতে আহি উপস্থিত হয় নিজৰ বাসস্থান বন কাৰ্যালয়টোৰ চৌহদত ।

Goalpara bats colony
৪০ হাজাৰোধিক বাদুলীৰ বাসস্থান এটি চৰকাৰী কাৰ্যালয় চৌহদ (ETV Bharat Assam)

বন বিভাগৰ লোকে কি কয়

এই সন্দৰ্ভত কৃষ্ণাই বন কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, "বাদুলী প্ৰায় ৩০-৩৫ বছৰ আমি দেখা পাই আছোঁ । আগতে কম পৰিমাণে আছিল । এতিয়া বছৰে বছৰে বাঢ়ি আছে । খাদ্যৰ সন্ধানত গধূলি ৫-৬ টামানত ওলাই যায় আৰু ৰাতি ২.৩০-৩ টামানত ঘূৰি আহে ।"

তেওঁ লগতে কয়, "এই বাদুলীবোৰ কেতিয়াৰ পৰা ইয়াতে আছে আমিও নাজানো । আমি ইয়াত চাকৰিত যোগদান কৰা প্ৰায় ২০ বছৰে হ'ল । আমি বিগত ২০ বছৰে বাদুলীখিনিক এনেকৈয়ে দেখি আহিছোঁ । বন বিভাগৰ কাৰ্যালয় থকাৰ কাৰণেই হয়তো ইয়াত বাদুলীবোৰক কোনেও অসুবিধা নিদিয়ে আৰু বাদুলীখিনিয়েও সুৰক্ষিত ঠাই হিচাপে বাছি লৈছে ।"

আন এগৰাকী বন কৰ্মচাৰীয়ে কয়, "ইয়াত থকা কাৰণেতো আমাৰ ভালে লাগে । ৰাতি মোটামোটি ৩ টামানত বাহিৰৰ পৰা আহে । খুব ভাল লাগে, হাল্লা-চিল্লা কৰি আহি থাকে । যোৱাৰ সময়তো হাল্লা-চিল্লা কৰি যায় । মোটামোটি ৩৫-৪০ হাজাৰমান বাদুলী আছে । চাৰিওপিনে আছে । প্ৰত্যেকডাল গছতে আছে । মানুহে অনিষ্ট কৰিব নাহে । বাহিৰৰ পৰা যিখিনি মানুহ আহে তেওঁলোকে চাই যায় । ফটো উঠাই লৈ যায় ।"

কি কয় স্থানীয় লোকে

আনহাতে, কৃষ্ণাই অঞ্চলৰ এগৰাকী যুৱ সমাজকৰ্মী মহম্মদ হুছেইনে কয়, "আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাৰ পৰাই বাদুলী চৰাইবোৰক এই কাৰ্যালটোত দেখি আহিছোঁ । বাদুলী চৰাইবোৰে পোৱালি জন্ম দি এতিয়া বংশ বৃদ্ধি কৰিলে, আগতকৈ বহুত বেছি হ'ল ।"

Goalpara bats colony
৪০ হাজাৰোধিক বাদুলী আছে এই কাৰ্যালয়টোৰ চৌহদত (ETV Bharat Assam)

বাদুলী সুৰক্ষাৰ প্ৰতি সচেতন স্থানীয় লোক

এই সন্দৰ্ভত তেওঁ কয়, "বৃহত্তৰ কৃষ্ণাই অঞ্চলবাসীয়ে বাদুলীখিনিৰ সুৰক্ষাৰ স্বাৰ্থত যেনেকৈ যত্নপৰ হ'ব লাগে তেনেকৈ যত্নপৰ হৈ থকাৰ বাবেই এই বাদুলীখিনি সুৰক্ষিত হৈ আছে । কৃষ্ণাইৰ ৰাইজৰ সচেতেনতা আৰু কৃষ্ণাই বন কাৰ্যালয়ৰ কৰ্মচাৰীয়ে বাদুলী চৰাইবোৰক সুৰক্ষিত কৰি ৰাখে ।"

তেওঁ লগতে কয়, "কৃষ্ণাই বন কাৰ্যালয়ৰ চৌদিশে থকা ৰাইজে দীপাৱলী আৰু বিয়া আদিত বাদুলীখিনিৰ সুৰক্ষাৰ স্বাৰ্থত কোনো ধৰণৰ আতচবাজী ফুটাই শব্দ প্ৰদূষণ যাতে নহয় তাৰ প্ৰতি সদায় সচেতন হৈ থাকে ।"

লগতে পঢ়ক :ৰহঢলা পথাৰত, আহিবা ঐ নিজানত... ! অস্তিত্বৰ সংকটত ঐতিহাসিক ৰহঢলা পথাৰৰ পুখুৰী - HISTORICAL RAHDHALA PATHAR
লগতে পঢ়ক :অস্তিত্বৰ সংকটত ঐতিহাসিক দীঘলীপাম বিল - HISTORICAL DIGHALIPAM BEEL
Last Updated : July 29, 2025 at 4:03 PM IST