বিশিষ্ট কবি-সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান
বৌদ্ধিকভাৱে কেইবাটাও প্ৰজন্মক সমৃদ্ধ কৰা জনপ্ৰিয় কবি, সাহিত্যিক অনুবাদক, চলচ্চিত্ৰ সমালোচক, গল্পকাৰ অনুভৱ তুলসীয়ে ৰচনা কৰিছিল অৰ্ধশতাধিক গ্ৰন্থ ।

Published : July 1, 2025 at 4:04 PM IST
গুৱাহাটী: বিশিষ্ট কবি, সাহিত্যিক অনুভৱ তুলসী আৰু নাই । মঙলবাৰে পুৱা ১০:০৫ বজাত গুৱাহাটী মহানগৰীৰ এখন ব্য়ক্তিগত চিকিৎসালয়ত জনপ্ৰিয় কবিগৰাকীয়ে ৬৭ বছৰত শেষনিশ্বাস ত্য়াগ কৰে । জনপ্ৰিয় কবিগৰাকী যোৱা শনিবাৰে ষ্ট্ৰ’কত আক্ৰান্ত হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি শনিবাৰৰ পৰাই হাস্পতালত চিকিৎসাধীন হৈ আছিল কবি তথা সাহিত্যিক অনুভৱ তুলসী । হাস্পতালৰ পৰাই মালিগাঁৱৰ বাসগৃহলৈ লৈ যোৱা হয় তেওঁৰ নশ্বৰদেহ । অনুভৱ তুলসী একাধাৰে কবি, অনুবাদক, চলচ্চিত্ৰ সমালোচক, গল্পকাৰ, সম্পাদক আছিল । কেৱল অসমীয়া সাহিত্যতেই নহয়, ভাৰতীয় সাহিত্যৰো এগৰাকী প্ৰতিথযশা কবি তথা সাহিত্যিক আছিল অনুভৱ তুলসী ।
১৯৫৮ চনৰ ৩ ডিচেম্বৰত নগাঁও জিলাৰ তুলসীমুখত জন্মগ্ৰহণ কৰা অনুভৱ তুলসীৰ পিতৃৰ নাম লক্ষ্মীকান্ত শইকীয়া আৰু মাতৃ আছিল লাবণ্য শইকীয়া । তুলসীমুখত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত ১৯৭৯ চনত নগাঁও কলেজৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক ডিগ্রী লাভ কৰে । ইয়াৰ পিছতেই ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে ।

১৯৮৩ চনত শুৱালকুছিৰ শুৱালকুছি বুদবাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ প্রবক্তা হিচাপে কর্মজীবনৰ আৰম্ভণি ঘটাই ২০১৮ ত উক্ত মহাবিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে । বিংশ শতিকাৰ শেষৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ বিশেষ অৱদান আগবঢ়াই আহিছে । বৰ্তমানলৈকে তেওঁৰ ২০খন কবিতাপুথি প্ৰকাশ পাইছে ।
তেওঁৰ প্ৰকাশিত কবিতা-সংকলন হৈছে নাজমা (১৯৮৫); দোৰোণ ফুল (১৯৯৬); জলমগ্ন দৃশ্যাৱলী (১৯৯৬), কাব্যপীঠ (১৯৯৭), নিৰ্জ্ঞান নেপথ্য (২০০১), চৰাইৰ চকুত ফুলৰ বিচনা (২০০৩), পানীকাউৰী (২০০৫), জয় জয়তীৰ জয় (২০০৬), জুইচোৰ (২০০৭), জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য (২০০৮), দেওচেলেং (২০১০), ডেম'ক্রেচি অৱ আমব্রেলাজ (২০১০), ঢেঁকীয়াপতীয়াৰ পিতৃ (২০১১), মাইহাং বাটিৰ চাঁদ (২০১২), বৰষুণৰ খেতিয়ক (২০১৫), মাটিভাষা (২০১৭), অনুভৱ তুলসীৰ শ্রেষ্ঠ কবিতা (২০১৭), দিন ৰাতিৰ দুৱৰী (২০১৮), ডিৱর্ড (২০১৮) আৰু বানান কৰি পঢ়া লুইতৰ পানী (২০১৯)। আনহাতে অনূদিত গ্রন্থকেইখন হৈছে আনা আখমাত ভাৰ কবিতা (২০০১), বেলিসূতা সোণপৰুৱা (২০০৬), সম্পর্ক (২০১২), পুৰাতন এই বীণখনি (২০১৫), নজনা জুনুকা (২০১৬) আৰু নৰা তগৰৰ গন্ধ (২০১৮)।
তদুপৰি ইলোবাৰ ইন্দ্ৰসভা (২০০৫), অসমীয়া কবিতা আৰু তুলনামূলক আলোচনা (২০০৬), সৃষ্টিসুষমা (২০০৯)ৰ লগতে ভ্রমণলেখাসমূহ হৈছে পানীত মৌ মিহলাই লেখা নাম আৰু বাইজেনটিয়াম (২০১২)। চিনেমা সমালোচনামূলক গ্ৰন্থ কেইখন হৈছে ঘোঁৰাচৱাৰী আৰু সূর্যৰ স্মৃতি (২০১৬)। গল্পপুথি কেইখন হৈছে গোলাপ গছত থৈ যাবি (২০১৭)। তদুপৰি সম্পাদনা কৰা গ্ৰন্থসমূহ হৈছে অমূল্য বৰুৱাৰ কবিতা (২০০৩), তৰুণ প্রজন্মৰ কবিতা (সম্পাদনা সহযোগী, ২০০৫), কবিৰ বচন (২০১২) আৰু তুলাৰ দলং তেজাৰ সাঁকো (২০১৯)।

তেওঁ ১৯৯৭ চনত দোৰোণফুল'ৰ বাবে মুনীন বৰকটকী বঁটা, ২০০২ চনত কেন্দ্রীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল'শ্বিপ লাভ কৰিছিল । তদুপৰি ২০১৫ চনত অন্তর্লিপি সাহিত্য বঁটা, ২০১৭ চনত সাহিত্যজ্যোতি বঁটা, ২০১৭ চনত অসম সাহিত্য সভাৰ শতবর্ষীয় সাহিত্য সম্মান, ২০১৯ চনত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য সন্মান আৰু ২০১৯ চনত জমিৰুদ্দিন সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয় । তুৰস্কৰ ইস্তানবুল, আমেৰিকাৰ অষ্টিন, গ্ৰীচৰ এথেন্স আৰু বাংলাদেশৰ ঢাকাত অনুষ্ঠিত বিশ্ব কবিতা আৰু সাহিত্য মহোৎসৱত কবিতা পাঠৰ বাবে তেওঁ আমন্ত্ৰিত হৈছিল । জাৰ্মানী, ফৰাচী, হাঙ্গেৰী, উজবেক আদি ভাষালৈও তেওঁৰ কবিতা অনুবাদ হৈছে ।

বিশিষ্ট কবি, সাহিত্যিক অনুভৱ তুলসীৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে । অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "অনুভৱ তুলসীৰ বিয়োগত অসমীয়া সাহিত্যই এটি যুগমীয়া সম্পদ হেৰুৱালে । এইগৰাকী বৰেণ্য সাহিত্যিকৰ বিয়োগ অসমীয়া ভাষা-সাহিত্যৰ লগতে সমাজ জীৱনৰ অপূৰণীয় ক্ষতি।" সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "স্কুলীয়া দিনৰ পৰাই কবি অনুভৱ তুলসীৰ কবিতা পঢ়ি আহিছো । অসমীয়া ভাষাৰ চিৰকালীন সৌন্দৰ্যক উপলব্ধি কৰিব পাৰি অনুভৱ তুলসীৰ কবিতাত । অসমীয়া কবিতাক বিশ্বজনীনতা প্ৰদানৰ ক্ষেত্ৰত কবিগৰাকীয়ে সযত্ন প্ৰয়াস কৰিছিল । অনুভৱ তুলসীৰ হাতত কবিতা হৈ উঠিছিল শিল্পমণ্ডিত । অনুভৱ তুলসীৰ কবিতাত অসমীয়া ভাষাৰ কালিকাই পাইছিল বিশেষ মান্যতা । অনুবাদৰ ক্ষেত্ৰখনকো চহকী কৰি গৈছে অনুভৱ তুলসীয়ে ।’’
এগৰাকী অধ্যাপক হিচাপেও অনুভৱ তুলসীয়ে বৌদ্ধিকভাৱে কেইবাটাও প্ৰজন্মক সমৃদ্ধ কৰা বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়, "কবি অনুভৱ তুলসীৰ অভাৱ আমি বাৰুকৈয়ে অনুভৱ কৰিম । এগৰাকী প্ৰিয় কবিক হেৰুৱাই আজি মৰ্মাহত হৈছো ।"

