ভাষাৰ স্বীকৃতিত আনন্দিত অসম সাহিত্য সভাৰ দুই প্ৰাক্তন সভাপতি - Classical Status to Assamese
Classical Language: অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানত আনন্দিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহ আৰু ড৹ নগেন শইকীয়া ।

Published : October 4, 2024 at 6:31 PM IST
শিৱসাগৰ/ডিব্ৰুগড়,৪ অক্টোবৰ: আইৰ মুখৰ ভাষাটোৱে লাভ কৰিলে অনন্য স্বীকৃতি । কেন্দ্ৰীয় কেবিনেটে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিত অনুমোদন জনায় । ইয়াৰ পিছতেই উৎফুল্লিত হৈ পৰিছে অসমবাসী । প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দীৰ্ঘদিনে অসমীয়া ভাষা তথা অসমীয়া সাহিত্যৰ সাধনাত ব্ৰতী গুণী-সুধীজনে ।
ইমৰান শ্বাহে কি কয়:
ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াত সন্তুষ্টি প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে । এই সন্দৰ্ভত শিৱসাগৰত প্ৰাক্তন সভাপতিগৰাকীয়ে কয়,"অসমীয়া ভাষাই এই স্বীকৃতি বহু আগতেই পাব লাগিছিল । বৰং আমি ধ্ৰুপদী ভাষা হিচাপে বহুত বেছি প্ৰাচীন বুলিয়েই দাবী কৰিব পাৰো । তথাপিও ৰাজহুৱাভাৱে স্বীকৃতিটো এটা বেলেগ কথা । তাৰ লগত হয়তো অন্য সা-সুবিধা ইত্যাদি কথা জড়িত হৈ থাকে । গতিকে ইয়াৰ লগত যিখিনি সা-সুবিধা আমি পাম তাক ভাষাৰ স্বাৰ্থত আমি গ্ৰহণ কৰিব লাগে ।"
তেওঁ লগতে কয়,"চৰকাৰে কি কি দিয়ে কি কি নিদিয়ে মই নাজানো । আনটো দিশৰ পৰা চালে ক'ব পাৰিম যে আমি এবাৰ অন্ততঃ সচেতন হ'ব পাৰিছো বা সুবিধা এটা পাইছো । আমাৰ ভাষাটো কিমান প্ৰাচীন কিমান পুৰণি বা কিয় ই ধ্ৰুপদী ? সেয়া জানিব পাৰিছো । এইখিনি যদি আমি অনুভৱ কৰিব পাৰো তেন্তে আমি ভাষাটোৰ ক্ষেত্ৰত কাম কৰাৰ বাবে আগবাঢ়ি যাব পাৰিম ।"
ড৹ নগেন শইকীয়াৰ অনুভৱ:
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা পাছতেই ৰাজ্যৰ সচেতন সমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সমান্তৰালভাৱে ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধ্ৰুপদী ভাষাৰ স্বীকৃতিত আনন্দ প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক, প্ৰাক্তন সাহিত্য সভাৰ সভাপতি ড৹ নগেন শইকীয়াই । এই স্বীকৃতিয়ে অসমীয়া ভাষাক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ।
এই সন্দৰ্ভত তেওঁ কয়,"মই ধ্ৰুপদী ভাষাৰ যিটো স্থান সেই স্থান অসমীয়া ভাষাই লাভ কৰাৰ কাৰণে সঁচাকৈয়ে আনন্দ পাইছো । ওড়িশাৰ ওড়িয়া ভাষাই এই সন্মান লাভ কৰোতে মই অসমীয়া ভাষাই এই সন্মান লাভ কৰিব লাগে বুলি লিখিছিলো । এই স্বীকৃতিয়ে অসমীয়া ভাষাক ইয়াৰ গুৰিৰ পৰা বিকাশ সামৰি ল'ব । ধ্ৰুপদী ভাষা এটা হঠাতে হোৱা ভাষা নহয়, এই ভাষাটো খ্ৰীষ্ট পূৰ্ব কালৰে পৰা আবিৰ্ভাৱ হৈছিল । উত্তৰ-পূব ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ ভাষাটোৱেই হৈছে অসমীয়া ।"
তেওঁ লগতে কয়,"ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ পাছত চৰকাৰে অসমীয়া ভাষাৰ ব্যৱহাৰিক আৰু বিদ্যায়তনিক গুৰুত্ব বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । আনহাতে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক গছপুলি ৰুবলৈ পঠাব নালাগে, ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক যেনেকৈ শিক্ষা প্ৰদান কৰে, সচৰাচৰ গছপুলি ৰুবলৈ নপঠায় তেনেকৈ শিক্ষাত অধিক গুৰুত্ব দিলেহে ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে ভাষাটোক অধিক শক্তিশালী কৰিব ।"

