ETV Bharat / state

পাণ দোকান, বাবা-মাইনা আৰু আমাৰ আত্মসন্মান... কিহৰ বাবে ইমান খং উঠিল বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ - FACEBOOK POST OF RITA CHOWDHURY

সামাজিক মাধ্যমত খং উজাৰিলে বিশিষ্ট সাহিত্য়িক ৰীতা চৌধুৰীয়ে ৷ কিন্তু কিহৰ বাবে ?

FACEBOOK POST OF RITA CHOWDHURY
সাহিত্যিক ৰীতা চৌধুৰী (rita chowdhury's facebook)
author img

By ETV Bharat Assamese Team

Published : May 30, 2025 at 7:27 PM IST

8 Min Read

গুৱাহাটী: শুকুৰবাৰৰ দিনটোত কলহৰ কাণে ঢলা বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানে বুৰাই পেলাইছিল সমগ্ৰ গুৱাহাটী মহানগৰীক ৷ কৃত্ৰিম বানৰ বাবে গৃহবন্দী জনতাই চৰকাৰ তথা স্থানীয় প্ৰতিনিধিৰ বিৰুদ্ধে নিজৰ খং, ক্ষোভ উজাৰিবলৈ ব্যৱহাৰ কৰিছিল ফেচবুক, হোৱাটছএপৰ দৰে সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহ ৷ বিশেষকৈ ফেচবুকৰ মজিয়া ভৰি পৰিছিল কৃত্ৰিম বানত প্লাৱিত হোৱা অঞ্চলসমূহৰ ফটো, ভিডিঅ’ৰে ৷

কিন্তু তাৰ মাজতে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰে আন এক পোষ্টে ৷ এই পোষ্টটি সামাজিক মাধ্যম ফেচবুকত লিখিছিল বিশিষ্ট সাহিত্যিক, বহুতৰে প্ৰিয় লেখিকা ৰীতা চৌধুৰীয়ে ৷ আচলতে ফেচবুকৰ মাধ্যমৰে খং উজাৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷ পিছে কিহৰ বাবেনো লেখিকাগৰাকীৰ ইমান খং উঠিল ?

কথাটো আছিল এনেধৰণৰ- অলপতে এখন ৰাজহুৱা সভাত সাহিত্যিকগৰাকীৰ স্বামী তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষণ প্ৰসংগত কৈছিল যে তেওঁৰ কিবা এটা হ’লে পাণ দোকান এখন দিবলৈও সন্তানৰ হাতত আৰ্থিক ধনৰ অভাৱ ৷

স্বামীৰ সেই বক্তব্যৰ প্ৰসংগতে সামাজিক মাধ্যমত উভতি ধৰে বিশিষ্ট লেখিকাগৰাকীয়ে ৷ সাহিত্যিকগৰাকীৰ পোষ্টটো আছিল এনেধৰণৰ-

‘‘পাণ দোকান, বাবা-মাইনা আৰু আমাৰ আত্মসন্মান

দুদিনমান এটা বিশাল আৰু নিৰ্জন চৌহদত অকলে আছোঁ ৷ অলপ জিৰণিৰ বাবে আৰু সন্তানসকলৰ বাবে কৈ যাব লগা কথাবোৰ ৰেকৰ্ড কৰাৰ বাবে প্ৰস্তুতি চলাবলৈ এইখিনি একান্ত সময়ৰ প্ৰয়োজন আছিল ৷ সামাজিক মাধ্যমত পোষ্ট দি থাকিলেও জৰুৰী বিষয়বোৰৰ বাহিৰে একো কথালৈ মন দিয়া নাছিলোঁ ৷ সেয়ে মোৰ গৃহস্থই নিজৰ সন্তানক সাঙুৰি লৈ দিয়া মন্তব্য চকুত পৰা নাছিল ৷ কালি ৰাতি এজনে কথাটো জনালে আৰু মই বিচাৰি উলিয়াই বক্তব্যখিনি শুনিলোঁ ৷

এই বিষয়ে তেওঁৰ লগত মই কথা পতা নাই ৷ প্ৰয়োজনো অনুভৱ কৰা নাই ৷ যিমান পাৰো চমুকৈ মোৰ ৰাজহুৱাভাৱে ক’বলগীয়াখানি কোৱাৰ চেষ্টা কৰিম ৷

যেতিয়া এজন ৰাজনীতিকে ৰাজহুৱাভাবে কয় যে তেওঁৰ সন্তানক এখন পান দোকানো কৰি দিয়া নাই আৰু তেওঁৰ মৃত্যু হ’লে লণ্ডন-আমেৰিকাত পঢ়ি অহা সন্তান দিশহাৰা হৈ যাব তেতিয়া সেই মন্তব্যৰ ৰাজহুৱা উত্তৰ দিয়াৰ প্ৰয়োজন আছে ৷

কাৰণ তেওঁৰ সন্তান দুটাৰ এগৰাকী মাকো আছে যি টান মাটিত থিয় হৈ মূৰ তুলি জীয়াই থাকিব খোজে আৰু আছেও ৷ বাবা আৰু মাইনা মোৰো সন্তান ৷ বাবাৰ নাম অভিৰুক আৰু মাইনাৰ নাম কৃষ্টি ৷ তেওঁলোক এতিয়া প্ৰাপ্তবয়স্ক ৷ পিতৃ-মাতৃনিৰ্ভৰ শিশু নহয় ৷ তেওঁলোকৰ আত্মসন্মান আৰু নিজা জীৱনদৰ্শন আছে ৷ মোৰো আছে ৷

বিয়াৰ ন বছৰ পিছত মোৰ ছোৱালীজনীৰ যেতিয়া জন্ম হৈছিল তেতিয়া মোৰ এটা বেংক একাউন্ট আছিল আৰু তাত তিনি হেজাৰ টকা আছিল ৷ মাতৃ হোৱাৰ পিছত মোৰ দায়িত্ব সন্তানৰ যত্ন লোৱা, সঠিক পথ দেখুওৱা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰা ৷ কিন্তু এম এল এ হৈ থকা তাইৰ পিতৃয়ে যেতিয়া তাইৰ আহাৰ যোগানত গাফিলতি কৰিছিল আৰু পইচা বেংকৰ পৰা উলিয়াই কিনাৰ সময় নাছিল আৰু যেতিয়া উপায় নাপাই দীপক বৰ্মন নামৰ ল’ৰা এটাৰ হতুৱাই বাতৰি কাকত বেচি সেই পইচাৰে কিনি আনিব লগা হৈছিল তাৰ পিছত মই সেই দায়িত্ব নিজৰ হাতত তুলি লৈছিলোঁ ৷ উপাৰ্জন কৰা প্ৰতিটো পইচা মই তেওঁলোকৰ ভৱিষ্যৎ আৰু বৰ্তমানক আগত ৰাখি ব্যয় কৰিছিলোঁ ৷ কলম তুলি লৈছিলোঁ ৷

নিজকো শক্তিশালী ৰূপত গঢ়ি তুলিছিলোঁ ৷ তেওঁলোককো ক্ষমতাই দিয়া সুবিধাবোৰৰ পৰা আঁতৰাই সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিকক বুলি আৰু বিশালতৰ জগতৰ লগত পৰিচয় হওক বুলি দিল্লীলৈ লৈ গৈছিলোঁ ৷ লণ্ডন-আমেৰিকালৈ ময়েই তেওঁলোকক পঢ়িবলৈ পঠিয়াইছিলোঁ ৷ তাৰ বাবে মোৰ সমস্তখিনি উজাৰি দিছিলোঁ ৷ মই ত্ৰুটি বিচ্যুতিহীন নহয় ৷ কিন্তু চেষ্টা কৰোঁ ৷ অভিৰুকে ক্লাছ এইটৰ পৰা বিভিন্ন ঠাইত গীটাৰ আৰু ড্ৰাম বজাই উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল ৷ মোৰ হাতত আনি আনি দিছিল ৷ এতিয়াও কৰে ৷ তেনেই সাধাৰণভাবে জীয়াই থাকিবলৈ সেইখিনি যথেষ্ট ৷ নিজেই পৰীক্ষা দি বিশ্বৰ পাঁচখন কলেজত মিউজিক পঢ়াৰ সুবিধা পাইছিল ৷ তাৰ ভিতৰত তাৰ সপোন আছিল বষ্টনৰ বাৰ্কলি স্কুল অফ মিউজিকত পঢ়া ৷ সেয়া মোৰ ক্ষমতাৰ সীমাৰ বাহিৰত আছিল ৷ মই তাক কৈছিলোঁ আন কেইখন কলেজত মই তোমাক পঢ়ুৱাব পাৰিম ৷

কিন্তু বাৰ্কলিত মই তোমাক মাত্ৰ দুবছৰহে পঢ়ুৱাব পাৰিম ৷ সি বহুত ভাবি চিন্তি ক’লে মোক দুবছৰ পঢ়ুৱালেও হ’ব ৷ তাৰ পিছত মই নিজেই কিবা কৰি ল’ম ৷ মোৰ তেতিয়ালৈ জমা হোৱা সমস্ত ধন, দেউতাকৰ একাউণ্টৰ টকা আৰু খাৰঘুলিৰ ঘৰটো বন্ধকত দি এডুকেশ্যন লোন লৈ পঢ়িবলৈ পঠিয়ালোঁ ৷ পইচা দিব নোৱৰাৰ বাবে তাৰ পঢ়া আধৰুৱা হৈ থাকিল ৷ ক'ভিডত সি উভতি আহিল ৷ মই অলপ দূৰদৰ্শী আছিলোঁ আৰু এটা প্লেন বিৰ কথা ভাবি তাৰ মিউজিছিয়ান বন্ধুবোৰৰ সহযোগত এটা ষ্টুডিঅ' আৰম্ভ কৰিছিলোঁ ৷ সি উভতি আহিছিল মিউজিকৰ জ্ঞান, অভিজ্ঞতা আৰু আত্মবিশ্বাস লৈ ৷ কাম কৰি খায় সি ৷

কৃষ্টি এগৰাকী আৰ্টিষ্ট ৷ ছবি আঁকে ৷ জন্মগতভাৱে নান্দনিক কামত পাৰদৰ্শী ৷ তাই নাগালেণ্ডত গৈ খৃষ্টমাছৰ দোকান দিয়াৰ দৰে কামো কৰিছে ৷ যদিও তাই বৰ আলসুৱা, কিন্তু প্ৰয়োজনত পাহাৰ দঙাৰো শক্তি আছে ৷ জীৱনৰ সকলো প্ৰয়োজনীয় প্ৰশিক্ষণ মই তেওঁলোকক দিছোঁ ৷ দুয়োজনৰে হাতৰ বিদ্যা আছে ৷ চলিব পাৰিব ৷ কিন্তু ক্ষমতাশালী পিতৃৰ ঘৰত ডাঙৰ হোৱা ল’ৰা-ছোৱালী দুটাই এনেকৈ কাম কৰি স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰিব বুলি জানিও তুলনামূলকভাৱে সুবিধাজনক পৰিৱেশৰ শৈশৱ আৰু বৰ্তমান পাৰ কৰা সন্তান দুটাৰ ভৱিষ্যতক লৈ মাতৃ হিচাপে মোৰ নিৰাপত্তাহীনতা আছে ৷ সেয়েহে মই এটা publishing house খুলিছোঁ ৷ মিউজিকৰ ক্ষেত্ৰখন অনিশ্চিত ৷ মই মাতৃ হিচাপে নিজৰ সন্তানক আনৰ ওচৰত হাত পাতি জীয়াই থকাৰ কথা কল্পনাও কৰিব নোৱাৰো ৷

মোৰ ভয়ো লাগে আৰু খুব দুখো লাগে ৷ ল’ৰা-ছোৱালী দুটাক ৰাজনৈতিক আৰু প্ৰতিকুল পৰিবেশৰ মাজত মানুহ হিচাপে গঢ়ি তুলিবলৈ মই চেষ্টাৰ ত্ৰুটি কৰা নাই ৷ ল’ৰাটোৱে কয় চিন্তা নকৰিবলৈ ৷ কয়— মই কিবা এটা কৰিম ৷ এনে এটা পৰিস্থিতিত এজন ক্ষমতাশালী দেউতাকে এখন পাণ দোকানো কৰি দিয়া নাই বুলি আৰু তেওঁৰ মৃত্যু হ’লে বাবা-মাইনা দিশহাৰা হৈ যাব বুলি ৰাজহুৱাভাৱে গৰ্ব কৰি কোৱাটো অত্যন্ত দূৰ্ভাগ্যজনক ৷ ই আমাৰ কাৰণে অপমানজনকো ৷ সন্তানৰ নিম্নতম নিৰাপত্তাৰ ব্যৱস্থা কৰাটো প্ৰতিজন পিতৃ-মাতৃৰ দায়িত্ব ৷ তেওঁলোক নিজৰ ইচ্ছাত পৃথিৱীলৈ নাহে ৷

এজন ক্ষমতাশালী মানুহে কৰাপছন নকৰাকৈও এইখিনি কাম আৰু ভালকৈ কৰিব পৰা সুবিধা থাকে ৷ তাকে নকৰি, পাণ দোকানৰ উপমা টানি আনি, তেওঁৰ অবিহনে দিশহাৰা হৈ যাব বুলি কৈ তেওঁ মাতৃ হিচাপে মোৰ যোগ্যতাকো অপমান কৰিছে ৷ মোৰ দুই সন্তানক পৰমুখাপেক্ষী অসহায় শিশু হিচাপে প্ৰক্ষেপ কৰি তেওঁলোকৰ আত্মসন্মান আৰু যোগ্যতালৈকো আঙুলি টোৱাইছে ৷ অতি দূৰ্ভাগ্যজনক ৷ তেওঁ আমাৰ দৈনন্দিন জীৱন ভালদৰে পাৰ কৰাত যত্নপৰ নহয় বুলি কেতিয়াও ক’ব নোৱাৰোঁ ৷ কিন্তু তেওঁৰ অবিহনে দিশহাৰা হৈ যাব বুলি কোৱাটো পিতৃ হিচাপে তেওঁৰ ব্যৰ্থতা ৷ এই তৰলতাৰ আৰু ৰাজনীতিৰ মাজলৈ নিজৰেই হওক আৰু আনৰেই হওক কাৰো পত্নী-সন্তানক অনাহকত টানি অনাৰ নিম্নস্তৰৰ সকলো প্ৰৱণতাৰ মই বিৰোধিতা কৰোঁ ৷ মই বিচাৰোঁ সমাজত নতুনকৈ আৰম্ভ হোৱা এই ক্ষয়ংকৰী ধাৰাৰ অন্ত পৰক ৷’’

এই পোষ্টটোৰ পিছতে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ব্যৱহাৰকাৰীসকলে ৷ অধিকাংশ ব্যৱহাৰকাৰীয়ে বিশিষ্ট সাহিত্যিকগৰাকীক সমৰ্থন জনোৱা দেখা গৈছে ৷

লগতে পঢ়ক: ৰাজনীতিৰ পাশা খেললৈ কোনো নিৰপৰাধী নাৰীক টানি অনা নহওক: বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.