ৰাজনীতিৰ পাশা খেললৈ কোনো নিৰপৰাধী নাৰীক টানি অনা নহওক: বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ আহ্বান
সামাজিক মাধ্যমযোগে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে অখিল গগৈক সম্বোধন কৰি এখন পত্র দিছে ।

Published : March 2, 2025 at 2:20 PM IST
গুৱাহাটী : অসমৰ ৰাজনৈতিক ক্ষেত্রখনত শেহতীয়াকৈ ৰাজনৈতিক নেতাসকলৰ পত্নীসকল বিশেষভাৱে টাৰ্গেট হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ ৰাজনৈতিক নেতাৰ পত্নীক কটাক্ষ আৰু সমালোচনা কৰাৰ এটা নতুন ট্ৰেণ্ড আৰম্ভ হৈছে । অৱশ্যে এই ট্ৰেণ্ড একেবাৰে নতুন নহয় । বৰ্তমান ইয়াৰ প্ৰভাৱ বেছিকৈ পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰসংগত নেতা পত্নীক টানি অনা হয় । শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ মাজত এনে বিতৰ্ক বিশেষভাৱে চৰ্চিত হৈছিল । ৰাজ্যৰ এই চৰ্চিত বিষয়ৰ মাজতে ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া । অৱশ্যে ৰীতা চৌধুৰীয়ে এসময়ৰ তেওঁৰ ছাত্র আৰু বৰ্তমানৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক লক্ষ্য কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
সামাজিক মাধ্যমযোগে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে অখিল গগৈক সম্বোধন কৰি এখন পত্র দিছে । 'বৰ্তমানৰ ৰাজনীতিক আৰু একালৰ ছাত্ৰ অখিল গগৈৰ প্ৰতি' বুলি শীৰোনামেৰে ৰীতা চৌধুৰীয়ে মৰমৰ অখিল বুলি পত্রখনত সম্বোধন কৰিছে ।
সামাজিক মাধ্যমত অখিল গগৈলৈ লিখা পত্রখনত ৰীতা চৌধুৰীয়ে কয়, "বিশেষ দুটামান কামত অত্যন্ত ব্যস্ত হৈ থকা বাবে তোমাক ক’ব খোজা কথাখিনি ক’বলৈ অলপ সময় লাগিল ৷ কোৱা হয় এজন শিক্ষকৰ বাবে এজন ছাত্ৰ সদায়েই এজন ছাত্ৰ হৈয়েই থাকে ৷ তুমি ছাত্ৰ হৈ থকা কালত এজন বহুত পঢ়াশুনা কৰা আৰু বহুত কথা জনা, সমাজ সচেতন, সৎ আৰু শক্তিশালী ছাত্ৰ হিচাপে তোমাৰ বাবে মই এজন শিক্ষক হিচাপে গৰ্ব অনুভৱ কৰিছিলোঁ ৷ তুমি নিশ্চয় একালৰ ছাত্ৰ হিচাপে আৰু পিচলৈ ৰাজনীতিৰ খবৰ ৰখা সচেতন আৰু পৰিণত বয়স্ক এজন নেতা হিচাপে ৰাজনৈতিক শক্তিৰ জখলাৰে বগোৱা মানুহ মই নহয় বুলি জানিছিলা ৷ একেসময়তে ৰাজনৈতিক ক্ষেত্ৰৰ ভিতৰত থকা ব্যক্তি হিচাপে আনে নজনা বহুত কথা জনাৰ সুবিধা মোৰ আছিল আৰু আছে ৷ সেইবোৰ কথা মই ‘মৰে অসম জীয়ে কোন’ৰ আন এটা খণ্ডত হয়তো লিখিম ৷
তেওঁ আৰু কয়, "মোক যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা বঁটাটো মন্ত্ৰী স্বামীৰ সহায়ত লাভ কৰিছিলোঁ বুলি টিভি, বাতৰি কাকত আৰু সামাজিক মাধ্যমত একাংশই অশালীন আৰু নিৰ্মম সমালোচনাৰে থকা সৰকা কৰিছিল সেই কথাবোৰে মোক যিমান কষ্ট দিছিল তাতোকৈ বহুত বেছি কষ্ট দিছিল মোৰ দুজন ছাত্ৰৰ মন্তব্যই ৷ এজন তুমি আৰু আনজন কমল কুমাৰ মেধি ৷ মই হতবাক হৈ গৈছিলোঁ টিভিত দিয়া তোমাৰ মন্তব্য শুনি ‘ৰীতা বাইদেৱে লাজ পাব লাগিছিল’ ৷
বিশিষ্ট সাহিত্যিকগৰাকীয়ে লগতে কয়, "মেনেজ কৰি বঁটা লোৱা নাছিলোঁ বাবেই মন্ত্ৰী পত্নী হোৱাৰ সুযোগ লৈ সদায়েই মোক আক্ৰমণ কৰি অহা আৰু চিনাকি হৈ পৰা মানুহবোৰক প্ৰত্যাহ্বান জনাই আৰু অৱহেলাৰে উপেক্ষা কৰি মই কৈছিলোঁ— ‘কোনো অপৰাধ নকৰাকৈ এই বঁটা মই ঘূৰাই নিদিও ৷’
ৰাজনীতিকৰ পত্নী হ’লেও স্বতন্ত্ৰভাৱে জীয়াই থাকিব খোজা এগৰাকী নাৰীয়ে বিনা দোষত, অকাৰণত কিমান অপমান পাবলগীয়া হয় সেইদিনা তুমি ভবা নাছিলা, অনুভৱো কৰা নাছিলা আৰু মোৰ কাষত থিয়ও হোৱা নাছিলা ৷ থিয় হৈছিল মোৰ কিতাপ পঢ়া আৰু মোক বিশ্বাস কৰা অগণিত মানুহ ৷ এবছৰ আগৰ গ্ৰন্থমেলাত প্ৰথম লগ পাওঁতে তোমাক সোধা মোৰ একমাত্ৰ প্ৰশ্নটো আছিল— ‘তুমি বাৰু সঁচাই বিশ্বাস কৰানে মই এনে কাম কৰিব পাৰোঁ ?’
তেওঁ আৰু কয়, "তুমি মোৰ হাতত ধৰিছিলা আৰু কি কৈছিলা সেইবোৰ এতিয়া থাকক ৷ মই কিন্তু সিদিনাও ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাপে বিধানসভাত বিধায়ক হিচাপে তোমাৰ ভূমিকালৈ আঙুলিয়াই দি বিধানসভাৰ নিয়ম নীতি জানিবলৈ পঢ়িবলগীয়া গুৰুত্বপূৰ্ণ কিতাপখন আমাজনত বিচাৰি দেখুৱাই দিছিলোঁ ৷ আজি এজন ৰাজনীতিকৰ পত্নী হিচাপে স্বতন্ত্ৰভাৱে জীয়াই থাকিব খোজা আৰু মানুহে আৰু ময়ো বিদূষী বুলি জনা গীতাশ্ৰী তামুলীয়েও তোমাৰ পত্নী কাৰণে যেতিয়া ৰাজহুৱা আক্ৰমণৰ সন্মুখীন হৈছে তেতিয়া তুমি চিঞৰি চিঞৰি প্ৰতিবাদ কৰিছা আৰু কৈছা তোমাৰ কাৰণে এই দূৰ্ভাগ্যজনক ঘটনাৰ মুখামুখী হ’ব লগা হৈছে বুলি তোমাক তেওঁ গালি পাৰিছে ৷ তেওঁৰ মানসিক কষ্টৰ কথা মই অনুভৱ কৰিব পাৰোঁ আৰু অন্তৰেৰে বিচাৰোঁ ৰাজনীতিৰ পাশা খেললৈ কোনো নিৰপৰাধী নাৰীক টানি অনা নহওক ৷
তেওঁ লগতে কয়, "আজি তুমি victim perspective ৰ পৰা কথাবোৰ চাইছা, ভাবিছা আৰু কৈছা ৷ সঠিক কামেই কৰিছা ৷ গীতাশ্ৰী তামুলীয়ে আমাক আক্ৰমণ কৰাৰ সময়ত তোমাক সমালোচনা কৰিছিলনে নাই এইটোও এটা ডাঙৰ প্ৰশ্ন ৷ তুমি জানো নাজানা পঞ্চ সতীৰ ভিতৰত ৰাৱণৰ পত্নী মন্দোদৰীও যে আছে ? হকে বিহকে আন ৰাজনীতিকৰ পত্নীক আক্ৰমণ কৰাৰ সময়ত তোমাৰ এই victim perspective মনলৈ নাহে কিয় ?
তোমাৰ সকলো কামেই এনেধৰণৰেই selective নেকি মৰমৰ অখিল ? ৰাজনীতিত তুমি এজন সফল নায়ক হোৱা আৰু পৰিয়ালৰে সৈতে কুশলে থাকা ৷ শিক্ষক হিচাপে আশীৰ্বাদ সদায়েই আছিল আৰু থাকিব ৷ ৰীতা চৌধুৰী ৷"
লগতে পঢ়ক: প্ৰসংগ পত্নীৰ চাকৰিৰ বৈধতা : মুখ্যমন্ত্ৰীক অভিযোগ প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান অখিল গগৈৰ

