ETV Bharat / state

এয়া হৈছে কামৰ নমুনা ! মুষলধাৰ নহয়.. কিনকিনীয়া বৰষুণতেই খহিল কোটিটকীয়া মথাউৰি - EMBANKMENT COLLAPSED

কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মথাউৰিৰ ভয়ংকৰ অৱস্থা । ভৰ বাৰিষা অহাৰ আগতেই খহিছে মথাউৰি । শংকিত নৈপৰীয়া ৰাইজ ।

Embankment built at a cost of crores has collapsed in rainfall in Jonai
কিনকিনীয়া বৰষুণতে খহিল কোটিটকীয়া মথাউৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 12:26 PM IST

Updated : May 31, 2025 at 12:49 PM IST

3 Min Read

জোনাই: বান প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে হাতত লৈছে বহু অভিলাষী আঁচনি । নিৰ্মাণ কৰা হৈছে বহু কোটিটকীয়া মথাউৰি । কিন্তু এতিয়া প্ৰশ্ন হৈছে এই মথাউৰিসমূহ কিমান উন্নতমানৰ ? বাৰিষাৰ আগমণৰ লগে লগে পোহৰলৈ আহিছে কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা মথাউৰিৰ মানদণ্ড ।

জোনাইৰ বেৰা চাপৰিৰ মথাউৰিয়ে উদঙাইছে জলসম্পদ বিভাগৰ কৰ্ম-সংস্কৃতিক । বহু আবেদন-নিবেদন তথা ৰাইজৰ দাবীৰ অন্তত জোনাইৰ বেৰা চাপৰিবাসীয়ে লাভ কৰিছিল চিয়াং-লালী নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে এটা মথাউৰি ৷ প্ৰায় ৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল এই মথাউৰিটো । কিন্তু এজাক বৰষুণতে চপৰা-চপৰে খহিবলৈ আৰম্ভ কৰে মথাউৰিটোৰ কিছু অংশ ।

কিনকিনীয়া বৰষুণতে খহিল কোটিটকীয়া মথাউৰি (ETV Bharat Assam)

জানিব পৰা মতে জোনাইত লালী-চিয়াং নদীৰ বান গৰাখহনীয়া প্ৰতিৰোধৰ লগতে জোনাইৰ পৰা মাজুলীলৈ সংযোগ কৰাৰ লক্ষ্যৰে শান্তিপুৰৰ পৰা নিৰ্মাণ কৰা ৭ কোটি টকীয়া মথাউৰিটোৰ বিভিন্ন অংশত সামান্য এজাক বৰষুণতে খহি পৰিছে চপৰা-চপৰে ৷ ৭ কোটি টকাৰ ব্যয়েৰে জোনাইৰ শান্তিপুৰ তিনিআলিৰ পৰা কেৰকেৰলৈকে প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘৰে নিৰ্মাণ কৰা এই মথাউৰিটো প্ৰায় দুবছৰৰ ভিতৰতে সামান্য এজাক বৰষুণতে বিভিন্ন অংশত জহি-খহি যোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

মথাউৰিতো সম্পূৰ্ণ বালিৰে নিৰ্মাণ কৰাৰ বাবে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ দিনৰে পৰাই বৰষুণ দিলেই মথাউৰিৰ বিভিন্ন অংশ জহি খহি যোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ এনেদৰে মথাউৰিৰ বিভিন্ন অংশত খহনীয়া অব্যাহত থাকিলে চিয়াং নদীৰ বাঢ়নী পানীয়ে যিকোনো মুহূৰ্তত মথাউৰিটো ভাঙি অঞ্চলটোৰ কুৰিখনতকৈও অধিক গাঁও বানত ডুব যোৱাৰ আশংকা ঘণীভূত হৈছে ৷ ইমানৰ পিছতো জলসম্পদ বিভাগে মথাউৰিটোৰ খহি যোৱা অংশসমূহত সঠিকভাৱে মেৰামতি নকৰি নামমাত্ৰ কেইটামান বালিৰ বস্তা দি দায়িত্ব সামৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷

সেয়ে কোটি টকীয়া মথাউৰি নিৰ্মাণৰ নামত সংঘটিত হোৱা এনে ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ লগত জড়িত থকা জোনাই জলসম্পদ বিভাগৰ চোৱাচিতাৰ দায়িত্বত থকা অভিযন্তা জৱাহৰলাল ৰয়ৰ লগতে ঠিকাদাৰ ৰামসাগৰ চাহুৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই স্থানীয় ৰাইজে ৷

এই সন্দৰ্ভত এজন স্থানীয় যুৱকে কয়,"ইচ্ছা কৰিলে ভালকৈ মেৰামতি কৰিব পাৰে, কিন্তু নকৰে । তেওঁলোকে ভালকৈ মাটি নেপেলায়, এক ট্ৰেক্টৰ বা দুই ট্ৰেক্টৰ মাটি পেলাই থৈ যায় । ৰাস্তাটোত বহুত গাঁত হৈছে, মাটিয়েই নেপেলাই । বেছি বালি মাটি পেলোৱাৰ বাবে পানীৰ লগত বৈ যায় । আচল বাৰিষা অহাই নাই, এতিয়াই এয়া, কিনকিনিয়া বৰষুণতে খহি গৈছে ।"

লগতে পঢ়ক: গভাইত চোৰৰ চকু পৰিল দণ্ডাধীশৰ ঘৰৰ সোণত - THEFT IN NAHARKATIA

লক্ষ্য ২০২৬ ৰ নিৰ্বাচন: নতুন দিল্লীত টীম গৌৰৱৰ সৈতে ৰাহুল-খাৰ্গেৰ জৰুৰী সভা - AICC MEETING IN NEW DELHI

Last Updated : May 31, 2025 at 12:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.