ETV Bharat / state

এয়া অসমৰ হাতী নহয় : FAKE NEWS বুলি কৈ স্পষ্টীকৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ

এম্বুলেন্সৰ পৰা হাতীয়ে শুৰ উলিয়াই যোৱা ভিডিঅ’ আৰু ফটো দেখি আবেগিক হৈ পৰিছিল অসমবাসী ৷

Elephant to Ambani's Zoo from Assam! CMO Assam denied
হাতী সৰবৰাহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2025 at 2:00 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ‘‘শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী সৰবৰাহ কৰা নাই ৷’’ আম্বানীৰ গুজৰাটৰ জামনগৰৰ বনতাৰা চিৰিয়াখানালৈ অসমৰ মাজেৰে ২৩ খনকৈ এনিমেল এম্বুলেন্সত হাতী কঢ়িয়াই নিয়া বুলি ৰাজ্য তোলপাৰ লগোৱা বাতৰি প্ৰসংগত স্পষ্টীকৰণ দিছে ৰাজ্য চৰকাৰে । সামাজিক মাধ্যম X-যোগে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিছে এই স্পষ্টীকৰণ ৷

স্পষ্টীকৰণটোত কোৱা হৈছে, “এইটো স্পষ্ট কৰি দিয়া হৈছে যে অসমৰ পৰা শেহতীয়াকৈ কোনোধৰণৰ হাতী সৰবৰাহ কৰা হোৱা নাই ৷ অসমক এনে কাৰ্যত জড়িত কৰি যিবোৰ বাতৰি আৰু সামাজিক মাধ্যমত পোষ্ট প্ৰকাশ কৰা হৈছে, সেইবোৰ সম্পূৰ্ণভাৱে অনাকাংক্ষিত আৰু ভুৱা ৷”

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই স্পষ্টীকৰণৰ লগত সংলগ্ন কৰি দিছে কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ বাতৰিৰ লগতে সামাজিক মাধ্যমত প্ৰকাশিত হোৱা ফটোৰ স্ক্ৰীনশ্ব'ট । আনকি ৰঙা আখৰেৰে এই খবৰবোৰ ‘‘FAKE NEWS’’ বুলিও লেখি দিয়া হৈছে ৷

হাতী সৰবৰাহ (ETV Bharat Assam)

উল্লেখ্য যে অসমৰ মাজেৰে গুজৰাটত পঞ্জীয়নভুক্ত ২৩ খন এনিমেল এম্বুলেন্সত দেওবাৰে বিশালসংখ্যক হাতী লৈ যোৱাৰ দৃশ্যই তোলপাৰ লগাইছিল অসম ৷ সোমবাৰেও অসমত অব্যাহত আছে ইয়াৰ প্ৰতিক্ৰিয়া । অসমৰ হাতী দেশৰ সবাতোকৈ বিত্তশালী আম্বানী পৰিয়ালৰ গুজৰাটৰ জামনগৰৰ চিৰিয়াখানালৈ সৰবৰাহ কৰাৰ অভিযোগেৰে অসম চৰকাৰক কৰা সমালোচনাৰে সামাজিক মাধ্যম উপচি পৰিছে ৷

এফালে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা ৷ আনফালে দক্ষিণ কোৰিয়াত বিনিয়োগকাৰীৰ সন্ধানত ব্যস্ত মুখ্যমন্ত্ৰীগৰাকী ৷ যাৰ বাবে এই বাতৰি আৰু সামাজিক মাধ্যমৰ পোষ্টক লৈ স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ।

দেওবাৰে অসম আৰক্ষীৰ এটা দলে কনভয়ৰে হাতী কঢ়িওৱা গাড়ীক জিলাই জিলাই সুৰক্ষা দি উক্ত স্থান পাৰ কৰোৱাত ব্যস্ত হৈ আছিল । আনহাতে, অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক গেটৰ পৰা এই হাতীসমূহ কনভয়ৰ মাজেৰে গুৱাহাটী হৈ লৈ যোৱাৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ ।

Elephant to Ambani's Zoo from Assam! CMO Assam denied
এনিমেল এম্বুলেন্সত হাতী সৰবৰাহ (ETV Bharat Assam)

গুৱাহাটীৰ মাজেৰে দেওবাৰে ২৩ খনকৈ এনিমেল এম্বুলেন্সত হাতী লৈ যোৱা দৃশ্যই সকলোকে আচৰিত কৰি তুলিছিল । হাতী কঢ়িয়াই নিয়া বাহনৰ পৰা হাতীয়ে শুৰ উলিয়াই যোৱা ভিডিঅ’ আৰু ফটো দেখি আবেগিক হৈ পৰিছিল অসমবাসী ৷

আনকি কোন ঠাইৰ পৰা ক'লৈ কি কাৰণত এনেদৰে হাতী গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্সত নিয়া হ'ল তাৰ কোনো নিশ্চিত তথ্য প্ৰকাশ হোৱা নাছিল । ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল হাতী সৰবৰাহ প্ৰক্ৰিয়াটো ৷ যাক লৈ অসমৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত দেওবাৰৰ পৰা হৈ-চৈ লাগে । আনকি গুজৰাটৰ পঞ্জীয়নভুক্ত গাড়ীৰ নম্বৰৰ পৰাহে হাতীসমূহ জামনগৰৰ আম্বানীৰ চিৰিয়াখানালৈ লৈ যোৱা বুলি ধাৰণা কৰা হৈছিল ৷ এই সমস্ত ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ড৹ হীৰেন গোঁহাইৰ পৰা আৰম্ভ কৰি অখিল গগৈ, একাংশ ৰাজনৈতিক নেতা, দল-সংগঠনৰ উত্থাপিত অভিযোগ অনুসৰি আম্বানীৰ চিৰিয়াখানালৈ অসমৰ মাজেৰে সৰবৰাহ কৰা হৈছে হাতীসমূহ । কিন্তু কোনোবাই যদি অসমৰ বুলি কৈছিল আন কোনোবাই কৈছিল এই হাতীসমূহ অনা হৈছে অৰুণাচলৰ পৰা ৷

অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিয়া স্পষ্টীকৰণৰ পিছত এই হাতীসমূহ অৰুণাচলৰ বুলিয়েই অধিক পতিয়নযোগ্য হৈছে ।

লগতে পঢ়ক : গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্সত হাতী সৰবৰাহ: ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া