ETV Bharat / state

গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকে নিদ্ৰা হৰিছে গঞাৰ: বিদ্যুৎস্পৃষ্ট হৈ গজৰাজৰ মৃত্য়ু

মৰিয়নীৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বৃহৎ বন্যহস্তীৰ উপদ্ৰৱ ।

man elephant conflict in Jorhat
ৰাজ্য়ত অব্য়াহত হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 8, 2025 at 2:44 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ৰাজ্য়ত অব্য়াহত হাতী-মানুহৰ সংঘাত । কেতিয়াবা যদি হাতীৰ আক্ৰমণত মানুহৰ মৃত্য়ু হৈছে,আন কোনো সময়ত আকৌ মানুহে পতা ফান্দত প্ৰাণ হেৰুৱাইছে গজৰাজে । শেহতীয়াকৈ বিদ্যুৎ সংযোগী তাঁৰত লাগি মৃত্য়ুমুখত পৰিছে আৰু এটা বনৰীয়া হাতী ।

এই ঘটনাটো সংঘটিত হৈছে যোৰহাট জিলাৰ তিতাবৰত । জিলাখনৰ তিতাবৰৰ চামগুৰি বাগানৰ এটা পৰিত্যক্ত বঙলাৰ উন্মুক্ত চামাৰ চেবুল মটৰ সংযোগী বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণভাৱে মৃত্যুক আকোঁৱালি ল'লে এটি বন্যহস্তীয়ে । মৰিয়নীৰ হোলোঙাপাৰস্থিত গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বৃহৎ বন্যহস্তীৰ জাকটোৱে দীৰ্ঘদিন ধৰি তিতাবৰৰ বিভিন্ন প্ৰান্তত ঘূৰি থকাত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।

তিতাবৰত অব্য়াহত হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, এনে পৰিৱেশ সৃষ্টিৰ পিছতো এই হাতীৰ জাকটোক খেদি পঠোৱাৰ ক্ষেত্ৰত বন বিভাগে বিভিন্ন অজুহাত দেখুৱাই অহাৰ অভিযোগ আছিল বন বিভাগ বিৰুদ্ধে । যাৰ ফলত তিতাবৰ বন বিভাগ আৰু বাগান কৰ্তৃপক্ষৰ ভুলৰ বাবেই আজি বন্যহস্তীৰ জাকৰ এটা হাতীয়ে কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল ।

এই সন্দৰ্ভত অসম চাহ মজদুৰ সংঘৰ এজন বিষয়ববীয়াই কয়, "জীৱকুলৰ কেতিয়াও অনিষ্ট হ'বই নালাগে । জীৱ-জন্তুক ৰক্ষণাবেক্ষণ দিয়াটো মানুহৰ দায়িত্ব আৰু কৰ্তব্য় । ইয়াৰ মাজতো যিকেইটা ঘটনা ঘটিছে তাৰ বাবে প্ৰশাসনক আহ্বান জনাইছো যে এই বিষয়ে মুখ্য়মন্ত্ৰী আৰু বনমন্ত্ৰীৰ দৃষ্টিগোচৰ হ'ব লাগে । জীৱকুলৰ মৃত্যুৱে সঁচাকৈয়ে সকলোকে শোকাকুল কৰি তুলিছে । তিতাবৰৰ বিভিন্ন অঞ্চলত আজি কেইবাদিনো ধৰি বৃহৎ বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই মানুহৰ জীৱন পৰ্যন্ত কাঢ়ি নিছে । তাৰ পিছতো বন বিভাগে ব্যৱস্থা ল'ব পৰা নাই । আজি এটা বন্যহস্তী মৰিছে,কাইলৈ যে আৰু নহ'ব সেয়া নুই কৰিব নোৱাৰি । এয়া আৰম্ভণি । সেয়েহে এই বৃহৎ হাতীৰ জাকটোক নিৰাপদে গিবন অভয়াৰণ্যলৈ খেদি পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে ।"

লগতে পঢ়ক:বন্যহস্তীৰ জাকৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে কেইবাখনো গাঁৱৰ ৰাইজে - WILD ELEPHANT MENACE

নিজৰ পিঠিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস কঢ়িয়াই ফুৰা এক জীৱন্ত দলিল; যাৰ নাম মোহনমালা