গুৱাহাটী : বিদ্যুৎ মাচুল বৃদ্ধিৰে উপভোক্তাৰ ওপৰত বোজা জাপি দিয়া ৰাজ্যৰ শক্তি বিভাগে কিন্তু চৰকাৰী বিভাগসমূহৰ পৰা মাচুল আদায় কৰাত চূড়ান্তভাৱে ব্যৰ্থ চূড়ান্তভাৱে ব্যৰ্থ হৈছে । ৰাজ্য চৰকাৰৰ অধীনস্থ চৰকাৰী বিভাগসমূহে বিদ্যুৎ মাচুলৰ বাবত এ পি ডি চি এলক দিবলৈ আছে ৩৮.৭৩ কোটি টকা ।
একেদৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু দুখন স্বায়ত্তশাসিত পৰিষদেও দিবলৈ থকা বিদ্যুৎ মাচুলৰ পৰিমাণ হৈছে ১০.৬৮ কোটি টকা । লক্ষণীয় বিষয় যে স্মাৰ্ট মিটাৰৰ যোগেদি বেলেন্স শেষ হোৱাৰ লগে লগে নিমিষতে সাধাৰণ উপভোক্তাৰ বিদ্যুৎ কৰ্তন কৰা হয় । কিন্তু চৰকাৰী বিভাগসমূহৰ অনাদায় হৈ থকা বৃহৎ পৰিমাণৰ বিদ্যুৎ মাচুল সংশ্লিষ্ট কৰ্তৃপক্ষই আদায় কৰিবলৈ সক্ষম নহয় ।
ইফালে স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগৰ পৰা শক্তি বিভাগ এতিয়াও মুক্ত হোৱা নাই । এক কথাত চৰকাৰী বিভাগৰ পৰা বিদ্যুৎ মাচুল আদায় কৰিব নোৱাৰি সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ শোধাইছে শক্তি বিভাগে ।

প্ৰতি বছৰে বিভিন্ন উপায়েৰে তথা অজুহাতত বিদ্যুৎ মাচুল বৃদ্ধি কৰা হয় আৰু যাৰ বোজা বহন কৰে সাধাৰণ জনতাই । কিন্তু ইয়াৰ বিপৰীতে চৰকাৰী বিভাগসমূহৰ অনাদায় বিদ্যুতৰ মাচুলৰ পৰিমাণ প্রতিদিনেই বৃদ্ধি পাইছে ।
এখনৰ পাছত আনখনকৈ জাননী দিও বিদ্যুৎ বিভাগে উক্ত ধন আদায় কৰিব পৰা নাই । কিন্তু সাধাৰণ উপভোক্তাৰ ক্ষেত্রত নিমিষতে বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হয় ।
- চৰকাৰী বিভাগসমূহৰ অনাদায় হৈ আছে বুজন পৰিমাণৰ বিদ্যুৎ মাচুল :
যিসময়ত সাধাৰণ জনতাই বিদ্যুৎ মাচুল আদায় দিয়া এদিন পলম হ'লেই এ পি ডি চি এলে বিদুৎ সংযোগ কর্তন কৰে সেই সময়তে চৰকাৰী বিভাগ আৰু টেৰিটৰিয়েল কাউন্সিল তথা স্বায়ত্তশাসিত পৰিষদ দুখনে কোটি কোটি টকাৰ বিদ্যুৎ বিল আদায় নিদিয়াকৈ আছে । এই কথা আমি কোৱা নাই । এই কথা সদৰী কৰিছে এ পি ডি চি এল কৰ্তৃপক্ষই ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰখনে সাধাৰণ গ্ৰাহকসকলে যাতে এটকাও বিদ্যুৎ মাচুল নিদিয়াকৈ থাকিব নোৱাৰে তাৰ বাবে স্মার্ট মিটাৰ সংস্থাপনৰ যোগেদি কঠোৰ স্থিতি গ্ৰহণ কৰিছে । কিন্তু চৰকাৰী বিভাগসমূহে দিবলৈ থকা কোটি কোটি টকাৰ বিদ্যুৎ মাচুল আদায়ৰ ক্ষেত্ৰত কিন্তু এ পি ডি চি এলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ ফলত কেইবাটাও বিভাগে বছৰ বছৰ ধৰি বিদ্যুৎ মাচুল নিদিয়াকৈয়ে আছে ।
গুৱাহাটীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনৰ এগৰাকী কাৰ্যবাহী সঞ্চালক পৰ্যায়ৰ বিষয়াই দিয়া তথ্য অনুসৰি, পাবলৈ থকা টকাৰ পৰিমাণ এনেধৰণৰ-


- এ পি ডি চি এলে ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ পৰা সৰ্বাধিক ২৪.৮৭ কোটি টকা 2. জলজীৱন মিছনৰ পৰা ৪.৫৫ কোটি টকা 3. কৃষি বিভাগৰ পৰা ০.৭৬ কোটি টকা 4. পশু পালন বিভাগৰ পৰা ০.৭৪ কোটি টকা . ই এণ্ড ডি আৰু এফ চি বিভাগৰ পৰা ০.৬৬ কোটি টকা 6. শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা ০.৬৩ কোটি টকা 7. জি এ ডি (বি) ডি চি এছ ডি অ' বিভাগৰ পৰা ০.৬০ কোটি টকা 8.লোক নিৰ্মাণ (পথ) বিভাগৰ পৰা ০.৫৯ কোটি টকা 9. ন্যায় বিভাগৰ পৰা ০.৫৭ কোটি টকা আৰু 10. অন্যান্য বিভাগৰ পৰা ৪.৭৫ কোটি টকা ৷
আনহাতে বিদ্যুৎ মাচুল অনাদায়ৰ ক্ষেত্ৰত বিটিচিয়ে অভিলেখ সৃষ্টি কৰিছে । দীর্ঘদিন ধৰি বিদ্যুৎ মাচুল পৰিশোধ নকৰা বিটিচিয়ে ৮.১৩ কোটি টকা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ২.০৭ কোটি টকা আৰু উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদে ০.৪৮ কোটি টকা এ পি ডি চি এলক আদায় দিবলৈ বাকী আছে ।
ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য, শিক্ষা, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগকে ধৰি বহু কেইটা বিভাগে বৃহৎ পৰিমাণৰ ধন এ পি ডি চি এলক আদায় দিবলৈ আছে ।

- অংগনৱাড়ী কেন্দ্ৰসমূহৰ অনাদায় হৈ আছে বৃহৎ পৰিমাণৰ বিদ্যুৎ মাচুল :
ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ পৰা এ পি ডি চি এল-এ পাবলৈ আছে প্ৰায় ২৫ কোটি টকা । অংগনৱাড়ী কেন্দ্ৰসমূহৰ ক্ষেত্ৰত সৰ্বাধিক ধন দিব লগীয়া জিলাখন হৈছে ধুবুৰী জিলা । ধুবুৰীত পাব লগীয়া ধনৰ পৰিমাণ হৈছে ১.৯৫ কোটি টকা ।
আনহাতে এই তালিকাৰ দ্বিতীয় স্থানত আছে বৰপেটা জিলা । জিলাখনৰ পৰা এ পি ডি চি এল-এ পাবলৈ আছে ১.৭৮ কোটি টকা । তৃতীয় স্থানত থকা কামৰূপ জিলাৰ পৰা পাবলৈ আছে ১.৭১ কোটি টকা ।
আনহাতে বাক্সা জিলাৰ অংগনৱাড়ী কেন্দ্ৰৰ পৰা ৮৩.২৮ লাখ টকা, বিশ্বনাথ জিলাৰ পৰা ৫.২৯ লাখ টকা, বঙাইগাঁও জিলাৰ পৰা ১.৪৩ লাখ টকা, কাছাৰ জিলাৰ পৰা ৮৭.৪২ লাখ টকা, চৰাইদেউ জিলাৰ পৰা ৭.৫৮ লাখ টকা, চিৰাং জিলাৰ পৰা ৩৪.৪০ লাখ টকা, দৰং জিলাৰ পৰা ১.৬৩ কোটি টকা, ধেমাজি জিলাৰ পৰা ৫৬.৬৭ লাখ টকা, ডিব্ৰুগড় জিলাৰ পৰা ৭৩.০৯ লাখ টকা, ডিমা হাছাও জিলাৰ পৰা ২.৩০ লাখ টকা, গোৱালপাৰা জিলাৰ পৰা ১.৫৮ কোটি টকা, গোলাঘাট জিলাৰ পৰা ১.২৮ কোটি টকা, হাইলাকান্দি জিলাৰ পৰা ২৫.৩৪ লাখ টকা, হোজাই জিলাৰ পৰা ৬৮.৫০ লাখ টকা, যোৰহাট জিলাৰ পৰা ৩৬.৬৭ লাখ টকা, কামৰূপ মহানগৰ জিলাৰ পৰা ২০.৮৪ লাখ টকা, কাৰ্বি আলং জিলাৰ পৰা ১২.৭৬ লাখ টকা, কৰিমগঞ্জ জিলাৰ পৰা ১.৩৮ কোটি টকা, কোকৰাঝাৰ জিলাৰ পৰা ৩৭.২৫ লাখ টকা, লখিমপুৰ জিলাৰ পৰা ৭৩.১৮ লাখ টকা, মৰিগাঁও জিলাৰ পৰা ১২.২৯ লাখ টকা, নগাঁও জিলাৰ পৰা ১.৬৪ কোটি টকা, নলবাৰী জিলাৰ পৰা ৬১.৭০ লাখ টকা, শিৱসাগৰ জিলাৰ পৰা ২৮.১৩ লাখ টকা, শোণিতপুৰ জিলাৰ পৰা ৬.০৮ লাখ টকা, দক্ষিণ শালমাৰা জিলাৰ পৰা ৭৩.২২ লাখ টকা, তিনিচুকীয়া জিলাৰ পৰা ১.১২ কোটি টকা, ওদালগুৰি জিলাৰ পৰা ৮৭.৮৯ লাখ টকা আৰু পশ্চিম কাৰ্বি আলং জিলাৰ অংগনৱাড়ী কেন্দ্ৰৰ পৰা ৪.৬৫ লাখ টকা বিদ্যুৎ মাচুল আনাদায় হৈ আছে ।

- অব্যাহত স্মাৰ্ট মিটাৰ সংযোগ :
ইফালে বিদ্যুৎ মাচুলৰ ক্ষেত্ৰত অধিক কঠোৰ স্থিতি গ্ৰহণ কৰি এ পি ডি চি এলে ৰাজ্যৰ ৬৯ লাখ উপভোক্তাক স্মার্ট মিটাৰ সংযোগৰ কাম ক্ষিপ্ৰ কৰি তুলিছে । বিভিন্ন দল-সংগঠনে স্মার্ট মিটাৰৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছতো শক্তি বিভাগে এতিয়ালৈকে ৰাজ্যখনত মুঠ ২৮,৬৪,৬৬২টা স্মার্ট মিটাৰ সংস্থাপন কৰিছে ।

ইয়াৰে ভিতৰত বিগত ২৪ ফেব্ৰুৱাৰীলৈকে ২৮,৩০,৮৬৩ টা ঘৰুৱা, ৬৩৫০ টা ঔদ্যোগিক আৰু ২৭,৪৪৯ টা চৰকাৰী বিভাগত স্মার্ট মিটাৰ সংযোগ কৰা হৈছে । সৰ্বাধিক স্মার্ট মিটাৰ সংস্থাপন কৰা হৈছে কামৰূপ মহানগৰ জিলাত । জিলাখনত এতিয়ালৈকে ২,৪৭,৩৯৫টা ঘৰুৱা শ্ৰেণীৰ স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে ।
একেদৰে নগাঁও জিলাত ১,৮৬,৬৩৫টা, যোৰহাট জিলাত ১,৩৯,১৮১টা, কোকৰাঝাৰ জিলাত ১৪৪৩৪০টা, নলবাৰী জিলাত ১৩৩২৫১টা, তিনিচুকীয়া জিলাত ১২১৮১৬টা, ধুবুৰী জিলাত ১,৭৬,১৩৯টা, চিৰাং জিলাত ১,০০,২৪৮টা, বৰপেটা জিলাত ১২১৩৩৩ টা স্মার্ট মিটাৰ সংস্থাপন কৰা হৈছে ।
ৰাজ্যখনৰ ভিতৰতে পশ্চিম কাৰ্বি আংলং জিলাত সৰ্বনিম্ন স্মার্ট মিটাৰ সংস্থাপনৰ কৰা হৈছে । মনকৰিবলগীয়া কথা যে স্মার্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা প্ৰতিবাদক গুৰুত্বহীন কৰি স্মাৰ্ট মিটাৰৰ সংযোগ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলা হৈছে ।

- কি কয় স্মাৰ্ট মিটাৰৰ গ্ৰাহকে :
সাধাৰণ ৰাইজৰ ক্ষেত্রত কঠোৰ এ পি ডি চি এলে কিন্তু চৰকাৰী বিভাগসমূহৰ অনাদায় হৈ থকা কোটি কোটি টকা আদায় কৰিবলৈ সক্ষম হোৱা নাই । স্মাৰ্ট মিটাৰৰ যোগেদি বেলেন্স শেষ হোৱাৰ লগে লগে বিদ্যুৎ কৰ্তন কৰা হয় ।
এই সন্দৰ্ভত গুৱাহাটীৰ ওদালবাক্ৰাৰ এগৰাকী উপভোক্তা হিৰকজ্যোতি ৰাভাই নিজৰ প্ৰতিক্ৰিয়া কয়, "আগৰ মেন্যুৱেল মিটাৰ আৰু বৰ্তমানৰ স্মাৰ্ট মিটাৰৰ বিলৰ মাজত যথেষ্ট পাৰ্থক্য আছে । অৱশ্যে বৰ্তমান বিদ্যুতৰ নিৰিখো বৃদ্ধি পাইছে । আগতে বিল দিয়াত পলম হ'লে মেন্যুৱেলি বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছিল । এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিদ্যুতৰ বিলো বৃদ্ধি পালে আৰু বেলেন্স শেষ হ'লে স্বয়ংক্ৰিয়ভাৱে বিদ্যুৎ সংযোগ কৰ্তন হৈ পৰে । অৱশ্যে মাচুল আদায় দিয়াৰ লগে লগে সংযোগ দিয়া হয় ।"

আন এগৰাকী উপভোক্তা মনোজ কুমাৰ দে'ই কয়, "আমাৰ অনুমান হয় যে একমাত্র পুঁজিপতিৰ স্বাৰ্থতে চৰকাৰখনে ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি স্মার্ট মিটাৰ স্থাপন কৰিছে । স্মাৰ্ট মিটাৰৰ দ্বাৰা কেৱল শক্তি বিভাগ উপকৃত হৈছে । সাধাৰণ উপভোক্তা উপকৃত হোৱা নাই । গ্ৰাহকৰ মনৰ কথা উপলব্ধি নকৰাকৈ চৰকাৰে এফালৰ পৰা স্মাৰ্ট মিটাৰ লগাই গৈছে । ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ হৈছে যদিও চৰকাৰৰ কোনো গুৰুত্ব নাই । স্মাৰ্ট মিটাৰৰ ফলত আমি এতিয়া পূৰ্বৰ তুলনাত অধিক মাচুল ভৰিবলগীয়া হৈছে ।"
সেইদৰে উপভোক্তা পাৰ্থ শৰ্মাই নিজৰ প্ৰতিক্ৰিয়াত কয়, "স্মাৰ্ট মিটাৰৰ ফলত বিদ্যুতৰ বিল অভাৱনীয় হাৰত বৃদ্ধি পালে। ক'বলৈ ভাষা নাই । বেলেন্স নাথাকিলে কৰ্তন কৰি দিয়ে বিদ্যুৎ সংযোগ । বিল কমাবৰ বাবে বহুত মেনেজ কৰি বিদ্যুতৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে । তথাপিও ৰিচাৰ্জৰ পৰিমাণ কমা নাই। ৰিচাৰ্জ নকৰিলে বিপদ । বেলেন্স নাথাকিলে কৰ্তন কৰা হয় বিদ্যুৎ ।"