উন্নয়নত ৰাজনীতি আহিব নালাগে: ডিব্ৰুগড় ৰে'ল ষ্টেচনত মন্তব্য কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ভি সুমন্নাৰ
২০২৫ চনৰ ভিতৰত অসমত বৈদ্যুতিক ৰে'লৰ চলাচলৰ কাম সম্পূৰ্ণ হ'ব । কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ভি সুমন্নাই কৰিলে ঘোষণা ।

Published : March 9, 2025 at 12:39 PM IST
ডিব্ৰুগড়: উত্তৰ-পূৰ্বাঞ্চলৰ এটা অতি গুৰুত্বপূৰ্ণ ৰে'ল ষ্টেচন হ'ল ডিব্ৰুগড় ৰে'ল ষ্টেচন । কেন্দ্ৰীয় ৰে'ল মন্ত্ৰালয়ে ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা বৈদ্যুতিক ৰে'ল চলাচলৰ পৰীক্ষামূলক কাম আৰম্ভ কৰিছে । ডিব্ৰুগড়কে ধৰি অসমৰ সকলো ৰে'ল ষ্টেচন আটধুনীয়াকৈ নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে কেন্দ্ৰীয ৰে'ল মন্ত্ৰালয়ে মাষ্টাৰ প্লেন প্ৰস্তুত কৰি ধন মোকলাই দিছে ।
ৰে'ল ষ্টেচন অত্যাধুনিক কৰাৰ লগতে ৰে'ল যাত্ৰা যাতে আৰামদায়ক হয় তাৰ বাবে বিভিন্ন পৰিকল্পনা কৰিছে ৰে'ল বিভাগে । ৰে'ল বিভাগে ৰেল ষ্টেচনৰ উন্নয়নৰ কাম কৰি থকা সময়ত শনিবাৰে ডিব্ৰুগড় ৰে'ল ষ্টেচনত উপস্থিত কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ভি সুমন্না । শনিবাৰে নিশা ডিব্ৰুগড় ৰে'ল ষ্টেচনত উপস্থিত হৈ কাম-কাজ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
ৰে'ল বিভাগৰ কৰ্মচাৰী সকলৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড় ৰে'ল বিভাগৰ কাম-কাজ কেনে ধৰণেৰে চলিছে তাক লৈ বিষয়া সকলৰ পৰা বুজ লয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়,"অসমত ক্ষীপ্ৰতাৰে আগবাঢ়িছে বৈদ্যুতিক ৰে'লৰ ট্ৰেক নিৰ্মাণৰ কাম । অতি কম সময়ৰ ভিতৰতে বৈদ্যুতিক ৰে'লৰ চলাচল আৰম্ভ হ'ব । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়ন ত্বৰান্বিত হৈছে ।" লগতে উন্নয়নৰ নামত ৰাজনীতি নকৰিবলৈকো আহ্বান কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰীজনৰ ।
২০২৫ চনৰ ভিতৰত অসমত বৈদ্যুতিক ৰে'লৰ চলাচলৰ কাম সম্পূৰ্ণ হ'ব:
ডিব্ৰুগড় ৰে'ল ষ্টেচনত উপস্থিত হৈ কাম-কাজৰ বুজ লৈ কেন্দ্ৰীয় ৰাজ্যিক ৰে'ল মন্ত্ৰী ভি সুমন্নাই কয়, "২০২৫ আৰু ২৬ বৰ্ষৰ বাবে ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চল ৰে'লৱেৰ বাবে ১০ হাজাৰ ৪৪০ কোটি টকা আৱন্টন দিয়া হৈছে । ২০২৫ চনৰ ভিতৰত অসমত বৈদ্যুতিক ৰে'ল চলাচলৰ কাম সম্পূৰ্ণ হ'ব । ইতিমধ্যে ডিব্ৰুগড় ৰে'ল ষ্টেচন অত্যাধুনিকৰ বাবে ২৬ কোটি ২৭ লাখ টকা মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ কাম চলি আছে । গুৱাহাটী, কামাখ্যা আৰু শিলচৰ ৰে'ল ষ্টেচনক অত্যাধুনিক কৰাৰ বাবে মাষ্টাৰ প্লেন সম্পূৰ্ণ হৈছে ।"
তেওঁ লগতে কয়, "ফৰকাটিঙৰ পৰা লামডিঙলৈকে ডাবল ৰে'ল লাইনৰ কাম সম্পূৰ্ণ হৈছে । নিউ শৰাইঘাটৰ পথ আৰু ৰে'ল দলং নিৰ্মাণৰ বাবে নিবিদা মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব ।" লগতে ৰাজ্যৰ প্ৰায়সমূহ ৰে'ল ষ্টেচনক লৈ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰালয়ৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰী গৰাকীয়ে ।
মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰে'ল বিভাগক গুৰুত্ব প্ৰদান কৰি উন্নয়নৰ কাম চলি আছে । ৰে'ল বিভাগত যিমান উন্নয়নৰ চলি আছে তাক সম্পূৰ্ণ কৰাৰ বাবে সকলোৱে একত্ৰিতভাৱে কাম কৰি থকা হৈছে । উন্নয়নত যাতে ৰাজনীতি নহয় তাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিদেৰ্শনা প্ৰদান কৰিছে ।"

