অসমত নিৰ্বাচন আয়োগৰ দল, বিহুৰ আগেয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা
Election Commission of India: দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত উপ-মুখ্য নির্বাচন আয়ুক্ত হৃদেশ কুমাৰৰ নেতৃত্বত আয়োগৰ বিষয়াৰ এটা দল । প্ৰথম দিনা অসমৰ মুখ্য নির্বাচন বিষয়া অনুৰাগ গোৱেল আৰু অসম আৰক্ষীৰ ন'ডেল বিষয়া পি কে ভূঞাৰ সৈতে আলোচনাত মিলিত হয় দলটো । বিহুৰ আগেয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা ।


Published : March 6, 2024 at 6:05 PM IST
গুৱাহাটী,৬ মার্চ: সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সাজু হৈছে ৰাজনৈতিক দলসমূহ । নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ভাৰতীয় নিৰ্বাচন আয়োগ । উপ-মুখ্য নির্বাচন আয়ুক্ত হৃদেশ কুমাৰৰ নেতৃত্বত আয়োগৰ বিষয়াৰ এটা দলে মঙলবাৰে গুৱাহাটীত উপস্থিত হৈ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'বলৈ আৰম্ভ কৰে । দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈ মঙলবাৰে প্ৰথম দিনা তেওঁলোকে আৰম্ভণিতে অসমৰ মুখ্য নির্বাচন বিষয়া অনুৰাগ গোৱেল আৰু অসম আৰক্ষীৰ ন'ডেল বিষয়া পি কে ভূঞাৰ সৈতে আলোচনাত মিলিত হয় ।
জানিবপৰা মতে লোকসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ নির্বাচন আয়োগক অনুৰোধ কৰিছে ৰাজ্য চৰকাৰে । তাৰ পাছতে নির্বাচনী আচৰণবিধি বলৱৎ সম্পৰ্কত বিভিন্ন আইন বলৱৎকাৰী সংস্থাৰ স্থানীয় প্রতিনিধিসকলৰ সৈতে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় । বিয়লি মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত ৰাজ্যৰ সামগ্রিক পৰিস্থিতি সম্পর্কে বিতংভাৱে আলোচনা কৰা হয় ।
এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই আলোচনাৰ সময়ত অসম চৰকাৰৰ তৰফৰপৰা স্থানীয় বিষয়সমূহ উপস্থাপন কৰোঁতে বিহুৰ সময়ত ৰাজ্যখনত সৃষ্টি হোৱা উৎসৱমুখৰ পৰিৱেশৰ বিষয়ে উল্লেখ কৰি বিহুৰ আগেয়ে নির্বাচন অনুষ্ঠিত হ'লে নির্বাচন পৰিচালনাত সুবিধা হয় বুলি অৱগত কৰোৱা হৈছে ।
উল্লেখ্য যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্য চৰকাৰে আয়োগক এই দাবী জনাব বুলি উল্লেখ কৰিছিল । ইপিনে, আয়োগৰ দলটোৱে বুধবাৰে জিলা নির্বাচন বিষয়া তথা জিলা আয়ুক্তসকল আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে আলোচনাত মিলিত হৈছে । ইতিমধ্যে তেওঁলোক গুৱাহাটী ৰেডিশ্বন ব্লু হোটেলত আলোচনাত মিলিত হৈছে ।
লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল

