ধেমাজি: চৌদিশে ৰঙালী বিহুৰ ব্যাপক আনন্দ-উল্লাহ । ঢোল-পেঁপাৰ মাতত কঁপিছে উজনি-নামনি । সমানে সমানে বলিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ । যাক লৈ দুগুণ ব্যস্ত হৈ পৰিছে পুৰুষসকলৰ লগতে যুৱতী-মহিলাসকলো । একেই ব্যস্ততা দেখা পোৱা গৈছে ধেমাজিতো । ইতিমধ্যে ধেমাজিৰ ৬৫ খন গাঁও পঞ্চায়তৰ, ৫ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১২ খন জিলা পৰিষদৰ সদস্যৰ বাবে ৪ এপ্ৰিলৰ পৰা প্ৰাৰ্থীসকলে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পৃথকে পৃথকে দাখিল কৰিছে মনোনয়ন ।
বৃহস্পতিবাৰেও বহুসংখ্যক প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ । মুঠতে পঞ্চায়ত নিৰ্বাচন আৰু হেঁপাহৰ ৰঙালী বিহুক লৈ সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ । ধেমাজি চিচিবৰগাঁও বিধানসভা সমষ্টি মৰিঢল গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডতো বলিছে বিহুৰ লগতে নিৰ্বাচনৰ গৰম বতাহ । নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাই গাঁৱৰ আধৰুৱা সমস্যা সমাধান কৰা স্বপ্ন দেখিছে প্ৰাৰ্থী আৰু সমৰ্থক মহিলাসকলে ৷
ৱাৰ্ডটোৰ এগৰাকী প্ৰাৰ্থী ৰীতামণি মেচে কয়, “ৰাইজৰ সহযোগতে উঠিছোঁ । যদি ৰাইজে সহায় কৰি দিয়ে তেন্তে বাদ পৰি যোৱা কামখিনি কৰিম বুলি ভাৱিছোঁ । আমাৰ ইয়াত অৰুণোদয়, ঘৰ আৰু ৰাস্তা দুটাও হোৱা নাই । সকলো কাম কৰিম বুলি ভাবিছোঁ ।"
ইপিনে প্ৰাৰ্থীৰ সমৰ্থকসকলে কয়, "বহুতো মহিলাই অৰুণোদয় পোৱা নাই । চৰকাৰৰ কাৰ্ড নাই, লেটিন নাই । এওঁক সহায় কৰিম সকলোৱে । বিহু আৰু নিৰ্বাচন অহা বাবে ভালে লাগিছে । বিহুৰ বাবেও যা-যোগাৰ কৰিছোঁ, বিহু আখৰাও কৰিছোঁ । সেয়ে আমাৰ ডাবল বিহু হ’ব । কাৰণ নিৰ্বাচনৰ বিহুৰ লগতে আৰু আমাৰ বাপতিসাহোন বিহুটো আছেই । কেনেকৈ এৰিম ।"
উল্লেখ্য যে, ধেমাজি নিৰ্বাচনী বিভাগে প্ৰকাশ কৰা তথ্য মতে ৯ এপ্ৰিলকৈ মুঠ জিলা পৰিষদৰ সদস্য ৪ জনে, আঞ্চলিক পঞ্চায়তৰ ৪ জনে আৰু গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য ১৫৭ গৰাকীয়ে মনোনয়নপত্ৰ দাখিল কৰে ।