ETV Bharat / state

যোগ সাধনাৰে নৱ প্ৰজন্মক স্বাস্থ্য় সচেতন কৰি তোলাৰ প্ৰয়াস

ঋষি পতঞ্জলিয়ে যোগ সাধনাক নতুন ৰূপ দিয়াৰ পিচত সেই ধাৰা আজিও অব্য়াহত আছে । সেয়েহে ৰাজ্য়ত গঢ়ি উঠিছে বহুতো প্ৰশিক্ষণ কেন্দ্ৰ ।

yoga practice by Barpeta Ashtanga Yoga Center
বৰপেটাৰ অষ্টাংগ যোগ কেন্দ্ৰত প্ৰশিক্ষণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 17, 2025 at 10:43 AM IST

3 Min Read
Choose ETV Bharat

বৰপেটা : ভাৰতৰ যোগ সাধনা বিশ্বৰ ভিতৰতে এক প্ৰাচীনতম কলা । প্ৰাচীন মহাকাব্য তথা ইতিহাসত ভাৰত ঋষি-মুনিসকলে যোগ সাধনা কৰাৰ উল্লেখ আছে ।‌ ঋষি পতঞ্জলিয়ে যোগ সাধনাক দিছিল নতুন ৰূপ ।‌ যোগৰ সাধনাৰে শাৰীৰিক-মানসিকভাৱে শক্তিশালী সমাজ এখন গঢ়াৰ লক্ষ্যৰে তেওঁ যোগক জনপ্ৰিয় কৰাত গুৰুত্ব দিছিল । তাৰ প্ৰভাব আজিও আছে । বৰঞ্চ অধিক শক্তিশালী ৰূপতহে আছে ।‌

নৱ প্ৰজন্মৰ মাজত যোগ সাধনাক জনপ্ৰিয় কৰি এখন সুস্থ আৰু নিৰোগী সমাজ গঠনৰ নিৰলস প্ৰচেষ্টাত ব্ৰতী হৈ আহিছে বৰপেটাৰ অষ্টাংগ যোগ কেন্দ্ৰ ।‌ এই কেন্দ্ৰটোৱে বিগত কেইবাবছৰৰ পৰা সম্পূৰ্ণ স্বেচ্চামূলকভাৱে শিশু আৰু কিশোৰ-কিশোৰীক যোগ প্ৰশিক্ষণ দি আহিছে । প্ৰথমতে মাত্ৰ তিনিটি শিশুক লৈ এই প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিল । লাহে লাহে বৰপেটা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ বহু অভিভাৱকৰ মাজত কেন্দ্ৰটোৱে যোগৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হয় ।

অষ্টাংগ যোগ কেন্দ্ৰত প্ৰশিক্ষণৰত প্ৰশিক্ষাৰ্থী (ETV Bharat Assam)

যোগ সাধনা কৰা শিশু আৰু কিশোৰ-কিশোৰীৰ শাৰীৰিক-মানসিক যোগাত্মক বহু পৰিৱৰ্তন হোৱা বুলি অভিভাৱকসকলে উপলব্ধি কৰে । তাৰ ফলত প্ৰশিক্ষাৰ্থীৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি হয় । সম্প্ৰতি ৭৩ টি শিশু আৰু কিশোৰ-কিশোৰীক কেন্দ্ৰটোৱে যোগৰ প্ৰশিক্ষণ দি আছে ।‌ নিতৌ পুৱা ৫-৩০ বজাৰ পৰা প্ৰশিক্ষণ তথা যোগাভ্যাসৰ কাৰ্যসূচী আৰম্ভ হয় ।‌ প্ৰতিকূল বতৰটো তেওঁলোকৰ এই প্ৰশিক্ষণ বন্ধ নহয় ।‌

yoga practice by Barpeta Ashtanga Yoga Center
বৰপেটাৰ অষ্টাংগ যোগ কেন্দ্ৰত প্ৰশিক্ষণ (ETV Bharat Assam)

তেওঁলোকৰ স্বেচ্ছামূলক এই প্ৰচেষ্টাত সহযোগ কৰি বৰপেটাৰ ক্লাৱ ৰাইনো নামৰ অনুষ্ঠানটোৱে বিগত তিনি বছৰৰ পৰা প্ৰশিক্ষণ প্ৰদানৰ বাবে নিজৰ এটা সভাগৃহ বিনামূলীয়াকৈ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ।‌ সেই স্থানতে এতিয়া পুৱা এজাক শিশু,কিশোৰ-কিশোৰীক লৈ যোগৰ মাধ্যমেৰে এখন নিৰোগী আৰু সুস্থ সমাজ গঠনৰ কামত ব্ৰতী হৈছে কেন্দ্ৰটোৰ সভাপতি তথা প্ৰশিক্ষক কামদেৱ দাস আৰু মুখ্য প্ৰশিক্ষক জীৱেশ্বৰ বৈশ্য ।‌ জীৱেশ্বৰ বৈশ্যৰ পত্নী দীপামণি তালুকদাৰেও প্ৰশিক্ষণ প্ৰদান কৰে ।‌

yoga practice by Barpeta Ashtanga Yoga Center
অষ্টাংগ যোগ কেন্দ্ৰত প্ৰশিক্ষণৰত প্ৰশিক্ষাৰ্থী (ETV Bharat Assam)

মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকা জীৱেশ্বৰ বৈশ্যই এবছৰীয়া এক বিশেষ প্ৰশিক্ষণো গ্ৰহণ কৰিছে ।‌ অষ্টাংগ যোগ কেন্দ্ৰৰ সভাপতি তথা প্ৰশিক্ষক কামদেৱ দাসে কয়, "যোগৰ জৰিয়তে এখন সমাজক চাৰিওদিশেৰে সুস্থ কৰি তুলিব পাৰি ।‌ তেনেক্ষেত্ৰত যদিহে কণ কণ শিশুসকলৰ মাজত যোগক জনপ্ৰিয় কৰিব পৰা যায়, তেন্তে তাৰ প্ৰভাৱ সমাজৰ ভৱিষ্যতৰ ওপৰত সৰ্বাধিক পৰে । সেই লক্ষ্য আৰু উদ্দেশ্যৰে তেওঁলোকে প্ৰধানকৈ শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত যোগক জনপ্ৰিয় কৰি তোলাৰ বাবে কাম কৰি আহিছে । ইয়াৰ বাবে তেওঁলোকে কোনো মূল্যও নিবিচাৰে । সেইকাৰণে সম্পূৰ্ণ স্বেচ্চামূলকভাৱে বিগত কেইবাবছৰৰ পৰা জড়িত হৈ আহিছে ।‌ ভাৰতবৰ্ষই বিশ্বত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাটোৱে আমাৰ দেশৰ সফলতাকে প্ৰতিপন্ন কৰিছে ।"

yoga practice by Barpeta Ashtanga Yoga Center
অষ্টাংগ যোগ কেন্দ্ৰত প্ৰশিক্ষণৰত প্ৰশিক্ষাৰ্থী (ETV Bharat Assam)

লগতে পঢ়ক:যোগৰ প্ৰভাৱ আৰু কেৰিয়াৰ হিচাপে যোগ শিক্ষা: যোগে সলনি কৰিব দিব পাৰে মানুহৰ জীৱন - YOGA EDUCATION IN GUWAHATI

যোগৰ দ্বাৰা কেনেদৰে মেদবহুলতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ? - YOGA FOR WEIGHT LOSS