বৃন্দাবনী বস্ত্ৰৰ বতৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্য়বাদ ৰণজিৎ কুমাৰ দাসৰ
২০২৭ চনত ১৮ মাহৰ বাবে অসমলৈ অনা হ'ব বৃটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্র ।

Published : August 31, 2025 at 7:18 PM IST
বৰপেটা : ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ নিৰ্দেশত বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰভাগ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃন্দাবনী বস্ত্ৰভাগক লৈ কৰা মন্তব্যৰ পিচতে সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰিছে মন্ত্রী ৰণজিৎ কুমাৰ দাসে ।
দেওবাৰে বৰপেটাৰ হাউলীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ২০২৭ চনত বস্ত্ৰভাগি অসমলৈ আনিব পৰা যাব বুলি আশা প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে সদৰী মতে, এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লণ্ডনলৈ গৈ ব্ৰিটিছ মিউজিয়ামৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব । তাৰ পৰৱৰ্তী সময়ত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই প্ৰস্তুত কৰি দিয়া আৰ্হিৰ আধাৰত গুৱাহাটীত এটা অত্যাধুনিক মিউজিয়াম নিৰ্মাণ কৰা হ'ব ।
ইতিমধ্যে গুৱাহাটীৰ খানাপাৰাত বস্ত্ৰভাগ ৰখাৰ বাবে মিউজিয়াম নিৰ্মাণৰ বাবে ভূমি নিৰ্বাচন কৰা হৈছে । আৰু এবছৰৰ ভিতৰত মিউজিয়ামটো নিৰ্মাণ হৈ উঠিলেই ২০২৭ চনৰ ভিতৰত গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিব পৰা যাব । অসমত এই বস্ত্ৰভাগ ১৮ মাহ ৰখা হ'ব আৰু অসমবাসীয়ে এই সময়চোৱাৰ ভিতৰত বস্ত্ৰভাগ দৰ্শন কৰিব পাৰিব ।
উল্লেখ্য যে বিধানসভাৰ অধ্যক্ষ হৈ থকাৰ সময়ত ৰণজিৎ কুমাৰ দাসে ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনাৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল । অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ জৰিয়তে বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনাৰ প্ৰক্ৰিয়াই ইতিমধ্যে ইতিবাচক দিশলৈ আগবঢ়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনা হ'ব বুলি ঘোষণা কৰাৰ পিচতে মন্ত্রী ৰণজিৎ কুমাৰ দাসে ইয়াকে লৈ সন্তুষ্টি প্ৰকাশ কৰে ।
কোচ ৰজা নৰনাৰায়ণৰ আগ্ৰহ অনুসৰি গুৰুজনাই মথুৰাদাস বুঢ়া আতাৰ লগতে ১২গৰাকী মৰলে কিদৰে বৃন্দাবনী বস্ত্ৰভাগ প্ৰস্তুত কৰছিল সেই সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । অসম চৰকাৰৰ এই পদক্ষেপ বাস্তৱত পৰিণত হ'লে গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগ অসমবাসীয়ে দৰ্শনৰ সুযোগ লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে ।
এই সকলো পদক্ষেপৰ বাবে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয়, "মই অত্য়ন্ত সুখী । কালিৰ দিনটোৰ দৰে মোৰ সুখৰ দিন নাছিলেই । মই প্ৰশান্তি অনুভৱ কৰিছো এই কাৰণে যে মই অসম বিধানসভাৰ অধ্য়ক্ষ হৈ থাকোতে ইচ্ছা আছিল যে ব্ৰিটিছ মিউজিয়াম বা ফ্ৰান্সত থকা বৃন্দাৱনী বস্ত্ৰখন যদি কিছুদিনৰ বাবে অসমলৈ আনি ৰাইজক দেখুৱাব পাৰো । সেই ইচ্ছাৰ বাবে মই তালৈ গৈছিলো আৰু অসম চৰকাৰৰ জৰিয়তে পত্ৰ দিছিলো আৰু ভাৰত চৰকাৰৰ জৰিয়তেও আগবাঢ়িছিলো । "
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পুনৰ কয়, "কিছু জটিলতাৰ বাবে সেই কাম হৈ নুঠিল । এইটোৰ বাবে চাৰি বছৰ যুঁজ কৰিবলগীয়া হৈছিল । শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটিছ মিউজিয়ামলৈ গৈ বৃন্দাৱনী বস্ত্ৰখন দেখাৰ পিচত তেওঁ আহ্বান জনাইছিল এই বস্ত্ৰভাগি যাতে অসমৰ ৰাইজে চাব পাৰে । মুখ্য়মন্ত্ৰীৰ আহ্বানৰ প্ৰতি ব্ৰিটিছ মিউজিয়ামে সঁহাৰি জনাই পত্ৰ লিখিছে । ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্য়বাদ জ্ঞাপন কৰিছো ।"

