নগাঁও: গাত ৰেইন কোট, মূৰত এটা হেলমেট, হাতত মাত্ৰ এযোৰ গ্ল’বছ । ইয়াকে জীৱনৰ নিৰাপত্তা হিচাপে লৈ ধুমুহা-বৰষুণৰ মাজতো বিভিন্ন প্ৰান্তত কেবাটাও দল । নিশা অন্ধকাৰত কেৱল টৰ্চৰ পোহৰত কাম কৰি এটা অঞ্চল পোহৰাই তোলাৰ চেষ্টাত ব্ৰতী তেওঁলোক ।
হয়, আমি অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰীৰ কথাই কৈছোঁ । বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে । এই প্ৰতিকূল পৰিস্থিতিৰ মাজতো অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰীসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জনতাক অন্ধকাৰৰ পৰা মুক্তি দিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ।
কিন্তু কিছু সময় বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হ'লেই বিভাগটোক সমালোচনাই নহয়, বিভাগটোৰ বিৰুদ্ধে ক্ষোভিত যেন ফাটি পৰে একাংশ । সকলো সময়তেই বিভিন্নজনৰ ককৰ্থনাৰ সন্মুখীন হোৱা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে জনতাক পোহৰ দিবলৈ কি পৰ্যায়ত চেষ্টা কৰে সেয়া হয়তো কোনেও অনুভৱেই কৰিব নোৱাৰে । কিন্তু এইসকল কৰ্মচাৰীৰ নিৰলস প্ৰচেষ্টা আৰু ত্যাগৰ কথা প্ৰায়ে উপেক্ষিত হৈ ৰয় ।

প্ৰতিকূল পৰিস্থিতিত কৰ্মচাৰীৰ নিৰলস সেৱা:
বিগত দুই-তিনিদিনৰ নেৰানেপেৰা বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে সময়ত অধিকাংশ লোক ঘৰৰ ভিতৰত নিৰাপদে থাকিলেও, অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰীসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বিদ্যুৎ সেৱা প্ৰদানৰ বাবে নিৰন্তৰ কাম কৰি গৈছে । মধ্য অসমৰ নগাঁও জিলাও এই পৰিস্থিতিৰ ব্যতিক্ৰম নহয় ।

ধুমুহা আৰু বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে । ক’ৰবাত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰিছে, ক’ৰবাত গছ বাগৰি পৰি বা বিদ্যুতৰ খুঁটা উভালি পৰি সেৱা ব্যাহত হৈছে । ইয়াৰ মাজতে সক্ৰিয় হৈ থকা শক্তি বিতৰণ কোম্পানীৰ এইসকল কৰ্মচাৰীয়ে অতি দ্ৰুতগতিত বিদ্যুৎ সংযোগ প্ৰদানৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ।

নগাঁৱত বিদ্যুৎ সেৱা বিচ্ছিন্ন হোৱাৰ খবৰ পোৱাৰ লগে লগে অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰীসকল সক্ৰিয় হৈ পৰে । ধুমুহা আৰু বৰষুণৰ মাজতো তেওঁলোকে নিৰ্দিষ্ট স্থানত উপস্থিত হৈ সমস্যা সমাধানৰ কাম আৰম্ভ কৰে । বিদ্যুতৰ তাঁৰ ছিগি পৰা, খুঁটা উভালি পৰা অথবা গছ-গছনি উভালি পৰৰ ফলত সৃষ্টি হোৱা বিদ্যুৎ সমস্যাৰ সমাধানৰ বাবে তেওঁলোকে দিন-নিশাই কৰি গৈছে চেষ্টা ।
এই কৰ্মচাৰীসকলে নিজৰ জীৱনৰ কথাও যেন পাহৰি কেৱল গ্ৰাহকক অন্ধকাৰৰ পৰা দূৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । নিশাই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰীৰ এনে প্ৰচেষ্টাৰ দৃশ্য বন্দী হৈছে ই টিভি ভাৰতৰ কেমেৰাত ।

প্ৰতিকূল পৰিস্থিতিত বিচ্ছিন্ন হৈ থকা বিদ্যুৎ পুনৰসংযোগৰ চেষ্টা কৰোঁতে বিভিন্ন সময়ত বিদ্যুৎ কৰ্মচাৰী মৃত্যুমুখত পৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয় । এনে প্ৰতিকূল পৰিস্থিতিত অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰীসকলে যি নিষ্ঠা আৰু সাহসৰে কাম কৰি যায় তালৈ চাই বিদ্যুৎ ব্যাহত হ'লে বিভাগক খবৰ দিয়াৰ লগতে কিছু ধৈৰ্য ধৰিবলৈয়ো ৰাইজক আহ্বান জনাই বিভাগটোৰ বিষয়াই ।
লগতে এনে পৰিস্থিতিত জনতাক ধৈৰ্য ধৰি বিভাগটোৰ সৈতে সহযোগিতা কৰিলে বিদ্যুৎ সেৱা পুনৰুদ্ধাৰৰ কাম অধিক সোনকালে সম্পন্ন হ’ব বুলিও উল্লেখ কৰে বিভাগটোৰ বিষয়াৰ লগতে অভিযন্তাই । বৰষুণৰ মাজতো নিশা বিভাগটোৰ মহিলা অভিযন্তাও কৰ্তব্য পালনত ব্যস্ত থকা পৰিলক্ষিত হয় । দিনে-নিশাই বিদ্যুৎ কৰ্মচাৰীয়ে বিদ্যুৎ সেৱা প্ৰদানৰ বাবে কৰা প্ৰচেষ্টাৰ তদাৰক কৰিবলৈ খোদ বিভাগটোৰ বিষয়া, অভিযন্তাও উপস্থিত থাকে প্ৰতিটো স্থানত ।

ধুমুহা, বৰষুণৰ মাজতে বিদ্যুৎ যোগানৰ বাবে সেৱা প্ৰদান কৰা নগাঁৱৰ এগৰাকী বিদ্যুৎ কৰ্মচাৰী ৰাজু কাকতিয়ে ই টিভি ভাৰতৰ আগত কয়, “ধুমুহা-বৰষুণৰ মাজত ঘৰৰ বাহিৰলৈ ওলাই আহি কাম কৰাটো আমাৰ বাবেও বিপদমুক্ত নহয়, কিন্তু জনসাধাৰণক বিদ্যুৎ সেৱা প্ৰদান কৰাই আমাৰ মূল লক্ষ্য । সেয়ে আমিও নিজৰ কথা চিন্তা নকৰি প্ৰতিকূল বতৰৰ মাজতো ওলাই আহি বিচ্ছিন্ন হৈ পৰা বিদ্যুৎ সংযোগৰ চেষ্টা কৰি আহিছোঁ ।”
অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰীসকলৰ নিৰলস প্ৰচেষ্টা আৰু ত্যাগৰ ফলত অসমৰ জনতাই এই প্ৰতিকূল পৰিস্থিতিতো বিদ্যুৎ সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁলোকৰ এই নিষ্ঠা আৰু সাহসৰ এখন বাস্তৱ ছবি ই টিভি ভাৰতৰ জৰিয়তে দাঙি ধৰাৰ প্ৰয়াস কৰা হ'ল ।