ETV Bharat / state

PRC ক লৈ পয়মাল ! চৰকাৰৰ অনুমতিবিহীন নিৰ্দেশনা দি পুনৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল উচ্চ শিক্ষা সঞ্চালকালয় - Ranoj Pegu on DHE order

Directorate of higher education: অৱশেষত প্ৰত্যাহাৰ হ’ল উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা বিতৰ্কিত নিৰ্দেশনা ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰত্যাহাৰৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰে উচ্চ শিক্ষা সঞ্চালকালয়ে ৷ এনে ধৰণৰ বিজ্ঞপ্তি তথা নিৰ্দেশনা কেৱল চৰকাৰেহে জাৰি কৰিব পাৰে বুলি সঞ্চালকালয়ৰ ভূমিকাক সমালোচনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

Directorate of higher education
উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰাৰ নিৰ্দেশনা প্ৰত্যাহাৰৰ নিৰ্দেশ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : July 10, 2024 at 12:15 PM IST

|

Updated : July 10, 2024 at 2:50 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী, 10 জুলাই: ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ শিক্ষা বিভাগৰ চাকৰিত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নালাগে বুলি দিয়া বিতৰ্কিত নিৰ্দেশনাক লৈ ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু । অৱশেষত বাতিল কৰা হ'ল অসম বিৰোধী সিদ্ধান্ত । উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ।

Directorate of higher education
উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰাৰ নিৰ্দেশনা পত্ৰ (ETV Bharat)

অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনৰ চাকৰিৰ বাবে পি আৰ চি অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্র বাধ্যতামূলক নহয় বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালক সুমিত্ৰা দেৱে জাৰি কৰা নিৰ্দেশনা অৱশেষত প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিলে শিক্ষামন্ত্রীয়ে । এই নিৰ্দেশৰ পাচতেই উচ্চ শিক্ষা সঞ্চালকালয়ে উক্ত বিতৰ্কিত জাননীখন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশনাৰ পাচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছিল । অৱশেষত আজি শিক্ষামন্ত্রীয়ে এই সন্দৰ্ভত সামাজিক মাধ্য্​যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উক্ত নিৰ্দেশনা প্ৰত্যাহাৰৰ নিৰ্দেশ দিয়ে । চৰকাৰৰ অনুমতি অবিহনেই উক্ত জাননী জাৰি কৰা হৈছিল বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নিজৰ প্ৰতিক্ৰিয়াত সদৰী কৰে ।

সামাজিক মাধ্যম X যোগে শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে— “চৰকাৰৰ অনুমোদন অবিহনে উচ্চ শিক্ষা সঞ্চালকে জাৰি কৰিছে স্থায়ী আৱাসিক প্ৰমাণপত্ৰ (পি আৰ চি) সম্পৰ্কীয় জাননী । ডি এইচ ইক শীঘ্ৰে জাননী প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।”

মন কৰিবলগীয়া যে ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুমিত্ৰা দেৱে যোৱা ৪ জুলাইৰ দিনা এক পত্ৰযোগে পি আৰ চি অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্র নোহোৱাকৈ অসমৰ উচ্চ শিক্ষাৰ চাকৰিত আবেদন কৰিব পৰা যাব বুলি নিৰ্দেশনা দিছিল । উচ্ছ শিক্ষা বিভাগৰ এই সিদ্ধান্তই স্বাভাৱিকতে সকলোকে ক্ষোভিত কৰি তোলে ৷

অসম চৰকাৰৰ এই সিদ্ধান্তই শিক্ষা বিভাগত অসমৰ বাহিৰৰ প্ৰাৰ্থীৰ চাকৰিত নিযুক্তিৰ বাবে ৰঙা দলিচা পাৰি দিয়াৰ বুলি কঠোৰ সমালোচনাৰ সন্মুখীন হয় ৰাজ্য চৰকাৰ । অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালক সুমিত্ৰা দেৱে জাৰি কৰা এই নিৰ্দেশনা অনুসৰি মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, লাইব্ৰেৰিয়ান, তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ নিযুক্তিৰ সময়ত পি আৰ চি তথা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্রৰ কোন প্ৰয়োজন নহ’লহেঁতেন । অৱশেষত শিক্ষামন্ত্রীয়ে উক্ত নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে ।

মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া

ইফালে, এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এই কথা ঘোষণা কৰাৰ কিছু সময়ৰ পিচতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে পিআৰচিৰ এনে সিদ্ধান্ত কেৱল চৰকাৰেহে ল’ব পাৰে । কোনো কাৰণতে সঞ্চালকালয়ে এনে নিৰ্দেশনা দিব নোৱাৰে । মুখ্যমন্ত্রীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ে কিহৰ ভিত্তিত আৰু কৰ্তৃত্বত উক্ত নিৰ্দেশনা জাৰি কৰিছে সেই বিষয়ে অধিক অনুসন্ধান কৰাৰ বাবে শিক্ষামন্ত্রীৰ প্ৰতি আহ্বান জনায় ।

নিজৰ X একাউণ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুক উল্লেখ কৰি লিখিছে- “উচ্চ শিক্ষা কৰ্তৃপক্ষই কি কৰ্তৃত্বৰ ভিত্তিত এই নিৰ্দেশনা জাৰি কৰিলে সেই বিষয়ে অধিক তদন্ত কৰক । এনে এখন জাননী চৰকাৰেহে জাৰি কৰিব পাৰে, সঞ্চালকালয়ৰ দ্বাৰা নহয় ।’’

লগতে পঢ়ক: মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি : শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বাৰ্তা - fee waiver funds to colleges

বহিৰাগতলৈ ৰঙা দলিচা ! নিযুক্তিৰ ক্ষেত্ৰত প্ৰয়োজন নহ’ব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ - DIRECTORATE OF HIGHER EDUCATION

16 বছৰৰ তলৰ শিক্ষাৰ্থীক কৰিব নোৱাৰিব টিউশ্যন: বন্ধ হোৱাৰ দিশে 40 হাজাৰোধিক টিউশ্যন কেন্দ্ৰ - BAN ON COACHING UNDER 16 YEAR CHILD

Last Updated : July 10, 2024 at 2:50 PM IST