ধেমাজি: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শুক্ৰবাৰে ঘোষণা কৰা হ'ল । এইবাৰৰ ফলাফল যোৱা বছৰৰ তুলনাত নিম্নগামী হৈছে । এই কথা স্বয়ং শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্বীকাৰ কৰিছে ৷ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা এই পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ হোৱাৰ পিছতেই মন্তব্য় কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে ।
এই ফলাফলত উজলি উঠিবলৈ সক্ষম হোৱা জিলাকেইখন হৈছে প্ৰথম শিৱসাগৰ, দ্বিতীয় ডিব্ৰুগড় আৰু তৃতীয় ধেমাজি ৷ ফলাফল সম্পৰ্কত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, "২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে । এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ ৷ এই ফলাফলত জিলা হিচাপে শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, যোৰহাট, নলবাৰীয়ে উন্নত ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে ৷"
তেওঁ লগতে কয়, "শেষৰফালে আছে শ্ৰীভূমি, কাছাৰ, ধুবুৰী আৰু গোৱালপাৰা ৷ এইকেইখন জিলাৰ উত্তীৰ্ণৰ হাৰ গড়তকৈ তলত আছে ৷ তিনিগৰাকীয়ে প্ৰথম তিনিটা স্থান লাভ কৰিছে ৷ মই সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছো আৰু যিসকলে কৃতকাৰ্য হ’ব পৰা নাই সেইসকললৈ আহ্বান জনাও যে দ্বিতীয়বাৰৰ বাবে সফলতা অৰ্জনৰ বাবে তেওঁলোকে চেষ্টা কৰক ৷ অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ লগত সহযোগিতা কৰিব ৷"
ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু কয়, "যোৱা বছৰ যেনেকৈ ভাল হৈছিল তাৰ তুলনাত উত্তীৰ্ণৰ শতকৰা হাৰ নিম্নগামী হৈছে ৷ নিম্নগামী হোৱাৰ ক্ষেত্ৰত অসমৰ কিছুমান বিশেষ জিলা আছে ৷ তাত আমাৰ ফলাফল বেয়া হৈছে ৷ তদুপৰি আমি যদি জাতিগত বা সম্প্ৰদায় হিচাপে চাও এইক্ষেত্ৰত দেখা পাম যে আমাৰ চাহ জনজাতীয় অঞ্চল, অনুসূচিত জাতিৰ অঞ্চলত তেওঁলোকৰ ফলাফল গড় হিচাপে কম ৷ চাহ বাগিচা অঞ্চল শিক্ষাত পিছপৰা ৷ সেই কাৰণে তাত শিক্ষাক আগুৱাই নিয়াৰ কাৰণে এলানি পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু চাহ বাগিচা আদৰ্শ বিদ্য়ালয় প্ৰতিষ্ঠা কৰিছো ৷"