প্ৰয়োজন অনুসৰি শিক্ষক নিযুক্তিকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে : ডাঃ ৰণোজ পেগু - Ranoj Pegu in orientation program
Orientation program in Assam down town University: অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অভিমুখীকৰণ অনুষ্ঠানত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ জ্ঞানভিত্তিক সাধাৰণ শিক্ষাৰ লগতে দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বিশ্ববিদ্যালয়সমূহলৈ আহ্বান পেগুৰ ৷

Published : August 10, 2024 at 7:09 AM IST
গুৱাহাটী, 10 আগষ্ট: মহানগৰীৰ পানীখাইতিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত শুকুৰবাৰে এক অনুষ্ঠিত হয় এক অভিমুখীকৰণ অনুষ্ঠানৰ । অসম ডাউন টাউন বিশ্ববিদ্যালয়, কে-ব্লক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । উক্ত অনুষ্ঠানত অসমৰ বিশিষ্ট প্ৰভাৱশালী আৰু উদ্যোগীসকলৰ সৈতে পেনেল আলোচনা অনুষ্ঠিত হয় ।
মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকি ডাঃ ৰণোজ পেগুৱে কয়, "শিক্ষিত যুৱক-যুৱতীসকলে কেৱল চাকৰি বিচৰাৰ প্ৰৱণতাৰে শিক্ষাগ্ৰহণ কৰাৰ সলনি নিযুক্তি প্ৰদান কৰিব পৰা ব্যক্তি হিচাপে নিজকে গঢ় দিবৰ কাৰণে সকলো যুৱ শক্তিয়ে প্ৰচেষ্টা চলাব লাগে । শিক্ষানুষ্ঠানসমূহেও এই বিষয়ত যথেষ্ট গুৰুত্ব আৰোপ কৰা উচিত । জ্ঞানভিত্তিক সাধাৰণ শিক্ষাৰ লগতে দক্ষতা কেনেদৰে সমন্বিত কৰিব পাৰো তাৰ কাৰণে বিশ্ববিদ্যালয়, উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহক চিন্তা-চৰ্চা গৱেষণা কৰা উচিত ।"
ইপিনে শিক্ষক নিযুক্তি সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, "শিক্ষা সেতু এপ হোৱাৰ পিচৰে পৰা ফিল্ডৰ পৰা বিভিন্ন তথ্য আমালৈ আহিছে । সেই তথ্য অনুসৰি বৰ্তমান হাইস্কুলত গণিত শিক্ষকৰ অভাৱ আছে । বিষয় হিচাপতো কোন কোনো বিষয়ৰ শিক্ষকৰ সংখ্যা কম আছে । সেই প্ৰয়োজনীয়তাখিনি গণনা কৰি উলিয়াই প্ৰয়োজনভিত্তিত যাতে শিক্ষক নিযুক্তি দিব পাৰি তাৰ ব্যৱস্থা কৰি আছো ।"
আনহাতে মূল্যবৃদ্ধি সন্দৰ্ভত সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধি আৰু আলুৰ নাটনিক লৈ চৰকাৰ উদ্বিগ্ন বুলি উল্লেখ কৰাৰ লগতে খাদ্য বিভাগে এই ক্ষেত্ৰত কাম কৰি আছে বুলি জনায় । অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ এন চি তালুকদাৰৰ উপৰিও আমন্ত্ৰিত অতিথি হিচাপে শাৰদ বিবেক সাগৰ আৰু আৰ জি জৈনে অংশগ্ৰহণ কৰে ।

