ETV Bharat / state

শক্তিপীঠত ধনৰ ইহাত-সিহাত ! কামাখ্যা মন্দিৰত দলে-বলে সোমাল ই ডি

কামাখ্যা মন্দিৰত ই ডিৰ অভিযান । অভিযান চলিল ৰিজু প্ৰসাদ শৰ্মা, প্ৰয়াত ধীৰাজ শৰ্মা, প্ৰয়াত নৱকান্ত শৰ্মাৰ বাসগৃহত ।

ED raids in Kamakhya temple in connection with Devottar Board scam
কামাখ্যা মন্দিৰত ইডিৰ অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2025 at 10:14 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰত চলিল ই ডিৰ অভিযান । কামাখ্যা মন্দিৰৰ দেৱোত্তৰ ব’ৰ্ডৰ দ্বাৰা হোৱা কেলেংকাৰী সন্দৰ্ভত কামাখ্যা ধামত থকা বোৰ্ডৰ তদনীন্তন কেইবাগৰাকীও বিষয়ববীয়াৰ বাসগৃহত অভিযান চলালে ই ডিয়ে । বুধবাৰে দিনজোৰা অভিযান চলোৱাৰ পিছত বৃহস্পতিবাৰে সংবাদ মাধ্যমক এই তথ্য সদৰী কৰে ই ডিয়ে ।

কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ কেলেংকাৰী সন্দৰ্ভত পূৰ্বৰ বোৰ্ডৰ বিষয়ববীয়া ৰিজু প্ৰসাদ শৰ্মা, প্ৰয়াত ধীৰাজ শৰ্মা, প্ৰয়াত নৱকান্ত শৰ্মাৰ বাসগৃহত ই ডিয়ে এই অভিযান চলায় । এক বিবৃতিযোগে ই ডিৰ তৰফৰ পৰা জনোৱা হৈছে যে ই ডিৰ গুৱাহাটী জ’নেল কাৰ্যালয়ে ’মা কামাখ্যা মন্দিৰ’ পৰিচালনাৰ সৈতে একালত জড়িত 'কামাখ্যা দেবোত্তৰ ব'ৰ্ড'ৰ বিষয়ববীয়াৰ বিৰুদ্ধ ধন সৰবৰাহ প্ৰতিৰোধ আইন (পি এম এল এ), ২০০২ৰ বিধানৰ অধীনত বুধবাৰে তালাচী অভিযান চলায় ।

ED raids in Kamakhya temple in connection with Devottar Board scam
ই ডিৰ প্ৰেছ বিজ্ঞপ্তি (ETV Bharat Assam)

বৰ্তমান বিলুপ্ত হোৱা কামাখ্যা দেবোত্তৰ বোৰ্ডৰ বিষয়ববীয়াসকলে ৭.৬২ কোটি টকা অপব্যৱহাৰ কৰাৰ অভিযোগত ই ডিয়ে এইসকল বিষয়ববীয়াৰ বাসগৃহত এই অভিযান চলায় । ২০০৩ চনৰ পৰা ২০১৯ লৈ বোৰ্ডৰ অভিযুক্ত বিষয়ববীয়াসকলে এই বিশাল ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ আছে ।

উল্লেখ্য যে গুৱাহাটীৰ চি আই ডিয়ে আইপিচি, ১৮৬০ৰ বিভিন্ন ধাৰাত ৰুজু কৰা গোচৰৰ ভিত্তিত ই ডিয়ে তদন্ত আৰম্ভ কৰিছিল । ই ডিয়ে সদৰী কৰা অনুসৰি 'কামাখ্যা দেবোত্তৰ ব'ৰ্ড'ৰ বিষয়ববীয়াসকলৰ বিৰুদ্ধে অবৈধ ধন হস্তান্তৰ কৰা আৰু তেওঁলোকৰ ব্যক্তিগত লাভালাভৰ বাবে বিষয়াববীয়াসকলে নিজা মালিকানাধীন একাউণ্টলৈ প্ৰায় ৭.৬২ কোটি টকাৰ লেনদেন কৰাৰ তথ্য পোৱাৰ ভিত্তিত এই অভিযান চলোৱা হয় । মা কামাখ্যা মন্দিৰৰ ধন আত্মসাৎ কৰিবলৈ এই প্ৰাক্তন বিষয়ববীয়াসকলে বৈদ্যুতিক সামগ্ৰী, চিমেণ্ট, চাফাই কৰ্ম, ৰাসায়নিক পদাৰ্থ, মানৱ সম্পদ আৰু অন্যান্য সেৱাৰ সামগ্ৰী যোগানৰ বাবে ধনৰ লেনদেন কৰা বুলি দেখুৱাইছিল ।

পিছত এই ধন বিষয়ববীয়াসকলৰ মালিকানাধীন একাউণ্টলৈ হয় হস্তান্তৰ কৰা হৈছিল নাইবা নগদ ধনেৰে উলিয়াই লোৱা হৈছিল । বিষয়াববীয়াসকলে চাতুৰ্যতাৰে দাখিল কৰা বিলৰ মূল্য ৫০ হাজাৰ টকাৰ তলত ৰাখি একাধিক বিলৰ যোগেদি ধনৰ লেনদেন কৰিছিল । যাতে কামৰূপৰ উপায়ুক্তৰ অনুমতি অবিহনে বৃহৎ পৰিমাণৰ খৰচত বাধা থকা আদালতৰ নিৰ্দেশনা মানি চলিব পাৰে । ই ডিৰ এই অভিযানত কামাখ্যা দেবোত্তৰ ব’ৰ্ডৰ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নামত উলিওৱা ১.৮২ কোটি টকাৰ বীমা পলিচি জব্দ কৰা হয় ।

তদুপৰি কামাখ্যা দেবোত্তৰ বোৰ্ডৰ অভিযুক্ত বিষয়ববীয়া আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ স্থাৱৰ সম্পত্তি আৰু ব্যৱসায়িক কৰ্মৰ সৈতে জড়িত ভালেমান নথি-পত্ৰও জব্দ কৰে ই ডিয়ে । ইয়াৰ উপৰিও তালাচীৰ সময়ত এই লেনদেনৰ লগত জড়িত বোৰ্ডৰ সদস্য আৰু আত্মীয়ৰ নামত থকা ২৭ টাতকৈও অধিক বেংক একাউণ্টৰ কথা পোহৰলৈ আহিছে ।

লগতে পঢ়ক: বৰঝাৰ বিমানবন্দৰত ১৮ খন বিমানৰ উৰণ-অৱতৰণৰ সময় সালসলনি - GUWAHATI AIRPORT FLIGHT STATUS

আমেৰিকাৰ চিনেটৰ নেতৃত্ব ল'লে এগৰাকী অসমকন্যাই - ASSAM GIRL ARGHA GOSWAMI