নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ তিনি বছৰ পিচতো মুকলি নহ'ল ১৯ কোটি টকীয়া ইক’ ৰিজৰ্ট
২০১৮ চনতে আধাৰশিলা স্থাপন কৰা এটা প্ৰকল্প । কাৰ বাবে ঘন জংঘলেৰে আৱৰি ধৰিছে ইক’ ৰিজৰ্ট ?

Published : February 24, 2025 at 1:30 PM IST
তিনিচুকীয়া : ১৯ কোটি টকাৰে নিৰ্মাণ কৰা এটা প্ৰকল্প সম্পূৰ্ণ হোৱাৰ তিনি বছৰ পিচতো নহ'ল মুকলি ৷ ক’ত আৰু কি প্ৰকল্প নিৰ্মাণ কৰিছিল বৃহৎ পুঁজিৰে ? ১৯ কোটি চৰকাৰী ধন কি কাৰণত ব্যয় কৰিছিল জানেনে ? এই সন্দৰ্ভত ৰাইজে প্ৰকাশ কৰিছে ক্ষোভ ।
তিনিচুকীয়া জিলাৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি বিলক পৰ্যটনৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ২০১৮ চনতে আধাৰশিলা স্থাপন কৰা এটা প্ৰকল্প বৰ্তমান অন্ধকাৰৰ দিশে গতি কৰিছে । ফলত এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় সচেতন লোকসকল । ২০১৮ চনৰ ২ জানুৱাৰীত নতুন ৰঙ্গাগড়া গাঁৱত মাগুৰি বিলৰ পাৰত স্বদেশ দৰ্শন আঁচনিৰ ১৯ কোটি টকা ব্যয় সাপেক্ষে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ পৰ্যটন বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এক অনুষ্ঠানৰ জৰিয়তে মাগুৰি বিলৰ নিচেই কাষতে এখন ইক’ ৰিজৰ্টৰ আধাৰশিলা স্থাপন কৰিছিল ।
ঔঁম কনষ্ট্ৰাকশ্বন নামৰ এটা প্ৰতিষ্ঠানে ইক’ ৰিজৰ্টখন নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পাছতে ২০২২ চনতে প্ৰায় সম্পূৰ্ণ কৰে । কিন্তু পৰ্যটনৰ ক্ষেত্ৰখনত যথেষ্ট সম্ভাৱনা থকা স্থানত নিৰ্মাণ কৰা ইক’ ৰিজৰ্টখন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতো আজিপৰ্যন্ত মুকলি নকৰাত এতিয়া অন্ধকাৰৰ দিশে গতি কৰিছে । লোহাৰে নিৰ্মিত স্থানত মামৰে ধৰাৰ লগতে চৌহদত ভৰি পৰিছে ঘন জংঘলেৰে । চৰকাৰৰ বৃহৎ ধন অপচয় হোৱাৰ দিশত গতি কৰাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় সচেতন লোকসকলে ।
ৰিজৰ্টখন মুকলি কৰিবলৈ আহ্বান :
এইসন্দৰ্ভত স্থানীয় যুৱক তথা নতুন ৰঙ্গাগড়া মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা সত্য বৰগোহাঁই কয়, “শাসকীয় চৰকাৰখনে যেতিয়া ২০১৮ চনৰ ২ জানুৱাৰীত এক অনুষ্ঠান আয়োজন কৰি সৰ্বানন্দ সোণোৱালে তদানীন্তন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ প্ৰদান বৰুৱা, বিধায়কদ্বয় ক্ৰমে বিনোদ হাজৰিকা, বলিন চেতিয়াৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰিছিল । আমি ভাবিছিলো গাঁৱৰ বহু নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব, গাঁৱখন পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই যাব । কিন্তু এতিয়া সকলো ধন অপচয়ৰ দিশে গতি কৰিছে । ইক’ ৰিজৰ্টখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতো মুকলি নকৰাত আমি ২০২৪ চনত তিনিচুকীয়াৰ কনভেনচন চেণ্টাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নতুন ৰঙ্গাগড়া মিলনজ্যোতি যুৱ সংঘই এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে লগে লগেই তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালক বিহিত ব্যৱস্থা গ্ৰহণ কৰি মুকলি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । কিন্তু আজি পৰ্যন্ত সেয়া মুকলি নহ’ল । গতিকে আমি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো যাতে অতিসোনকালে সকলো সমস্যা সমাধান কৰি ৰিজৰ্টখন মুকলি কৰি দিয়ক ।”

চৌহদ ঘন জংঘলেৰে আৱৰিছে :
তেওঁ পুনৰ কয় ,“ ইক’ ৰিজৰ্টখনত এতিয়া লোহাত মামৰে ধৰাৰ লগতে চৌহদত ঘন জংঘলেৰে আৱৰি ধৰি প্ৰকল্পটো ধ্বংসৰ দিশে গতি কৰিছে, নষ্ট হৈছে চৰকাৰী ধনৰ ৷ গতিকে মুখ্যমন্ত্ৰীগৰাকীক এইক্ষেত্ৰত হস্তক্ষেপ কৰি অতি সোনকালে ৰিজৰ্টখনৰ যাৱতীয় কাম সম্পূৰ্ণ কৰি মুকলি কৰিবলৈ আহ্বান জনাইছো । লগতে ৰিজৰ্টখনৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলে কৰ্ম সংস্থাপন লাভ কৰাৰ ক্ষেত্ৰত অঞ্চলটোত পৰ্যটনৰ দিশত আগুৱাই লৈ যোৱাৰ বাবে সকলো পক্ষকে আহ্বান জনাইছো ।"

