ETV Bharat / state

ভূমিকম্পত বিস্তৰ ক্ষতি; আই চি ইউত নাৰ্চে দেখুৱালে দায়িত্ববোধ

ৰাজ্যত ভূমিকম্পৰ ভয়ংকৰ জোকাৰণি। চিৰাল ফাট কেবাটাও ঘৰৰ দেৱালত। ভাঙি পৰিল নুৰুল আমিন ষ্টেডিয়ামৰ চিলিং। আতংকৰ মাজতে চিকিৎসালয়ৰ ICUত নৱজাতকৰ শুশ্ৰূষাত ব্যস্ত স্বাস্থ্য কৰ্মী।

Earthquake of magnitude 5.8 jolts Assam, Damages Homes, Residents Rush to Safety
প্ৰতিকী ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : September 14, 2025 at 11:26 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও/ গুৱাহাটী : দেওবাৰে বিয়লি ৪.৪১ মিনিটত হোৱা এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল মধ্য অসমৰ নগাঁৱকো । ভয়ংকৰ ভূমিকম্পৰ ফলত নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয় ।

ভূমিকম্পৰ ফলত নগাঁও চহৰৰ মাজমজিয়াত থকা নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ ইণ্ড'ৰ ষ্টেডিয়ামৰ চিলিং ভাঙি পৰে । অৱশ্যে দেওবাৰে বিয়লি ভাগত ষ্টেডিয়ামৰ ভিতৰত খেলৰ কোনো অনুশীলন হোৱা নাছিল । যাৰ ফলত কোনো লোক হতাহতি হোৱা নাই । খবৰ পোৱা মতে, নগাঁও চহৰৰে আন কেবাটাও বাসগৃহৰ দেৱালত ফাট মেলিছে ।

ভূমিকম্পৰ ভয়ংকৰ জোকাৰণি (ETV Bharat Assam)

আনহাতে, ভূমিকম্পৰ জোকাৰণিৰ আতংকৰ মাজতে নগাঁৱত আন এক দৃশ্যই আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি । নগাঁৱৰ আদিত্য নামৰ এখন ব্যক্তিগত নাৰ্ছিং হোমৰ আই চি ইউত আছিল কেবাটাও নৱজাতক । এনে সময়তে ভূমিকম্পৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

অৱশ্যে সেই আতংকৰ মাজতে নিজৰ দায়িত্ববোধ দেখুৱালে নাৰ্ছিং হোমখনৰ স্বাস্থ্য কৰ্মীয়ে । আই চি ইউত কৰ্তব্য পালন কৰা নাৰ্চে নিজৰ জীৱনৰ কথা নাভাবি আই চি ইউ কক্ষত ভৰ্ত্তি হৈ থকা নৱজাতককৰ শুশ্ৰূষাত ব্যস্ত হৈ পৰে ।

ইয়াৰোপৰি জিলাখনৰ জুৰীয়াৰো কেবাটাও ঘৰ, দোকানৰ দেৱালত ফাট মেলাৰ খবৰ পোৱা গৈছে । জুৰীয়াৰ দগাঁও ব্লক মাৰ্কেটৰ এখন দোকানত ব্যৱসায় চলি থকাৰ সময়তেই অহা ভূমিকম্পই আতংকিত কৰিলে ব্যৱসায়ীগৰাকীৰ লগতে গ্ৰাহককো ।

ভূমিকম্পৰ ফলত দোকানখনৰ দেৱাল ফাটি প্ৰায় দুফাল হৈ পৰে । দোকান ঘৰৰ দেৱালত বৃহৎ ফাট মেলাত প্ৰাণৰ ভয়ত দোকানৰ ভিতৰৰ পৰা কোনো মতে বাহিৰলৈ ওলাবলৈ সক্ষম হয় দোকানীজন ।

ইফালে দেওবাৰে বিয়লি ৪.৪১ বজাত অহা ৫.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত গুৱাহাটীৰ ফাঁচী বজাৰত হালি পৰে এটা সু-উচ্চ অট্টালিকা । সু-উচ্চ অট্টালিকাটোৰ এই অৱস্থা দেখি চিন্তিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ।

লগতে পঢ়ক : তিনিটাকৈ ভূমিকম্পই জোকাৰিলে ৰাজ্য, ৰাইজৰ মাজত আতংক